কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?
কৃত্ৰিম বানপানী ৰোধকৰাৰ বাবে কাম কৰাৰ এইয়া উপযুক্ত সময় । তাৰবাবে চৰকাৰে পৰিকল্পনা কৰি কামত হাত দিব লাগিছিল । কৰিব লগা কামৰ ভিতৰত মুখ্যতঃ :-
* বৰ্তমান থকা নৰ্দমা সমূহৰ পৰিস্কাৰ কৰণৰ কাম । নিৰ্মান হোৱা নৰ্দমাৰ ভিতৰত ৰৈ যোৱা বস্তা , পিচত আমি পেলোৱা পলিথিনত আবদ্ধ ময়লা, বটল-টিং আদি ।
* প্ৰতি ঘৰৰপৰা পকীনলাৰে মূলনলালৈ পানী অহাৰ বাধ্যতামূলক ব্যৱস্থা কৰা । সেই কামৰ তদাৰক কৰাটো গৃহ নিৰ্মাণ অনুমতি দিয়া বিভাগ বোৰৰ । কিন্তু তেওঁলোকে সেই কাম নকৰে । সেইটো নিশ্চিত নহ'লে অন্য সুবিধাৰ পৰা বঞ্চিত কৰিবৰ আইনগত ব্যৱস্থা হওঁক ।
* যতেই নিৰ্মাণৰ অনুমতি দিয়া হয় তাত নিৰ্মাণ কৰিবলৈ লোৱা গৃহৰ কেউফালে এৰিব লগা জোখৰ মাটি এৰাটো নিশ্চিত কৰিব লাগে । অনুমতি সমূহৰ তেতিয়াহে অৰ্থ থাকে । এতিয়া বহু ঠাইত সীমা দেৱালত ঘৰৰ বা গেৰেজৰ দেৱাল হৈ আছে । তেনে সকলৰ বৰষুণৰ পানী ক'লৈ যাব ? সেইবোৰ কোনে চাব ? বহু দ্ৰইং এনে আহে যিবোৰ স্বাক্ষৰ কৰা technical person এ সেই ভূমি দেখি পোৱাই নাই বা সঠিক আকাৰো নেজানে । এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা ।
* ঘৰৰ ভেটিৰ উচ্চতা পথৰ উচ্চতাৰ পৰা ২.৫ ফুট হ'ব পাৰে । তাৰ বাবে প্ৰতি এলাকাত G.L /RL -ৰ একোটা স্থায়ী POST পুতিব লাগে । তাৰ ওপৰত ভিত্তি কৰি ঘৰৰ ভেটিৰ উচ্চতা হওঁক । চোতালৰ উচ্চতাও সেইদৰে GL ৰ নিৰ্দ্ধাৰিত সীমাৰ ওপৰত হ'বলৈ দিয়া অনুচিৎ । তেনে হোৱাৰ ফলত পথ বোৰে চৰিয়াৰ আকৃতি লৈছে ।
* নগৰ খনৰ কোন দিশৰ পৰা ঢালু হৈ প্ৰাকৃতিক জান আদিৰে পানী ওলাই যাব তাৰ জৰিপ হওঁক । প্ৰাকৃতিক পানী ওলাই যোৱাৰ ব্যৱস্থা বোৰ বেদখল মুক্ত কৰাওঁক ।
* পলিথিনৰ ব্যৱহাৰ বন্ধ কৰাটো বিভাগ বোৰৰ উপাৰ্জনৰ উৎস নহৈ সেই নিষেধাজ্ঞাবোৰ কঠোৰ ভাবে বলবৎ কৰাৰ নিয়ম হওঁক ।

Sir apunar kotha keita hosakoie oti guruttopurna.
ReplyDeleteAnakauo behoiiii Booor aaaaar Uparat diiiiiii thakibbbaaaaaa thanks for this
ReplyDelete