এয়া ৰাইজৰ সক্ৰিয় ভূমিকাৰ ফল

এয়া আজিৰ  ৰাইজৰ সক্ৰিয় ভূমিকাৰ ফল , দেশৰ প্ৰতি দায়িত্ব বোধ আৰু জন সচেতনতাৰ প্ৰকাশ । এই কাম মেডিয়া বা আন তেনে প্ৰহৰীয়ে কেতিয়াও নকৰে । তেওঁলোকে  কেৱল দামদৰ কৰিব । পিছে  ৰাইজৰ সচেতনতা যিমানেই বাঢ়িব , সিমানেই চৰকাৰৰ স্বচ্চতা বৃদ্ধি হ'ব । বাধ্য হ'ব চৰকাৰ ।

ক'লা টকাৰ পাহাৰ গঢ়া সকলৰ এটা কথাৰ অনুভৱ নাছিল বা বোধহয় এতিয়াও হোৱা নাই । তেওঁলোকৰ শ্ৰম কৰাৰ ক্ষমতা নাই । আছে তেওঁলোকৰ শোষণ কৰাৰ ক্ষমতা । সেই শোষণ কাক কৰে ? তেওঁৰ চৌপাশে তেওঁৰ শুশ্ৰষা কৰা সকলৰ দৰে লোকক যাৰ সংখ্যা পূৰ্বৰ চৰকাৰৰ নেতা সকলৰ হিচাপত ৬০% । তেনে ? তেওঁৰ চৌপাশৰ সেই ৬০% লোকে দেশ গঢ়ো বুলি ভাবিলে নিস্তাৰ পাব নে ?

মোক এজনে ২০০৫ - ২০০৮ চনত মোৰ তিনিটা বছৰৰ অশেষ  শ্ৰমৰ মূল্য নিদিলে । সোধাত ক'লে যে  তেওঁৰ তাত থকা  অন্য ব্যৱসায়ত raid এটা পৰাৰ বাবে বোলে ৪.৫ লাখ গ'ল । সেই বাবেই নিদিলে । ধন নাই হেনো সেয়ে !!!!  এই যে মোৰ প্ৰাপ্য  নিদিলে , তাত মোৰ পৰিয়ালৰ প্ৰতি সদস্যৰ অসীম ত্যাগ আৰু কষ্ট সোমাই আছিল । কাৰণ মই সেই কাম কৰিবলৈ যাওতে তিনিটা বছৰ মোৰ সন্তান , পৰিয়াল কাকো সময় বা সুবিধা একো দিব নোৱাৰিলোঁ । মোৰ দৰে মানুহ অনেক আছে ,  যি এই তেজখোৱা হঁতৰ শত্ৰু হৈছে আজি । মই কেৱল মোৰ কথা কোৱা নাই , সমাজত চলি থকা সমস্যাৰ কথাবোৰ কৈছোঁ । ডাঙৰ, ডাঙৰ  (!) মানুহৰ কথাবোৰ ।

এজন M.Com পাছ ল'ৰা আছিল মোৰ লগতে । তেওঁক দৰমহা দিয়ে ২৫০০ টকা । ব্যৱসায়িক কামত ঘুৰিবলৈ এখন scooter ও দিলে । তেলৰ পইচা নিদিয়ে । মোবাইল এটা দিলে কিন্তু নিজৰ পকেটৰ খৰচত তেওঁ লোকৰ ব্যৱসায়িক ফোন কৰিব !! খুজিলে কয় "তুমি ভিখাৰী নেকি ? " হাঃ হাঃ হা , এইবোৰ ডাঙৰ (!) মানুহৰ লক্ষণ !!!!!

হে ক'লা ধনৰ গৰাকী সকল, মনত ৰাখিবা যে তোমালোকৰ সমস্ত হেৰা ফেৰিৰ কামবোৰ শ্ৰমজীৱি সকলৰ যোগেদিহে কৰোৱা । তেওঁলোকে মুখ খুলিলে তোমালোকৰ নিস্তাৰ নাই । তোমালোকৰ মেদ বহুল বিলাস প্ৰীয় শৰীৰত সেই শক্তি নাছিল আৰু এতিয়াও  নাই । মানৱ সম্পদক তোমালোকৰ ভৃত্যৰ দৰে ব্যৱহাৰ কৰাৰ ফল বৰ দুখৰ হ'ব  অহা দিন বোৰত  ।


Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?