परं वैभवं नेतुमेतत् स्वराष्ट्रं

এবুকু আশা লৈ ২০১৬ ৰ শেষ সুৰ্য্যাস্তৰ ফটোখন লৈ থলো । আকৌনো ক'ত পাম এই দিনটো , এই দৃশ্যটো । খিৰিকী খন মাৰিবলৈ আহি দৃশ্যটো ধৰি ৰাখিলোঁ  । নতুন উচাহ - নতুন প্ৰতিশ্ৰুতি লৈ এটা নতুন দিনে শুদ্ধ চিত্তৰে  সাজিছে-কাচিছে এটা নতুন ইংৰাজী বৰ্ষক  আদৰি আনিবলৈ । সকলোৱেই প্ৰস্তুতিৰ অন্তিম মূহুৰ্তত -  বিদায় দিব লাগিব ৰং ধেমালিৰে এটা বছৰ । সকলো কথাই সূৰ্য্যোদয়ৰ পিছত নতুন হ'ব । শিশু সকলৰ বাবে একোটা নতুন শ্ৰেণী কোঠা , নতুন পাঠ্যক্ৰম , নতুন uniform ;  যুৱ সমাজৰ বাবে সম্প্ৰতিৰ আধাৰত  নিকা  সমাজ গঢ়াৰ  নতুন দায়িত্ববোধ ; প্ৰাপ্ত বয়ষ্ক সকলৰ বাবে দেশৰ শিশু - যুৱ - মহিলা সকলক জ্ঞান আৰু কৌশল বিষয়ক মাৰ্গ দৰ্শন তথা   চৰকাৰৰ নতুন আঁচনিক সৰ্বাধিক ৰাইজৰ কাষলৈ পৰিপাটিকৈ  নিয়াৰ নিশ্চিত প্ৰযত্ন ।

চৰকাৰেও নতুন বছৰৰ নতুন  দিগন্তৰ প্ৰাৰম্ভত  দেশৰ ৰাইজৰ কল্যাণৰ চিন্তাৰে ন ন আঁচনি আৰু নিকা - দক্ষ প্ৰশাসনৰ কৌশল ৰচনা কৰিব । মুঠতে কেউফালে নতুনৰ সমাহাৰ । ২০১৭ ত আমি আমাৰ ব্যৱস্থাক আৰু অলপ নিকা আৰু স্বচ্ছ কৰিবলৈ সংকল্পবদ্ধ হ'ব লাগিব । কৰ্ম সংস্থাপন বৃদ্ধি হ'ব লাগিব উৎপাদনমুখী চিন্তাৰে ,  চৰকাৰী চাকৰিৰে নহয় । সৰ্বত্ৰ এক সহযোগিতাৰ মানসিকতা গঢ়ি উঠিব লাগিব । সকলোৰে বিকাশ আমাৰ সংকল্প হওঁক নতুন বছৰত । আমি মানুহৰ চিন্তাৰে মানুহৰ বাবে কাম কৰিব লাগিব । জাতি - ধৰ্মৰ আধাৰত নহয় । নিজ ৰাষ্ট্ৰৰ জনসাধাৰণৰ স্বাৰ্থত একমুখে ক'ব লাগিব - "মোৰ দেশ মহান '' । এক অসমীয়া জাতি হৈ শক্তিশালী ৰূপত ভাৰত মাতৃৰ সেৱাত নিবৃত হ'ব লাগিব ।

পাৰিম আমি । দেশৰ নৱ প্ৰজন্মৰ চকুত  সেই অদম্য উৎসাহ দেখিবলৈ আৰম্ভ কৰিছোঁ । তেওঁলোকৰ মনত বিশ্বাসৰ ভাব গাঢ়ৰ পৰা গাঢ়তৰ হৈ উঠা দেখিবলৈ পাইছোঁ । তেওঁলোক কষ্ট সহিষ্ণু হৈ উঠিছে লাহে লাহে । চকুত উদিত  সুৰুযৰ ৰঙালী আভা লৈ অতন্দ্ৰ প্ৰহৰিৰ দৰে পিয়াপি দিয়া দেখছোঁ শিক্ষিত যুৱ সমাজক ।  দেশত এক সুস্থ নিকা বাতাবৰণ গঢ়ি তোলাৰ কামত তেওঁলোকৰ ব্যস্ততাৰ যেন অন্ত নাই । কালিলৈ নতুন বছৰৰ নতুন  দিগন্তৰ উন্মোচন আছে । কেউফালে উচাহৰ ঢল । হে মোৰ আই অসমী... , তোমাৰ সন্তান সকল তোমাৰ আশীৰ্বাদ লৈ এইবাৰ দৃঢ় পদক্ষেপেৰে আগবাঢ়ি গৈছে চোৱা ...... নতুনত্ব আনিব তোমাৰ বুকুলৈ বোলে ..... परं वैभवं नेतुमेतत् स्वराष्ट्रं
, समर्था भवत्वाशिषा ते भृशम् ।। পৰম বৈভৱশালী ভাৰত ৰাষ্ট্ৰৰ পৰম শক্তিশালী , বৈভৱশালী , মোৰ অসমৰ স্বপ্ন দেখছো মই , যাৰ "জগতত উপমা নাই "

(photo credit J7)

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?