হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

" সপোন দেখিছিলা আইক পূজাৰ
বিদেশী শতৰু খেদি,
মনৰ আশা মনতেই ৰাখি
আঁতৰি গ'লাগৈ গুচি,
হে মহান তুমি , হে শ্বহীদ তুমি ।।
সপোন দেখিছিলা আইক পূজাৰ.....

এয়াতো নহয় মৰণ তোমাৰ
ই সাহস জনজীৱনৰ
এয়া যে প্ৰভাত
নতুন দিনৰ
প্ৰতিশ্ৰুতি এক
নৱ সমাজৰ ।
অসমী আইৰ কোলাত তুমি
হ'বা এগচি চাকি,
হে মহান তুমি , হে শ্বহীদ তুমি ।।"

১০/১২/১৯৭৯ ৰ সন্ধিয়া বাতৰিত শুনিলোঁ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত  নিহত হ'ল বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱৰ নিবাসী  পিতৃ গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা দেৱীৰ পুত্ৰ খৰ্গেশ্বৰ তালুকদাৰৰ  । ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ তেওঁ । সেইদিনা নিশা  আমি ধেমাজিত আছিলো  । সেই  ৰাতিয়েই এক শোকাকুল পৰিবেশত সু শিল্পী  শ্ৰীমৃগেন বৰকটকীয়ে এই গীতটি ৰচনা কৰি সুৰ কৰিছিল । পূৱা অগণন ৰাইজৰ সন্মুখত আমি সকলোৱে এই গীত পৰিবেশন কৰোতে মানুহৰ মাজত কান্দোনৰ ৰোল উঠিছিল । আজিও গাৰ নোম শিয়ৰী উঠে ।
প্ৰায় ৩৬ টা বছৰৰ পিছত গীতটি উল্লেখ কৰোতে হয়টো দুই এটা শব্দৰ ইফাল সিফাল হ'ব পাৰি । কিন্তু সেইদিনাৰ পৰাই মনৰ সংকল্প শ্বহীদৰ ত্যাগৰ লক্ষ্যৰ সৈতে একত্ৰিত হৈ ৰ'ল আজীৱন ।

"হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম,
তোমাৰ তেজৰ শপত ল'লো
ৰাখিম জননীৰ মান ......"

এখন বিদেশী মুক্ত মাতৃভূমি শ্বহীদৰ সংকল্প । NRL, IIT নহয় । আমাক এখন বিদেশী মুক্ত অসম লাগিবই । তেহে সেই সকলৰ ত্যাগে মূল্য পাব ।

"সত্যৰ যদিহে সদায়ে জয় , আমাৰো জয় নিশ্চয় ।"

জয় আই অসম , জয় ভাৰত মাতৃ ।

Comments

  1. হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম
    গীত টোৰ শুদ্ধ recording পাম নেকি ?

    ReplyDelete

Post a Comment

Popular posts from this blog

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?

আপোনাৰ লেখাত বা চিন্তাত প্ৰভাৱৰ অভাৱ হ’ব নিদিব !!!