সাম্প্ৰদায়িক সম্প্ৰতি আৰু আমাৰ বিবেকৰ চিন্তা
আমাৰ জীৱন কালত বহুত ঘটনা হয় । সেইবোৰ আমি সাধাৰণ ৰাইজে কোনে কোন সময়ত কি ভাবে লওঁ সেইটো বৰ ডাঙৰ কথা । যি সকলে কাম এটা কৰে তেওঁলোকে কেতিয়াবা হয়তো কি ভাবি কি কৰিছে বা কৰিলে গমেই নেপাই । বিষয়বস্তুত পাক দি আমেজ পোৱা আমিবোৰে সেইটো কি ধৰণে লৈছো তেওঁলোকে গম নেপাই । এনেকুৱা বহুত ঘটনা হয় যিটো হওঁতে ঘটনা নাছিল , কিন্তু পিছত গৈ ঘটনাৰ ৰূপ পাই । আমি জীৱনৰ বাটত সকলো কথাই এনেদৰে লোৱাৰ ফলত আমাৰ মাজত এক বিভেদৰ সৃষ্টি হবলৈ যত্ন চলে । পিছে বাৰেৰহণৰ এই সংস্কৃতিৰ পিঠত সেইবোৰ সাধাৰণতে সফল নহয় ।
মই তাজমহল , দৰগাহ বা আন বহু ঠাইত গৈছো । মচজিদৰ চৌহদত বা ভিতৰত সোমোৱাৰ সৌভাগ্য আজিকোপিত হোৱা নাই । সৌভাগ্য হ'লে আৰু কেতিয়াবা নিমণ্ত্ৰণ পালে নিশ্চয় এবাৰ যাম । প্ৰাৰ্থনা গৃহ যাৰেই নহওঁক , সেয়া ওপৰৱালাক স্মৰণ কৰা স্থান আৰু ই মোৰ দৃষ্টিত পৱিত্ৰ ঠাই । তথাপি এষাৰ কথা আছে "মাতিলে ৰণলৈকো যাবা, নেমাতিলে ভোজলৈও নেযাবা । " তেতিয়া আত্মীয়তা বৰ্তি থাকে ।
আমাৰ মন্দিৰ বা নামঘৰৰ চৌহদত অন্য ধৰ্মীয় সকলো মানুহ সোমাই । বহুদিন আগতে এদিনাখন দেখিছিলোঁ , এজনৰ নামাজৰ সময় হ'ল আৰু তেখেতে বিশাল চৌহদৰ একাষলৈ গৈ মাটিত কাপোৰ এখন পাৰি প্ৰাৰ্থনা কৰিলে । তেখেতৰ সেই কৰ্মৰ বাবে মোৰ বা আমাৰ একো ক্ষতি হোৱা চকুত নপৰিল । ভাবিলোঁ , ভালেই হ'ল । তেওঁৰ এটা কৰ্ম এই পৱিত্ৰ ভূমিতে সমাপন হ'ল ।
তেনেকৈয়ে জন্মভূমিক আমাৰ দেশত আমি মাতৃভূমি বুলি কওঁ । ৰজাৰ দিনত ৰজাৰ সন্মুখত ৰজাৰ আৰু সেই ৰজাৰ দেশৰ জয়দ্ধনি দিছিল । দেশৰ ভিতৰত দেশৰ জয়দ্ধনি দিয়াটো একো অপৰাধ হ'ব বুলি মনে নধৰে । অতিজৰ পৰা আমাৰ নেতা সকলে বক্তৃতা দিয়াৰ অন্তত "জয়হিন্দ" কৈছিল আৰু এতিয়াও কয় । দিল্লীৰ ফোৰ্টৰ পৰাও কৈছিল । "হিন্দ" মানে কি ? কিয় কৈছিল তাৰপৰা ? সেইটো তেওঁলোকে বনোৱা আছিল নেকি ? নিজৰ দেশৰ ভিতৰত থকা গৌৰৱৰ প্ৰতিক প্ৰতি স্থানক লৈ আমি গৌৰৱ কৰিব পাৰোঁ । সেইটো নিতান্তই ভাল কথা ।
এই বিশাল ভাৰত ভূমিত অনেক ধৰ্ম -পণ্ঠ আছে । আমি আমাৰ ধৰ্মীয় কাৰ্যসূচীত ৰাজ পথত বা আন বিভিন্ন ৰাজহুৱা স্থানত বিভিন্ন ধৰ্মীয় জয়দ্ধনি দি আহিছোঁ । তাতে কাৰো একো ক্ষতি হোৱা নাই । দৈনন্দিন পুৱা- গধূলি মাইকত আজানো বাজিছে , ভজন- কীৰ্ত্তনো বাজিছে । আমি সকলো ধৰ্মৰ লোকে অনিচ্ছা বা ইচ্ছা কৰি সেইবোৰ শ্ৰৱণ কৰিব লগা হৈছে । মোৰ কিন্তু একো ক্ষতি হোৱা নাই । হৈছে যদি ক্ষমতাৰ Morning walk কৰা সকলৰহে হৈছে । সেইবোৰৰ মাজতেই আমি যে আমাৰ মাজৰ জাতীয় ঐক্য বজাই ৰাখিব পাৰিছোঁ , সেইটো বৰ গৌৰৱৰ কথা ।
মোৰ বুজাত কিবা ভুল হৈছে যদি নেজানো । সমাজত সম্প্ৰিতি বজাই ৰখাটো বৰ দৰকাৰী কথা ।

Comments
Post a Comment