Social Media আৰু আমি
"দেশৰ ৫০% গাঁৱত আজিও বিজুলীৰ যোগান হোৱা নাই তাত মোডীজীয়ে নগদহীন লেনদেনৰ কথা কয় !!"
এই সকলো বক্তব্য দিয়া ব্যক্তি মিলি আমাৰ দেশক ৬০ বছৰ শাসন কৰিলে বুলি ক'বলৈ তেওঁলোকৰ অলপো লজ্জাবোধ নোহোৱা দেখি মই এজন নাগৰিক ৰূপে অত্যন্ত লজ্জিত হৈছো । মই নৱ প্ৰজন্মৰ যুৱক যুৱতী সকলৰ সন্মুখত থিয় হৈ , তেওঁলোকৰ চকুত চকু থৈ ক'বলৈ অপাৰগ যে সেইসকল (1) অপদাৰ্থ , (2)অপৰিপক্ক (3) কামিহাড় হীন (4) দেশৰ অৰ্থনৈতিক ব্যৱস্থা সম্পৰ্কে জ্ঞান শুন্য ৰাজনৈতিক নেতাক মই মোৰ দেশৰ চৰকাৰত বহুউৱাত মোৰো কিছু অৰিহণা নোহোৱা নহয় ।
জনকল্যাণৰ চিন্তাত গঠন হোৱা চৰকাৰে দেশৰ জনতাক সমাজ সচেতন কৰি গঢ়ি তোলাৰ স্বাৰ্থত শিক্ষিত কৰি তোলাতো তেওঁলোকৰ প্ৰথম কাম বুলি বিবেচনা কৰে । সেয়ে নহ'লে চৰকাৰৰ আঁচনি সমূহৰ সঠিক প্ৰচাৰ আৰু প্ৰসাৰ সম্ভৱ কেতিয়াও নহয় । দুটা উদ্দেশ্য আগত লৈ চৰকাৰে এনে অব্যৱস্থিত ৰূপত চৰকাৰ চলাবলৈ প্ৰয়াস কৰিব পাৰে । এটা হ'ল দুৰ্নীতিৰ প্ৰৱল হাবিয়াস আৰু আনটো হ'ল দীৰ্ঘ কাল অশিক্ষিত ৰাখি জনতাক শোষণকৰা কাম অব্যাহত ৰখা । এই দুইটা উদ্দেশ্যৰ সফল প্ৰয়োগ হ'ল আজিৰ দেশৰ এই অৱস্থা ।
যি চৰকাৰৰ সমাজৰ সকলো স্তৰৰ মানুহৰ মুখামুখি হোৱাৰ সাহস আৰু সামৰ্থ নাই সেই চৰকাৰ কল্যাণমুখী চৰকাৰ হ'ব নোৱাৰে । আজি মন্ত্ৰী বিষয়া সকলোকে মুহূৰ্ততে ৰাইজৰ যিকোনো লোকে বাৰ্তা দিব পৰা কথাটোৱে দুৰ্নীতিপৰায়ণ সকলৰ মাজত এটা ত্ৰাসৰ সৃষ্টি কৰিছে । সেইটো চৰকাৰৰ বাবে এক সাফল্য । জনতাক প্ৰহৰীৰ ৰূপত বিনা ব্যয়ে , বিনা কষ্টে পাব পৰাটো এখন চৰকাৰৰ বাবে বিশেষ গৌৰৱ , যদিহে চৰকাৰৰ নিঞত্ ঠিক থাকে ।
মই লক্ষ্য কৰি অভিভূত হৈছোঁ যে কিবা এটা অনিয়ম সম্পৰ্কে টুইট্ বা social media ৰ ক'ৰবাত লিখিলেও মন্ত্ৰী-বিষয়া সকলৰ বহুতে বিষয়টোৰ উত্তৰ দিয়াৰ বাবে হয় প্ৰয়াস কৰে, নহয় সমস্যাটো সমাধানৰ বাবে উদ্যোগ লয় । কাৰোবাৰ দুস্কাৰ্য্যৰ কথা জনালেও তেওঁৰ ওপৰত ব্যৱস্থা লোৱাৰ প্ৰয়াস কৰে । কিছুমান বিষয়া - মন্ত্ৰী সকলো সময়ত অত্যন্ত ব্যস্ততাৰ মাজত থাকি জনতাৰে সম্পৰ্কত থাকে আৰু সময় বুজি ৰাইজৰ সেই অভাৱ অভিযোগৰ বুজ লৈ তাক দূৰ কৰে । তেনে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী মাননীয়া সুষমা স্বৰাজ । দেশৰ মাননীয় প্ৰধানমন্ত্ৰী জনৰ কথা নকলোৱেই বাৰু । অনেক আছে তেনে কেন্দ্ৰীয় মন্ত্ৰী । অসমতো আছে তেনে দুই এজন, যি এই ব্যৱস্থাৰে জনপ্ৰিয় হৈছে । ডিব্ৰুগড় যোৰহাটৰ বিদ্ধস্ত পথৰ ফটো সহ গাডকাৰীজী -মুখ্যমন্ত্ৰীলৈ টুইট কৰিলোঁ জুন মাহত । তৎক্ষণাত মুখ্যমন্ত্ৰীৰ আদেশ হ'ল , NH ৰ গাতবোৰ মাৰিব লাগ ১৫ দিনৰ ভিতৰত । তেনে বহু বিষয় আছে মোৰ হাতত । Rail মন্ত্ৰী , অসমৰ শিক্ষা-স্বাস্থ্য মন্ত্ৰী আদিৰ তৎপৰতাৰ । এইবোৰ কৰোতে বিষয় ব্যক্তিগত নহ'লে নিশ্চয়কৈ গুৰুত্ব পায় । "সৱকে সাথ, সৱকে বিকাশ " হ'লেই আমাৰো ব্যক্তিগত বিকাশ সম্ভৱ হয় ।
বিষয়াৰ ক্ষেত্রতো সৰু পৰিসৰত মই দেখিবলৈ পাইছো Anand Prakash Tiwari মহোদয় , Virendra Mittal মহোদয় আদি অনেকজনে নিজৰ কৰ্মক্ষেত্ৰত হৈ থকা কামৰ বুজ ল'বলৈ social media ৰ সুত্ৰ ব্যৱহাৰ কৰে । ই জনসাধাৰণক সচেতন হোৱাৰ প্ৰতি উদ্বোদ্ধ কৰে । কালি শিক্ষা মন্ত্ৰীয়ে টুইটাৰত HSLC / High Madrasa / HSS পৰীক্ষাৰ দিন ঘোষণা কৰিলে আৰু Electronic Media / Print media ই আমাক তাৰে আঁত ধৰি জনালে । এইটো জনসাধাৰণৰ সৈতে চৰকাৰৰ পোন সংযোগ , য'ত xyz সকলোৱে তেওঁলোকক যি কোনো কথা ক'ব পাৰে ।
এই বিষয়ে মানুহৰ মাজত সচেতনতা বৃদ্ধিৰ কামত যুৱ সমাজে প্ৰণালীবদ্ধ ভাবে কাম আৰম্ভ কৰিছে Suranjan Dutta , Diplu Ranjan Sarma আদিৰ দৰে উদ্যোগী যুৱ নেতাৰ নেতৃত্বত । এইটো নিতান্তই এক প্ৰসংশাযোগ্য কাম । এই ব্যৱস্থাই এটা সীমাবদ্ধতাৰ ভিতৰতে কিছুমান লোকক বুদ্ধিজীৱি হৈ মানুহক ৬০/৭০ বছৰ বুৰ্বক - অশিক্ষিত কৰি ৰখাৰ পৰা উদ্ধাৰ কৰিব । নতুন মানুহৰ পৰা নতুন চিন্তাৰ উদ্ৰেক সম্ভৱ হ'ব । Creativity বাঢ়িব ।
এনেকৈ গ'লে আৰু ৬০ বছৰৰ পিছত এইবোৰ উত্তৰ সুকীয়া হ'ব বুলিয়েই বিশ্বাস ।

Comments
Post a Comment