"কৃত্ৰিম" আৰু "অকৃত্ৰিম"
(১)
প্ৰকৃতিৰ পৰাই আমি আমাৰ জীৱনৰ প্ৰায় সকলো খিনি শিক্ষা ল'ব পাৰোঁ । সু ব্যৱস্থিত ভাৱে কৰা খেতিৰ ফচলো সুন্দৰ হয় । আমি আমাৰ প্ৰত্যেকৰ পৰিয়ালত ঠিক একেই ধাৰাত ফচল পাওঁ যদিহে তাৰ প্ৰকৃত আপদাল সম্ভৱ হয় । লহপহকৈ বাঢ়িযোৱা সকলো গছত ভাল ফচল পোৱা নেযায় । এয়া প্ৰয়োজনৰ অধিক manure দিয়াৰ ফলতো হয় । শিশু অৱস্থাত প্ৰয়োজনৰ অধিক দিয়াৰ ফলাফলৰ দৰেই হয় । প্ৰত্যেকেই একোখন সুন্দৰ-সক্ষম-সজ চিন্তাৰ লোকৰ ঘৰ গঢ়িবৰ বাবে যত্ন কৰিলেহে এখন সুন্দৰ সমাজ গঢ়া সম্ভৱ ।
(২)
আমৰলি পৰুৱাৰ বাঁহ থকা গছত বগাবলৈ যত্ন কৰিছোঁ মিঠা ফল খাবলৈ । সেয়েহে বগোৱা জনৰ সৰ্ব শৰীৰত পৰুৱাই আক্ৰমণ কৰিবই । এই যন্ত্ৰণা শৰীৰৰ সকলো ইন্দ্ৰীয়ই সহ্য কৰিব পাৰিলেই ফল খোৱা সম্ভৱ । অন্যথা তেনে আশা নকৰা ভাল । সজ আকাঙ্খ্যা আৰু দৃঢ়তাৰ অভাৱত ১৯৪৭ ৰ পৰা ফল চিঙাই নহ'ল ।
(৩)
চৰকাৰৰ সজ কাম মানে বৃহৎ সংখ্যক লোকৰ মূৰৰ কামোৰণি হ'বই । Urea ত নিম দিয়াৰ ফলত বহু উদ্যোগত কৃষকৰ নামত আবন্তিত Urea -ৰ চোৰাং ব্যৱহাৰ নোনোহোৱা হ'ল । আমি অতিৰিক্ত সাৰ-জাবৰত লহ-পহকৈ বঢ়া লোকৰ সংখ্যাও সমাজত অধিক । লহ-পহকৈ বঢ়া গছৰ জীয়াই থকাৰ বাবে মাটিৰ পৰা আহৰণ কৰা প্ৰয়োজনীয় আহাৰ সংগ্ৰহো বেছি । সবল-সুঠাম শৰীৰ আৰু জাংকফুড /কেণ্টাকি চিকেন খাই মেড যুক্ত হোৱা শৰীৰৰ পাৰ্থক্য বুজিব লাগিব আমি ।
(৪)
"কৃত্ৰিম" আৰু "অকৃত্ৰিম" দুইটা এই পৃথিৱীৰ বুকুতে আছে । প্ৰকৃতিৰ ৰং আৰু Asian / duco / berger ৰ কৃত্ৰিম ৰং দুইটাই ভাল পাওঁ । হ'লেও প্ৰকৃতিৰ সৃষ্ট ৰং বৰ বেছি ভাল পাওঁ । চকুৰে ঢুকি নোপোৱাকৈ পৰিধিও তাৰেই বেছি যে ।

Comments
Post a Comment