সমালোচনাৰ খাতিৰত সমালোচনা

সমালোচনাৰ খাতিৰত সমালোচনা ,  বিৰোধী পক্ষৰ সদস্য হোৱাৰ সুবাদত বিৰোধিতা আদিৰ অৰ্থ একেই । আমি সৰহখিনি সময় আনৰ কামৰ সমালোচনা কৰাত ব্যয় কৰোঁ । কিন্তু আমি এনে চিন্তা খুউব কম মানুহেই কৰো যাৰ দ্বাৰা সমালোচনাৰ আগত "গঠনমূলক" শব্দৰ প্ৰয়োগ কৰিব পাৰোঁ । আমি নিজেই নেজানো আমি আচলতে কি বিচাৰো । সেইটোৱেই আমাৰ জীৱনত সকলোতকৈ ডাঙৰ deficiency । এনেকুৱা অৱস্থাত  সজ আৰু ধূৰ্তক বিচাৰি উলিওৱা সহজ কাম নহয় । এজন মানুহৰ বৰ ভাল সমালোচক বুলি খ্যাতি থকাৰ অৰ্থ তেওঁৰ স্বভাৱ সদায় গুৱত চকু পৰা হ'ব নেলাগে ।

এজন বন্ধু সন্ধিয়া সময়ত আনজন বন্ধুৰ ঘৰলৈ  ফুৰিবলৈ গ'ল । গৃহস্থই ক'লে -"আহা বন্ধু , আহা । এন্ধাৰ হ'লেই আৰু ।"
 বন্ধুৱে ক'লে - "নাই ক'ত এন্ধাৰ হৈছে , বেলি দুবিল বাবে পোহৰ নাইকীয়া হৈছে ।"
গৃহস্থই বোলে -"আজি গৰম অলপ বেছিয়েই বুজিছা । বতৰটো গোমাই আছে যে ।"
 বন্ধুৱে ক'লে - "নাই বতৰ ঠিকেই আছে বুজিছা , ডাৱৰে ঢাকি থোৱা বাবে গুপ-গুপাই আছে ।
এইযে বিৰোধিতাৰ খাতিৰত বিৰোধিতা , সেইটো চাই সেই সমালোচক সকলৰ প্ৰতি মোৰ পুতৌ ওপজে ।

পৰিবৰ্তনৰ বৰ প্ৰয়োজন আজিৰ দিনত । যুৱক যুৱতী সকলোৱে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে । সেয়ে তেওঁলোকৰ মনত এটা constructive সমালোচনাৰ দৃষ্টিভংগী তৈয়াৰ হৈছে । আগৰ সমালোচক সকল লাহে লাহে obsolete হ'বলৈ আৰম্ভ হৈছে যদিও খামোচ এৰিব খোজা নাই তেওঁলোকে । কিন্তু যুৱ শক্তিৰ আগত সেয়া সম্ভৱ নহ'ব । কিহৰ পৰিবৰ্তে কি হ'লে সমাজৰ বৃহৎ সংখ্যক লোক উপকৃত হ'ব পাৰে সেই কথাবোৰ আমি ক'ব লাগিব । বেয়া হৈছেটোকে  কৈ থাকিলে নহ'ব । আমি নিৰ্বাচন কৰি পঠোৱা চৰকাৰ খনক সুকীয়াকৈ চৰু পাতি খাবলৈ অধিকাৰ কোনে দিয়ে  ? আমি তেওঁলোকক আৰম্ভণিতেই সুকীয়া কৰি কিয় দিওঁ ? চৰকাৰৰ কথা নুশুনা অবাধ্য কৰ্মচাৰীক চৰকাৰে কি এৰি দিয়ে ? তেনে ? আমাৰ অবাধ্য হোৱাৰ অধিকাৰ সেৱকে ক'ত পাই ?

এজনে সিদিনা চৰকাৰক facebook ত  পৰামৰ্শ এটা দিছে , যিটো অতি মূল্যবান । ৫০ খন কাকত কিনি নিবনুৱা সকলে  নিয়োগ জাননী পঢ়াতকৈ চৰকাৰে নিজৰ আৰু ব্যক্তিগত খণ্ডৰ  নিয়োগ জাননী, interview date notice, চৰকাৰৰ নতুন নতুন স্বনিয়োজন আঁচনি , আদি সামৰি এখন কাকত যদি উলিয়াই তেনে সেইটোৰ পৰা চৰকাৰৰ উপাৰ্জনো হ'ব আৰু যুৱক যুৱতী সকলৰ আৰ্থিক লাভো হ'ব । চৰকাৰে ব্যৱসায় নকৰে । তথাপিও এইটো এটা ভাল চিন্তা । তাক modify কৰিলে হয়তো কেইজনমানৰ নিয়োগেই হ'ব ।

 Rameswar Teli , ৰমেন ডেকা , Kamakhya P Tasa .......আদিয়ে আঢ়ৈ বছৰত একো কামেই কৰিব পৰা নাই । হয় , পৰা নাই । তাৰ বাবে লোকচান আমাৰ হ'ব । সেয়ে  আমি সমষ্টিৰ ৰাইজেও তেওঁলোকৰ ওচৰত আৰ্জি দিওঁহঁকচোন যে সমষ্টি সমূহত স্থায়ী ভাৱে এই কেইটা কাম আপোনালোকৰ দিনত কৰক,  যি বহু লোকৰ সংস্থাপন সৃষ্টি কৰিব সদায়ৰ বাবে  । তাৰ পিছত দেখা যাব , তেওঁলোকৰ মতলব কি । চালে বেৰে কোবাই থাকি বাকী সময় পাৰ কৰিবলৈ দিলে আমি কিন্তু লাভতকৈ   পিছুৱাইহে  যাম । তেওঁলোকৰ কিন্তু  pension হৈ থাকিব (আমি আকৌ  নিবিচাৰিলেও ) । সেয়াও আমাৰ গাঠিৰ পৰাই যাব । সেয়েহে আমাৰ দায়িত্ব তেওঁলোকৰ তুলনাত কম নহয় । ৰাইজৰ প্ৰতিনিধি সকলৰ পৰা progress report লোৱাৰ অধিকাৰ আছে ৰাইজৰ । বিচাৰিব লাগিব report ।

Sandwich every bit of criticism between two layers of praise."         Mary Kay Ash


Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?