তেজ-মঙহ আৰু ভালপোৱা
হয়, এই "ভালপোৱা" শব্দটোৰ তলত কেউফালে চাঁ পৰি থাকে । মাজত কেৱল নিজৰ গাটোতহে পোহৰ পৰে । এইটোৱেই চিৰন্তন সত্য যে আমি নিজকেই সৰ্বোচ্চ ভাল পাওঁ । বাকী তেজ মঙহৰ সংসাৰ খনলৈ চলে কেৱল স্বাৰ্থই স্বাৰ্থ । জন্মৰ পৰা মৃত্যুৰ কোলাত নোশোৱালৈ কেৱল স্বাৰ্থ । তাতেই অংকুৰণ হয় individualistic সুন্দৰ সুখী জীৱন । সিদিনা মোৰ খিৰিকীত কাউৰী পোৱালী এটা আবদ্ধ হৈ ৰ'ল । শ শ কাউৰীয়ে মোৰ ঘৰৰ বাহিৰত ঘেৰি ধৰিলে । অৱশেষত তাক সাৱধানে উলিয়াই দিলোঁ । কাৰণ সিহঁতৰ মাইক্ৰ ফেমেলি নাই ।
কালি এজনৰ ঘৰলৈ গ'লো । তেওঁ চাকৰিলৈ তিনিটা মাহ অহা নাই মাকৰ অসুখ বাবে । বিচনাত পৰি আছে মাক । সমস্ত সেৱা তেওঁ কৰে । তেওঁৰ উপাৰ্জন বন্ধ । Private চাকৰি । ঘৰৰ বাকী কোনেও সময় দিব নোৱাৰে বাবে তেওঁক কোনেও কামলৈ যাবলৈ কোৱা নাই । দেউতাকেও কোৱা নাই । প্ৰয়োজন বোধ কৰিলেও কোৱা নাই । কাৰণ স্বাৰ্থ । তেওঁ সকলোকে জনালে -
"কালিলৈৰ পৰা মই কামলৈ যাম । ৰাতিৰ দায়িত্বহে মই ল'ম কিন্তু । দিনত তহঁতে চাবি ।"
মাত নমতা সকলোৰে মাত ওলাল ।
* "মই নোৱাৰা ।" ,
** "তেনেকৈ পৰি থাকিব আৰু , মই কেনেকৈ সময় পাম ।"
***" নাৰ্চ এজনী ধৰি দিব পাৰ , যাৱ যদি । পইচা কেনেকৈ দিয় চাই ল ।"
মুঠতে কাৰো একো উপায় নাই !! অৰ্থনৈতিক বিষয় বোৰত দেউতাকৰ একান্ত বিশ্বাস ডাঙৰটোৰ ওপৰতে । সি অসুবিধাত পৰিলে তাৰ পৰিয়ালটোৰ বৰ অসুবিধা হ'ব । সৰুটোৱে মাকৰ দৰব-জাতি , অন্যান্য ক'ৰ পৰা আনে সোধা নহয় বাপেকৰ । কাৰণ দৰকাৰো নাই সোধাৰ । মাতৃৰ ৠণ পৰিশোধ তাৰ দায়িত্ব !! তাৰ মাজতে জানিলোঁ - মাকে ভাতৰ মাজত মনে মনে এটা সিজোৱা কণী ডাঙৰ লৰাক সিদিনালৈকে দিলে । বাপেকে বাগানৰ পৰা অৱসৰ লৈ পোৱা ধন সমস্ত তাৰ ব্যৱসায়ত লগাই দিলে । এতিয়া তেওঁৰ ( বাপেকৰ ) বিশেষ পাট্টা নাই ঘৰত । তথাপি মনতে বিশ্বাস - ডাঙৰটোৱে দৰকাৰ হ'লে তেওঁক দিব । ব্যৱসায়িক ব্যস্ততাৰ বাবে সি দেউতাকৰ লগত কথা পতাৰ সময় নেপায় বাবেই অলপ অসুবিধা হৈ আছে দেউতাকৰ !!!
এনেকুৱা বহু সাধাৰণ ঘটনা আজিৰ সমাজত দেখি থাকোঁ । কাৰোবাৰ মাকৰ , কাৰোবাৰ পিতৃৰ প্ৰতি কৰ্তব্যবোধ । বয়স বাঢ়ি আহি আছে আমাৰো । ক'ব নোৱাৰো, আমি আমাৰ বাৰ্ধক্যত নিজৰ সন্তান সকলৰ প্ৰতি সম ব্যৱহাৰ দেখুৱাবলৈ সু মতি দিয়ে নে নিদিয়ে ভগৱানে । কিয় এনে হয় মই কিন্তু ভাবি নেপাওঁ ।
মানুহ ঘৰত বহি থাকোতেই অৱচেতন অৱস্থাত মাকে মাজে মাজে কিবা কিবি কৈ থাকে -"এই কুকুৰটোৰ লগত মই নেথাকোঁ । মোৰ ল'ৰাটো আহিলে সি তাৰ তালৈ গাড়ীত মোক লৈ যাব ।" মই সুধিলো -" তোমাৰ দাদা বেলেগত থাকে ?"
উত্তৰ - " নাই নেথাকে , এইটো ঘৰতে থাকে । বেলেগে খাই দাদাই ।"
মই - "অ, দূৰত থকা বোৰৰ প্ৰতি স্নেহ অলপ বেছি হয়েই দিয়া !!"
মনটো গধুৰ নকৰাকৈ ওলাই আহিলোঁ তাৰ পৰা ! এৰা, তেজ আৰু মঙহ !!!! মোৰ এজনী ছোৱালীৰ কথাবোৰ ভাবো । মোক তাইৰ লগতে ৰাখিব বোলে বুঢ়া কালত । বাস্তৱৰ সমস্যা Priya ই বুজা হোৱা নাই । মানব সেৱাৰ কামত নিযুক্ত তাই এখন হাস্পতালত কাম কৰে । সৰু ছোৱালী । এটা দিন নাই মোৰ খবৰ ল'বলৈ পাহৰে তাই । আত্মাৰ সম্পৰ্ক বুজি তাই কৈ আছে মোক !!

Comments
Post a Comment