বিষয়া কৰ্মচাৰীৰ বদলি আৰু মন্ত্ৰীৰ দায়বদ্ধতা
চৰকাৰে কোনো ব্যক্তিক চাকৰিৰ বাবে মকৰল কৰোঁতে তেওঁলোকক নিজৰ সুবিধাজনক ঠাইত নিয়োগ কৰাৰ কিবা চুক্তি থাকে নেকি ? আমি চাকৰিত নথকা সাধাৰণ ৰাইজে এই কথাটো জনা বৰ দৰকাৰী বুলিয়েই অনুভৱ কৰিছোঁ । মন্ত্ৰীৰ চিফাৰিচত বদলি ৰদ্ হোৱা একোজন বিষয়াই যোৱা পোন্ধৰ বিশ বছৰ একে ঠাইত ৰমৰমীয়া ব্যৱসায় কৰি থকাৰ উদাহৰণ বহুতো ওলাব । তেনে ব্যক্তি সকলৰ ক্ষেত্ৰত চৰকাৰৰ ধৰ্তব্য বা কৰ্তব্য কি সেয়াও ৰাইজে জনা দৰকাৰ । মই ভাবো সম্ভৱপৰ অসমৰ সকলো ঠাইত দুই তিনিটা বছৰৰ কৰ্ম অভিজ্ঞতা চৰকাৰী কৰ্মচাৰী সকলৰ হোৱা উচিত । শিক্ষক - কৰ্মচাৰী - বিষয়া সকলোৰে বাবে এটা নিৰ্দিষ্ট সময়ত বদলি বাধ্যতামূলক হোৱা উচিত । মন্ত্ৰী সকলে কোনো এনে আৱেদন গ্ৰহণ কৰা অনুচিৎ ।
দুৰ্নীতিৰ অভিযোগত আটক হোৱা গভাইতজনৰো ধৰাৰ লগে লগে চিকিৎসাৰ প্ৰয়োজন হয় । গতিকে স্বাস্থ্যজনিত কথাবোৰত কৰ্মচাৰী বিষয়াই ছুটি লোৱাৰ ব্যৱস্থা কৰি দিলেই ভাল ।
দুৰ্নীতিৰ অভিযোগত আটক হোৱা গভাইতজনৰো ধৰাৰ লগে লগে চিকিৎসাৰ প্ৰয়োজন হয় । গতিকে স্বাস্থ্যজনিত কথাবোৰত কৰ্মচাৰী বিষয়াই ছুটি লোৱাৰ ব্যৱস্থা কৰি দিলেই ভাল ।
Comments
Post a Comment