অসমীয়া ৰাজহ কৰ্য্যালয় আৰু ঘটিৰাম-বাটিৰাম
মাটি বাৰীৰ সকলো নথিৰ ৰেকৰ্ড সাধাৰণ অৱস্থাত বিচাৰিবৰ বাবে সকলোতকৈ উপযুক্ত স্থান হল RKG শাখা । অসমত April, 2011 ৰ পৰা Computerization ৰ নামত কোনো ৰেকৰ্ড সদৰ জমাবন্দিত নাই । সদৰ জমাবন্দি RKG শাখাত থাকে । চক্ৰ বিষয়াৰ কাৰ্য্যালয় সমূহত computer entry সমূহত থকা অজস্ৰ ভুলৰ বাবে ৰাইজৰ এতিয়া RKG record চাই শুদ্ধ কৰাৰ উপায় নাই । যিবোৰ কাম কম্পিউটাৰাইজড্ হ'লে ৰাইজৰ উপকাৰ হ'ব বুলি ঢোল বাজিছিল , সেইবোৰ এতিয়া বুমেৰাং হ'ল । নতুন চৰকাৰে land survey কৰাৰ অত্যন্ত প্ৰয়োজন । মাটিৰ সম্পৰ্কিত এইবোৰ কাম যিমান পাৰি সৰল কৰিব লাগে । যাতে সাধাৰণ মানুহেও বুজিব পাৰে । "লিখিতং-কৰিতং" ৰ দিন নাই । ইমানেই দীঘলীয়া ব্যৱস্থাৰে ভূমি বন্দোৱস্তিৰ নিয়ম কৰি ৰখা হৈছে , যে বিভাগটোৰ তলা-নলা সাধাৰণ মানুহে কেতিয়াও নেপাই । সেয়ে সমগ্র কাৰ্য্যালয়বোৰত দালাল ৰাজ চলে ।
চৰকাৰে নিম্নতম ভূমি ক্ৰয় আৰু land exchange ৰ অনুমতিত এটা স্থিৰ আৰু স্পষ্ট নিয়ম কৰক । Surveyed map কৰি Directorate of town and Country planning ত দিয়াৰ ব্যৱস্থা কৰক । এইবোৰত মাটিৰ শ্ৰেণী স্পষ্টকৈ উল্লেখ থাকক ।
তেনে নকৰালৈকে প্ৰয়োজনত ডাঙৰ শকত-আবত ব্যৱসায়ী পালে খেতিৰ মাটি উদ্যোগ -প্ৰতিষ্ঠান , DPH বা আন ব্যৱসায়িক কামত ক্ৰয় বিক্ৰয়ৰ অনুমতি দিয়ক যিমান পাৰি । আমাৰ নদায় আৰু ভদায় তেনে আৱেদন লৈ আহিলে তেনে মাটিত যে খেতিৰ বাদে অন্য কামত ব্যৱহাৰ কৰা অক্ষমনীয় অপৰাধ সেইটো বুজাই দিবলৈ দিয়ক । এনেকৈয়ে চলি আছে আমাৰ revenue circle !! এই ধৰণৰ সৰল বুদ্ধি মত্তা নথকা লোকক ''পালে" নিশ্চয় একো চাকৰি বেছা নায় ।

Comments
Post a Comment