Worst customer service of United Bank of India

আজিও সেই মান্ধাতা যুগৰ শামুকীয়া গতিৰে কাম কৰা এটা ৰাজহুৱা খণ্ডৰ বেংক UBI । অসমৰ বেংকিং   খণ্ডত UBI অতি পুৰণি । কিন্তু যুগৰ পৰিবৰ্তনে এওঁলোকৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই বুলি সকলোৱে চৰ্চা কৰে । কিয় ? এটা KYC কৰিবলৈ এওঁলোকক যদি ১৫ দিনৰ সময় লাগে , তাৰ মাজতে কোনোবা ছুটি লৈ গ'ল বাবে কৰিবলৈ অপাৰগ , Cheque book apply কৰিলে ১০/১৫ দিন লাগিবঁ, কিবা enquiry কৰিলে উত্তৰ দিওঁতাই  বিতৃষ্ণা প্ৰকাশ কৰে , তেনে সেই বেংকৰ পৰা Digital India ই কি সহায় পাব ? মোৰ আজি UBI  যোৰহাট শাখাত তেওঁলোকৰ Operation Manager জনৰ  কথা আৰু ৰেকৰ্ড সম্পৰ্কে আন এজন বিষয়াৰ ভাষ্য  শুনি তেওঁলোকৰ প্ৰতি  পুতৌহে উপজিল । তেখেতসকল চাকৰি কৰিবলৈ অহাটোৱেই যেন আমাৰ দেশৰ ৰাইজৰ বাব প্ৰথম সৌভাগ্য !!  কিয় এনে হয় আৰু সেই অৱস্থাৰ পৰা উদ্ধাৰ পোৱাৰ কি উপায় কৰিছে জানিবলৈ মন যোৱাত Chief Regional Manager ৰ কাৰ্যালয়লৈ গ'লো । তাত জানিলোঁ যে এইবোৰ একেদিনাই হোৱা কাম আৰু তেওঁলোকে তৎক্ষণাত কৰিও দিলে ।

আজিৰ দিনত নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ হ'লে ৰাজহুৱাখণ্ডৰ বেংকৰ কৰ্মচাৰী সকলেও  মনত ৰাখক ঃ
"Customers now care about service more than convenience . Gone are the days where customers would pick your bank just because you’re the nearest one. Customers are now willing to go an extra mile to get better service. Customers always have feedback about their experience at the bank. Provide your guests a chance to give their feedback about their dealings in your bank on-premises. Listen to each customer.Know the issue and fix them. Find out what your customers find lacking at the bank and services – be it more self-service, better trained staff or more. Ask how you can improve their experience and improve on it. "

এই যে গ্ৰাহকৰ প্ৰতি দুই একৰ  অভব্য ব্যৱহাৰ , জানিব খোজা কথাবোৰ সঠিককৈ বুজাই দিয়াৰ প্ৰতি  প্ৰকাশ্য অনিহা প্ৰকাশ  , গ্ৰাহকৰ পৰা লোৱা Documents নেহেৰোৱাকৈ ৰখিব লগাৰ দায়িত্বৰ প্ৰতি অজ্ঞ  এইবোৰ এটা Lead bank ৰ বাবে আজিৰ দিনৰ স্থিতি হোৱা  অনুচিত । আমি চৰকাৰ আৰু বেংকৰ মুখ্য কাৰ্যালয়ৰ দৃষ্টিগোচৰ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ । অসমৰ গাঁৱে -ভূঞে শাখা থকা এই বেংকৰ কৰ্ম সংস্কৃতিৰ পৰিবৰ্তন অবিহনে চৰকাৰৰ Cash less ব্যৱস্থা কেনেকৈ সম্ভৱ হ'ব পাৰে ??

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?