Posts

Showing posts from December, 2016

परं वैभवं नेतुमेतत् स्वराष्ट्रं

Image
এবুকু আশা লৈ ২০১৬ ৰ শেষ সুৰ্য্যাস্তৰ ফটোখন লৈ থলো । আকৌনো ক'ত পাম এই দিনটো , এই দৃশ্যটো । খিৰিকী খন মাৰিবলৈ আহি দৃশ্যটো ধৰি ৰাখিলোঁ  । নতুন উচাহ - নতুন প্ৰতিশ্ৰুতি লৈ এটা নতুন দিনে শুদ্ধ চিত্তৰে  সাজিছে-কাচিছে এটা নতুন ইংৰাজী বৰ্ষক  আদৰি আনিবলৈ । সকলোৱেই প্ৰস্তুতিৰ অন্তিম মূহুৰ্তত -  বিদায় দিব লাগিব ৰং ধেমালিৰে এটা বছৰ । সকলো কথাই সূৰ্য্যোদয়ৰ পিছত নতুন হ'ব । শিশু সকলৰ বাবে একোটা নতুন শ্ৰেণী কোঠা , নতুন পাঠ্যক্ৰম , নতুন uniform ;  যুৱ সমাজৰ বাবে সম্প্ৰতিৰ আধাৰত  নিকা  সমাজ গঢ়াৰ  নতুন দায়িত্ববোধ ; প্ৰাপ্ত বয়ষ্ক সকলৰ বাবে দেশৰ শিশু - যুৱ - মহিলা সকলক জ্ঞান আৰু কৌশল বিষয়ক মাৰ্গ দৰ্শন তথা   চৰকাৰৰ নতুন আঁচনিক সৰ্বাধিক ৰাইজৰ কাষলৈ পৰিপাটিকৈ  নিয়াৰ নিশ্চিত প্ৰযত্ন । চৰকাৰেও নতুন বছৰৰ নতুন  দিগন্তৰ প্ৰাৰম্ভত  দেশৰ ৰাইজৰ কল্যাণৰ চিন্তাৰে ন ন আঁচনি আৰু নিকা - দক্ষ প্ৰশাসনৰ কৌশল ৰচনা কৰিব । মুঠতে কেউফালে নতুনৰ সমাহাৰ । ২০১৭ ত আমি আমাৰ ব্যৱস্থাক আৰু অলপ নিকা আৰু স্বচ্ছ কৰিবলৈ সংকল্পবদ্ধ হ'ব লাগিব । কৰ্ম সংস্থাপন বৃদ্ধি হ'ব লাগিব উৎপাদনম...

সাম্প্ৰদায়িক সম্প্ৰতি আৰু আমাৰ বিবেকৰ চিন্তা

Image
আমাৰ জীৱন কালত বহুত ঘটনা হয় । সেইবোৰ  আমি সাধাৰণ ৰাইজে কোনে কোন সময়ত কি ভাবে লওঁ সেইটো বৰ ডাঙৰ কথা । যি সকলে  কাম এটা কৰে  তেওঁলোকে কেতিয়াবা  হয়তো কি ভাবি কি কৰিছে বা কৰিলে গমেই নেপাই । বিষয়বস্তুত পাক দি আমেজ পোৱা   আমিবোৰে সেইটো  কি ধৰণে লৈছো তেওঁলোকে  গম নেপাই ।  এনেকুৱা বহুত ঘটনা হয় যিটো হওঁতে ঘটনা নাছিল ,  কিন্তু পিছত গৈ ঘটনাৰ ৰূপ পাই । আমি জীৱনৰ বাটত সকলো কথাই এনেদৰে লোৱাৰ ফলত আমাৰ মাজত এক বিভেদৰ সৃষ্টি হবলৈ যত্ন চলে  । পিছে বাৰেৰহণৰ এই সংস্কৃতিৰ পিঠত সেইবোৰ সাধাৰণতে  সফল নহয় ।   মই তাজমহল , দৰগাহ বা আন বহু ঠাইত গৈছো । মচজিদৰ চৌহদত বা ভিতৰত  সোমোৱাৰ সৌভাগ্য আজিকোপিত  হোৱা নাই ।  সৌভাগ্য  হ'লে আৰু কেতিয়াবা নিমণ্ত্ৰণ পালে  নিশ্চয় এবাৰ যাম ।  প্ৰাৰ্থনা গৃহ যাৰেই নহওঁক , সেয়া ওপৰৱালাক স্মৰণ কৰা স্থান আৰু ই মোৰ দৃষ্টিত পৱিত্ৰ ঠাই  । তথাপি এষাৰ কথা আছে "মাতিলে ৰণলৈকো যাবা, নেমাতিলে ভোজলৈও নেযাবা । " তেতিয়া আত্মীয়তা বৰ্তি থাকে । আমাৰ মন্দিৰ বা নামঘৰৰ চৌহদত  অন্য ধৰ্মীয় সকলো মানুহ সোম...

Atal Bihari Vajpayee on his 92nd Birthday (Collection)

Image
Atal Bihari Vajpayee  (born 25 December 1924) is an Indian politician who was the 10th Prime Minister of India, first for 13 days in 1996 and then from 1998 to 2004. A leader of the Bharatiya Janata Party  (BJP), he is the first Prime Minister from outside the Indian National Congress  party to serve a full five-year term. A parliamentarian for over four decades, Vajpayee was elected to the  Lok Sobha (the lower house of Indian Parliament) ten times, and twice to the Rajya Sobha (upper house). He also served as Member of Parliament for Lucknow  , Uttar Pradesh, until 2009, when he retired from active politics due to health concerns. Vajpayee was one amongst the founder members of erstwhile Bharatiya Jana Sangh , which he had also headed. He was also the Minister of External Affairs  in the cabinet of Morarji Desai. When Janata Government  collapsed, Vajpayee restarted the Jana Sangh as the Bharatiya J...

এয়া ৰাইজৰ সক্ৰিয় ভূমিকাৰ ফল

Image
এয়া আজিৰ  ৰাইজৰ সক্ৰিয় ভূমিকাৰ ফল , দেশৰ প্ৰতি দায়িত্ব বোধ আৰু জন সচেতনতাৰ প্ৰকাশ । এই কাম মেডিয়া বা আন তেনে প্ৰহৰীয়ে কেতিয়াও নকৰে । তেওঁলোকে  কেৱল দামদৰ কৰিব । পিছে  ৰাইজৰ সচেতনতা যিমানেই বাঢ়িব , সিমানেই চৰকাৰৰ স্বচ্চতা বৃদ্ধি হ'ব । বাধ্য হ'ব চৰকাৰ । ক'লা টকাৰ পাহাৰ গঢ়া সকলৰ এটা কথাৰ অনুভৱ নাছিল বা বোধহয় এতিয়াও হোৱা নাই । তেওঁলোকৰ শ্ৰম কৰাৰ ক্ষমতা নাই । আছে তেওঁলোকৰ শোষণ কৰাৰ ক্ষমতা । সেই শোষণ কাক কৰে ? তেওঁৰ চৌপাশে তেওঁৰ শুশ্ৰষা কৰা সকলৰ দৰে লোকক যাৰ সংখ্যা পূৰ্বৰ চৰকাৰৰ নেতা সকলৰ হিচাপত ৬০% । তেনে ? তেওঁৰ চৌপাশৰ সেই ৬০% লোকে দেশ গঢ়ো বুলি ভাবিলে নিস্তাৰ পাব নে ? মোক এজনে ২০০৫ - ২০০৮ চনত মোৰ তিনিটা বছৰৰ অশেষ  শ্ৰমৰ মূল্য নিদিলে । সোধাত ক'লে যে  তেওঁৰ তাত থকা  অন্য ব্যৱসায়ত raid এটা পৰাৰ বাবে বোলে ৪.৫ লাখ গ'ল । সেই বাবেই নিদিলে । ধন নাই হেনো সেয়ে !!!!  এই যে মোৰ প্ৰাপ্য  নিদিলে , তাত মোৰ পৰিয়ালৰ প্ৰতি সদস্যৰ অসীম ত্যাগ আৰু কষ্ট সোমাই আছিল । কাৰণ মই সেই কাম কৰিবলৈ যাওতে তিনিটা বছৰ মোৰ সন্তান , পৰিয়াল কাকো সময় বা সুবিধা একো দিব নোৱাৰিলোঁ । মোৰ ...

সমালোচনাৰ খাতিৰত সমালোচনা

Image
সমালোচনাৰ খাতিৰত সমালোচনা ,  বিৰোধী পক্ষৰ সদস্য হোৱাৰ সুবাদত বিৰোধিতা আদিৰ অৰ্থ একেই । আমি সৰহখিনি সময় আনৰ কামৰ সমালোচনা কৰাত ব্যয় কৰোঁ । কিন্তু আমি এনে চিন্তা খুউব কম মানুহেই কৰো যাৰ দ্বাৰা সমালোচনাৰ আগত "গঠনমূলক" শব্দৰ প্ৰয়োগ কৰিব পাৰোঁ । আমি নিজেই নেজানো আমি আচলতে কি বিচাৰো । সেইটোৱেই আমাৰ জীৱনত সকলোতকৈ ডাঙৰ deficiency । এনেকুৱা অৱস্থাত  সজ আৰু ধূৰ্তক বিচাৰি উলিওৱা সহজ কাম নহয় । এজন মানুহৰ বৰ ভাল সমালোচক বুলি খ্যাতি থকাৰ অৰ্থ তেওঁৰ স্বভাৱ সদায় গুৱত চকু পৰা হ'ব নেলাগে । এজন বন্ধু সন্ধিয়া সময়ত আনজন বন্ধুৰ ঘৰলৈ  ফুৰিবলৈ গ'ল । গৃহস্থই ক'লে -"আহা বন্ধু , আহা । এন্ধাৰ হ'লেই আৰু ।"  বন্ধুৱে ক'লে - "নাই ক'ত এন্ধাৰ হৈছে , বেলি দুবিল বাবে পোহৰ নাইকীয়া হৈছে ।" গৃহস্থই বোলে -"আজি গৰম অলপ বেছিয়েই বুজিছা । বতৰটো গোমাই আছে যে ।"  বন্ধুৱে ক'লে - "নাই বতৰ ঠিকেই আছে বুজিছা , ডাৱৰে ঢাকি থোৱা বাবে গুপ-গুপাই আছে । এইযে বিৰোধিতাৰ খাতিৰত বিৰোধিতা , সেইটো চাই সেই সমালোচক সকলৰ প্ৰতি মোৰ পুতৌ ওপজে । পৰিবৰ্তনৰ বৰ প্ৰয়োজন আজিৰ দি...

Social Media আৰু আমি

Image
"দেশৰ ৫০% গাঁৱত আজিও বিজুলীৰ যোগান হোৱা নাই তাত মোডীজীয়ে নগদহীন লেনদেনৰ কথা কয় !!" এই সকলো বক্তব্য দিয়া ব্যক্তি মিলি আমাৰ দেশক ৬০ বছৰ শাসন কৰিলে বুলি ক'বলৈ তেওঁলোকৰ অলপো লজ্জাবোধ নোহোৱা দেখি মই এজন নাগৰিক ৰূপে অত্যন্ত লজ্জিত হৈছো । মই নৱ প্ৰজন্মৰ যুৱক যুৱতী সকলৰ সন্মুখত থিয় হৈ , তেওঁলোকৰ চকুত চকু থৈ ক'বলৈ অপাৰগ যে সেইসকল (1) অপদাৰ্থ , (2)অপৰিপক্ক (3) কামিহাড় হীন (4) দেশৰ অৰ্থনৈতিক ব্যৱস্থা সম্পৰ্কে জ্ঞান শুন্য   ৰাজনৈতিক নেতাক মই মোৰ দেশৰ চৰকাৰত বহুউৱাত মোৰো কিছু অৰিহণা নোহোৱা নহয় । জনকল্যাণৰ চিন্তাত গঠন হোৱা চৰকাৰে দেশৰ জনতাক সমাজ সচেতন কৰি গঢ়ি তোলাৰ স্বাৰ্থত শিক্ষিত কৰি তোলাতো তেওঁলোকৰ প্ৰথম কাম বুলি বিবেচনা কৰে । সেয়ে নহ'লে চৰকাৰৰ আঁচনি সমূহৰ সঠিক প্ৰচাৰ আৰু প্ৰসাৰ সম্ভৱ কেতিয়াও নহয় । দুটা উদ্দেশ্য আগত লৈ চৰকাৰে এনে অব্যৱস্থিত ৰূপত চৰকাৰ চলাবলৈ প্ৰয়াস কৰিব পাৰে । এটা হ'ল দুৰ্নীতিৰ প্ৰৱল হাবিয়াস আৰু আনটো হ'ল  দীৰ্ঘ কাল অশিক্ষিত ৰাখি জনতাক শোষণকৰা কাম  অব্যাহত ৰখা । এই দুইটা উদ্দেশ্যৰ সফল প্ৰয়োগ হ'ল আজিৰ দেশৰ  এই অৱস্থা । যি চৰকাৰৰ সমাজৰ সকলো স...

Is it illegal to have a side-business along with a government job?

Image
Is it illegal to have a side-business along with a government job? A reply was found: "Legally, a government employee is not allowed to do any business in India. However, that doesn't stop them from doing one. They can start a business on their spouse name, or children's name and supervise the business. I know many people who do that. Just the business will be on the name of others legally, but the entire business will be run on their own credibility.  To sum up, simply - NO. A government employee is not allowed to have a business."- How many valuers giving their services to various banks and financial institutions when in government service ? How many firms and individuals doing technical consultancy as "Registered technical consultancy firm" or "Registered technical consultant" when they were in government pay role when so many young unemployed technical persons are sitting idle ?? Government should go through it very carefully.    ...

অসমীয়া ৰাজহ কৰ্য্যালয় আৰু ঘটিৰাম-বাটিৰাম

Image
মাটি বাৰীৰ সকলো নথিৰ ৰেকৰ্ড  সাধাৰণ অৱস্থাত বিচাৰিবৰ বাবে সকলোতকৈ উপযুক্ত স্থান হল RKG  শাখা ।  অসমত April, 2011 ৰ পৰা Computerization ৰ নামত কোনো ৰেকৰ্ড সদৰ জমাবন্দিত নাই । সদৰ জমাবন্দি RKG শাখাত থাকে । চক্ৰ বিষয়াৰ কাৰ্য্যালয় সমূহত computer entry সমূহত থকা অজস্ৰ ভুলৰ বাবে ৰাইজৰ এতিয়া RKG record চাই শুদ্ধ কৰাৰ উপায় নাই । যিবোৰ কাম কম্পিউটাৰাইজড্ হ'লে ৰাইজৰ উপকাৰ হ'ব বুলি ঢোল বাজিছিল , সেইবোৰ এতিয়া বুমেৰাং হ'ল । নতুন চৰকাৰে land survey কৰাৰ অত্যন্ত প্ৰয়োজন । মাটিৰ সম্পৰ্কিত  এইবোৰ কাম যিমান পাৰি  সৰল কৰিব লাগে । যাতে সাধাৰণ মানুহেও বুজিব পাৰে । "লিখিতং-কৰিতং" ৰ দিন নাই ।  ইমানেই দীঘলীয়া ব্যৱস্থাৰে ভূমি বন্দোৱস্তিৰ নিয়ম  কৰি ৰখা হৈছে ,  যে বিভাগটোৰ তলা-নলা সাধাৰণ মানুহে কেতিয়াও নেপাই । সেয়ে সমগ্র কাৰ্য্যালয়বোৰত দালাল ৰাজ চলে । চৰকাৰে নিম্নতম ভূমি ক্ৰয় আৰু land  exchange ৰ অনুমতিত এটা স্থিৰ আৰু স্পষ্ট নিয়ম কৰক । Surveyed map কৰি  Directorate of town and Country planning ত দিয়াৰ ব্যৱস্থা কৰক । এইবোৰত মাটিৰ শ্ৰেণী স্পষ্টকৈ উল্লেখ থাকক । ...

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?

Image
কৃত্ৰিম বানপানী ৰোধকৰাৰ বাবে কাম কৰাৰ এইয়া উপযুক্ত সময় । তাৰবাবে চৰকাৰে পৰিকল্পনা কৰি কামত হাত দিব লাগিছিল । কৰিব লগা কামৰ ভিতৰত মুখ্যতঃ  :- * বৰ্তমান থকা নৰ্দমা সমূহৰ পৰিস্কাৰ কৰণৰ কাম । নিৰ্মান হোৱা নৰ্দমাৰ  ভিতৰত ৰৈ যোৱা বস্তা , পিচত  আমি পেলোৱা পলিথিনত আবদ্ধ ময়লা, বটল-টিং আদি । * প্ৰতি ঘৰৰপৰা পকীনলাৰে মূলনলালৈ পানী অহাৰ বাধ্যতামূলক ব্যৱস্থা কৰা । সেই কামৰ তদাৰক কৰাটো গৃহ নিৰ্মাণ অনুমতি দিয়া বিভাগ বোৰৰ । কিন্তু তেওঁলোকে সেই কাম নকৰে । সেইটো নিশ্চিত নহ'লে অন্য সুবিধাৰ পৰা বঞ্চিত কৰিবৰ আইনগত ব্যৱস্থা হওঁক । * যতেই নিৰ্মাণৰ অনুমতি দিয়া হয় তাত নিৰ্মাণ কৰিবলৈ লোৱা গৃহৰ কেউফালে এৰিব লগা জোখৰ মাটি এৰাটো নিশ্চিত কৰিব লাগে । অনুমতি সমূহৰ তেতিয়াহে অৰ্থ থাকে । এতিয়া বহু ঠাইত সীমা দেৱালত ঘৰৰ বা গেৰেজৰ দেৱাল হৈ আছে । তেনে সকলৰ বৰষুণৰ পানী ক'লৈ যাব ? সেইবোৰ কোনে চাব ? বহু দ্ৰইং এনে আহে যিবোৰ স্বাক্ষৰ কৰা technical person এ সেই ভূমি দেখি পোৱাই নাই বা সঠিক আকাৰো নেজানে । এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা । * ঘৰৰ ভেটিৰ উচ্চতা পথৰ উচ্চতাৰ পৰা ২.৫ ফুট হ'ব পাৰে । তাৰ বাবে প্ৰতি এলাকাত G...

ৰাজনৈতিক সংস্থাপনৰ তাগিদা আৰু উন্নয়ন প্ৰাধিকৰণ

Image
অসমৰ উন্নয়ন প্ৰাধিকৰণ সমূহৰ কৰ্মচাৰী সংস্থাৰ তিনিদিনিয়া অধিবেশনত উলিওৱা স্মৃতি গ্ৰন্থত মোৰ এটি লেখা প্ৰকাশ কৰি তেখেতসকলৰ  যি স্নেহ প্ৰকাশ কৰিলে তাৰবাবে তেখেতসকলৰ প্ৰতি ধন্যবাদ জনাইছোঁ । চৰকাৰে অপৰিকল্পিত ভাবে কৰা পৰিকল্পনাৰ কু ফল তেখেতসকলৰ জীৱন যাত্ৰাৰ পদে পদে দেখি আমি মৰ্মাহঁত হওঁ । অকল সমালোচনা কৰিলেও নহ'ব । কোনো দৰমহাৰ নিশ্চয়তা নোহোৱা , কোনো দৰমহা গাঠনি নোহোৱাকৈ আজিৰ দিনত চলিবলৈ বাধ্য কৰা এটা বিভাগ এইটো । চৰকাৰৰ একমাত্র দায়িত্ব একোজন ৰাজনৈতিক ব্যক্তিক সভাপতি হিচাপে প্ৰাধিকৰণ সমূহত  সংস্থাপন মাত্ৰ

বিষয়া কৰ্মচাৰীৰ বদলি আৰু মন্ত্ৰীৰ দায়বদ্ধতা

Image
চৰকাৰে কোনো ব্যক্তিক চাকৰিৰ বাবে মকৰল কৰোঁতে তেওঁলোকক নিজৰ সুবিধাজনক ঠাইত নিয়োগ কৰাৰ কিবা চুক্তি থাকে নেকি ? আমি চাকৰিত নথকা সাধাৰণ ৰাইজে এই কথাটো জনা বৰ দৰকাৰী বুলিয়েই অনুভৱ কৰিছোঁ । মন্ত্ৰীৰ চিফাৰিচত বদলি ৰদ্ হোৱা একোজন বিষয়াই যোৱা পোন্ধৰ বিশ বছৰ একে ঠাইত ৰমৰমীয়া ব্যৱসায় কৰি থকাৰ উদাহৰণ বহুতো ওলাব । তেনে ব্যক্তি সকলৰ ক্ষেত্ৰত চৰকাৰৰ ধৰ্তব্য বা কৰ্তব্য কি সেয়াও ৰাইজে জনা দৰকাৰ । মই ভাবো সম্ভৱপৰ  অসমৰ সকলো ঠাইত  দুই তিনিটা বছৰৰ কৰ্ম অভিজ্ঞতা চৰকাৰী কৰ্মচাৰী সকলৰ হোৱা উচিত । শিক্ষক - কৰ্মচাৰী - বিষয়া সকলোৰে বাবে এটা নিৰ্দিষ্ট সময়ত বদলি বাধ্যতামূলক হোৱা উচিত । মন্ত্ৰী সকলে কোনো এনে আৱেদন গ্ৰহণ কৰা অনুচিৎ । দুৰ্নীতিৰ অভিযোগত আটক হোৱা গভাইতজনৰো ধৰাৰ লগে লগে চিকিৎসাৰ প্ৰয়োজন হয় । গতিকে স্বাস্থ্যজনিত কথাবোৰত কৰ্মচাৰী বিষয়াই ছুটি লোৱাৰ ব্যৱস্থা কৰি দিলেই ভাল ।

স্বাস্থ্যমন্ত্ৰী আৰু অসমৰ চিকিৎসকৰ বক্তব্য

Image
ডাক্তৰ ভৃংগেশ্বৰ শৰ্ম্মাৰ এই লেখা স্বাস্থ্য খণ্ডৰ সংস্কাৰৰ বাবে অতি মূল্যবান আৰু এইটো চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী মহোদয়ে পঢ়াৰ দৰকাৰ । অলপদিন আগতে যোৰহাটৰ  এখন নাৰ্চিং হোমত মোৰ ভতিজা এজনী আছিল । সেইখনৰ ফটো সহ মই লিখিছিলো । ৰোগীৰ বাবে নুন্যত্বম থাকিব লগা সুবিধা খিনি তাত নাই । একমাত্র  চিৰি বগাই দ্বিতীয় মহলাত খবৰটো লৈ এবাৰেই নামি আহিলোঁ আৰু প্ৰায় বহু সময় তলতে বহি থাকিলো । অন্য attendant বিলাকৰ কি হ'ব । তেনে নাৰ্চিং হোম আৰু আছে । AT Road টো বন্ধ কৰি তাত পাৰ্কিং । চৰকাৰে এইবোৰ বনাবলৈ  অনুমতি দিওঁতে কি বুলি দিছিল নেজানো । মই জনাত দুই এখনৰ অনুমতি নাৰ্চ হোষ্টেল বুলিয়েই আছে । কিন্তু সেইবোৰ কেবিন বা #Immediate #Currency #Unearthing room হে । এনেকুৱা নাৰ্চি হোমো আছে যাৰ সন্মুখত গাড়ী বাদেই , স্কুটাৰ এখন ৰাখিবলৈ ঠাই নাই । 94 বয়সৰ দেউতাক লৈ প্ৰায়ে এখন নাৰ্চি হোমত যাব লগা হয় ভাল চিকিৎসক দুজনমান আছে বাবে । সদায় Security একোজনে আগচি ধৰি কয় -"গাড়ী A.T.Road ৰ কাষত থওঁক ।" মই তাৰ পৰা দেউতাক পিঠিত কেনেকৈ নিও?  তাতে আমি আমাৰ ৰোগী সকলক থওঁ আৰু একোজন আহি দৈনিক অকল pressure টো record কৰি 40...

"কৃত্ৰিম" আৰু "অকৃত্ৰিম"

Image
(১) প্ৰকৃতিৰ পৰাই আমি আমাৰ জীৱনৰ প্ৰায়  সকলো খিনি শিক্ষা ল'ব পাৰোঁ । সু ব্যৱস্থিত ভাৱে কৰা খেতিৰ ফচলো সুন্দৰ হয় । আমি আমাৰ প্ৰত্যেকৰ পৰিয়ালত ঠিক একেই ধাৰাত ফচল পাওঁ যদিহে তাৰ প্ৰকৃত আপদাল সম্ভৱ হয় ।  লহপহকৈ বাঢ়িযোৱা সকলো  গছত ভাল ফচল পোৱা নেযায় । এয়া প্ৰয়োজনৰ অধিক manure দিয়াৰ ফলতো হয় । শিশু অৱস্থাত প্ৰয়োজনৰ অধিক দিয়াৰ ফলাফলৰ দৰেই হয় । প্ৰত্যেকেই  একোখন সুন্দৰ-সক্ষম-সজ চিন্তাৰ  লোকৰ  ঘৰ গঢ়িবৰ বাবে যত্ন কৰিলেহে এখন সুন্দৰ সমাজ গঢ়া  সম্ভৱ । (২) আমৰলি পৰুৱাৰ বাঁহ থকা গছত বগাবলৈ যত্ন কৰিছোঁ মিঠা ফল খাবলৈ । সেয়েহে বগোৱা জনৰ সৰ্ব শৰীৰত পৰুৱাই আক্ৰমণ কৰিবই । এই যন্ত্ৰণা শৰীৰৰ সকলো ইন্দ্ৰীয়ই সহ্য কৰিব পাৰিলেই ফল খোৱা সম্ভৱ । অন্যথা তেনে আশা নকৰা ভাল । সজ আকাঙ্খ্যা আৰু দৃঢ়তাৰ অভাৱত ১৯৪৭ ৰ পৰা ফল চিঙাই নহ'ল । (৩)  চৰকাৰৰ সজ কাম মানে বৃহৎ সংখ্যক লোকৰ মূৰৰ কামোৰণি হ'বই । Urea ত নিম দিয়াৰ ফলত বহু উদ্যোগত কৃষকৰ নামত আবন্তিত Urea -ৰ চোৰাং ব্যৱহাৰ নোনোহোৱা হ'ল ।  আমি অতিৰিক্ত সাৰ-জাবৰত লহ-পহকৈ বঢ়া লোকৰ সংখ্যাও সমাজত  অধিক । লহ-পহকৈ বঢ়া গছৰ জীয়াই ...

THIS is why so many are getting caught

THIS is why so many money launderers are getting caught. And it will only get worse http://www.opindia.com/2016/12/this-is-why-so-many-money-launderers-are-getting-caught-and-it-will-only-get-worse/