ব্যক্তিগত খণ্ডৰ বিদ্যালয় বোৰৰ শিক্ষক সকলৰ নিম্নতম দৰমহা
চৰকাৰৰ শিক্ষা বিভাগে এটা অতি দৰকাৰী সিদ্ধান্ত - ব্যক্তিগত খণ্ডৰ বিদ্যালয় বোৰৰ শিক্ষক সকলৰ নিম্নতম দৰমহা নিৰ্দ্ধাৰণ সম্পর্কত ল'ব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে জনাইছে । ব্যক্তিগত খণ্ডৰ বিদ্যালয় বোৰৰ শিক্ষক সকলৰ নিম্নতম দৰমহা এইবাৰ চৰকাৰে নিৰ্দ্ধাৰণ কৰিবলৈ আগবাঢ়ি আহিছে । এইটো এফালৰ পৰা অতি ভাএল কাম হ'ব । কাৰণ ব্যক্তিগত খণ্ডৰ বহু বিদ্যালয়ত শিক্ষক সকলৰ দৰমহা অতি নিম্ন পৰিমানৰ আৰু এজন সাধাৰণ শ্ৰমিকৰ দৈনিক হাজিৰাৰ চাৰিভাগৰ এভাগো নহয় ৷ এই সকল শিক্ষকে পুৱা ৮ বজাৰ পৰা পাঠ দান কৰি চুটিৰ পিচতো বিদ্যালয়ত কাম কৰে বা বন্ধৰ দিনতো বিভিন্ন কার্যসূচীৰ কাম কৰিবলৈ বাধ্য ৷ এইটো শিিক্ষত মানৱ সম্পদৰ ডি-ভেলুৱেশ্যনৰ দৰে হৈ আছে ৷
আনফালে আকৌ এটা ডাঙৰ সমস্যা আহিব । ব্যক্তিগত খণ্ডৰ বিদ্যালয় বোৰৰ ভিতৰত শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত প্ৰায় ৫০০ বিদ্যালয় অসমত আছে আৰু সেইবোৰ বিদ্যালয়ৰ শৈক্ষিক মাচুল Xavier, Convent, DonBosco আদি বিদ্যালয় বোৰৰ দৰে নহয় । এই বিদ্যালয়বোৰ কোনো profit making business ও নহয় আৰু ইয়াত সংগ্ৰহ হোৱা শৈক্ষিক মাচুলৰ প্ৰায় ৮০% বা তাতোধিক শিক্ষক -কৰ্মচাৰীৰ মানধন দিয়াত ব্যৱহাৰ হয় । বাকী ১০/২০% বিদ্যালয়ৰ দৈনন্দিন বা মাহেকীয়া খৰছত ব্যৱহাৰ হয় । এই বিদ্যালয় সমূহত সাধাৰণতে সাধাৰণ দৈনিক বা মাহেকীয়া উপাৰ্জনৰ অভিভাৱক সকলে তেওঁলোকৰ সন্তান সকলক পঢ়ায় আৰু বিদ্যালয় সমূহৰ ফলাফল অতি উচ্চ মানৰ হৈ আছে । তেওেঁলাকৰ এনে বহু বিদ্যালয় আছে , যি বোৰৰ ছাত্ৰ ছাত্ৰী সংখ্যা ২৫০/৩০০ ৰ ভিতৰত আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চমাধ্যমিকলৈ সকলো শ্ৰেণী থকাত শিক্ষকৰ সংখ্যাও প্ৰয়োজন মতে আছে বা থাকিবলৈ বাধ্য । শিশু শিক্ষা সমিতিৰ এই বিদ্যালয় সমূহৰ অভিভাৱক সকলে আন ব্যক্তিগত খণ্ডৰ বিদ্যালয় বোৰৰ দৰে পৰ্যাপ্ত পৰিমাণৰ মাচুল দিয়াটো সম্ভৱ নহয় । তেনে অৱস্থাত চৰকাৰৰ সিদ্ধান্তই যে শিক্ষা জগতত এটা ডাঙৰ বিসংগতি আনিব সেই কথাটো প্ৰায় খাটাং ।
এই সিদ্ধান্ত কৰোতে Xavier, Convent, DonBosco আদি বিদ্যালয়বোৰেই অসমৰ শিক্ষা খণ্ডত পুনৰ মূখ্য ধ্বজাবাহক হ'বলৈ আগবাঢিব সেইটো হয়তো খাটাং । ৰাইজৰ দৃষ্টিৰে চৰকাৰৰ তৰফৰ পৰা শঙ্কৰদেৱ, জাতীয় বিদ্যালয়বোৰৰ শ্মশান যাত্ৰাৰ ব্যৱস্থাৰ বাবে তৎপৰ হোৱাৰ দৰেই বিৰূপ প্ৰভাৱ হয়তো পৰিবগৈ । এই সমগ্ বিদ্যালয় সমূহত আওল লাগিব, যিটো এক বুমেৰাং সদৃশ হ'ব পাৰে । অতি সম্প্ৰতি জনামতে চৰকাৰে অহা কেইটামান দিনত বহু চৰকাৰী বিদ্যালয় হয় বন্ধ কৰিব বা অন্য বিদ্যালয়ত জাপি দিয়াৰ ব্যৱস্থা কৰিছে ৷ যোৰহাট নগৰতে বোধহয় আঠখন মান এনে বিদ্যালয়ৰ তালিকা চৰকাৰৰ ঘৰৰ পৰা বিদ্যালয় পৰিদর্শকলৈ আহিছে আৰু দুই এদিনত সেইবোৰ সংশ্লিষ্ট বিদ্যালয় সমূহক অৱগত কৰা হ'ব ৷ কথা হ'ল এই বিদ্যালয় বোৰত কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী পঢে় ? মই তেনে এখন বিদ্যালয়ত চৰকাৰৰ ইচ্চাত জডি়ত হৈ বুজিলোঁ যে এই বিদ্যালয়ৰ ভৱিষ্যত নায় ৷ কাৰণ দশম শ্ৰেণীত দুজন ছাত্ৰ আছে যি এই সমগ্ৰ শৈিক্ষক বর্ষটোত পোন্ধৰ দিন বিদ্যালয়লৈ আহিছে ৷ অপ্ৰাণ চেষ্টাৰ বলতো ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত উপস্থিত ৰাখিব পৰা নায় ৷ ষষ্ঠৰ পৰা দশমলৈ ৫০ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত প্ৰধান শিক্ষক লৈ মাত্ৰ ৫ জন শিক্ষক ৷ তাৰে দুজন ঠিকা ভিত্তিত আছে আৰু এগৰাকী অহা বর্ষত অৱসৰ ল'ব ৷ ১০০ বছৰ অতিক্ৰম কৰা অতি নামথকা বিদ্যলয় খনৰ প্ৰতিগৰাকী শিক্ষকক মই ব্যক্তিগতভাৱে পাই জানিছো যে তেওেঁলাকৰ শিক্ষা দানত যথেষ্ট আগ্ৰহ আছে আৰু ৮-৩০ ৰ ভিতৰত সকলো বিদ্যালয়ত নিয়মিত পাঠদানৰ বাবে উপস্থিত হয় ৷ হৰিজন ক'লনি , লতিফ ক'লনিৰ ছাত্ৰ-ছাত্ৰীৰে চলি থকা এই বিদ্যলয়লৈ অহা সকলৰ মাক বাপেকৰ ব্যক্তিগত কাম বা ব্যৱসায়ত সংপৃক্ত হোৱাটো মুখ্য কথা আৰু বিদ্যালয়ত অহাটো অতি গৌন কথা ৷ অতি পৰিস্কাৰ পৰিচন্ন আৰু ব্যৱস্থিত বিদ্যালয় খনৰ প্ৰকাণ্ড চৌহদটো আৰু শিক্ষাৰ প্ৰতি অনিহা প্ৰকাশ কৰা নগণ্য ছাত্ৰ-ছাত্ৰী কেইটা দেখি মোৰ বুকু হমহমাই যায় ৷ কাৰণ মই ২০০৫ বর্ষৰ পৰা অহৰহ শিক্ষানুষ্ঠান এখনৰ সৈতে জডি়ত থাকি আৰু সুন্দৰ ফলাফল দেখি অহাৰ পিচত এই পৰিবেশে মোক ব্যথিত কৰি তুলিছে ৷ মই এখন ফিডাৰ স্কুলৰ প্ৰস্তাৱ ইতিমধ্যে যথাস্থানত দিছোঁ ৷ যাতে আগৰ ঐতিহ্যৰ কিয়দাংশ হ"লেও ওভতাই আনিব পৰা যায় ৷
এইবোৰ কথালৈ লক্ষ্য ৰাখি ব্যক্তগত খণ্ডৰ সৰু বিদ্যালয় বোৰক ফলাফলৰ ভিত্তিত চৰকাৰে যদি এটা বার্ষিক অনুদানৰ ব্যৱস্থা কৰে তেনে সাধাৰণ ৰাইজ তাৰপৰা উপকৃত হ'ব ৷ তাৰবাবে ব্যক্তিগত খণ্ডৰ বিদ্যলয়বোৰ কোনো বেচৰকাৰী স্বেচ্চাসেৱী সংস্থাৰ অন্তর্গত থকা, শিক্ষক সকলৰ ভৱিষ্যনিধি, কর্মচাৰী ৰাজ্যিক বীমাৰ ব্যৱস্থা আদি থকা , এশ শতাংশ ভাল ফল প্ৰদর্শণ কৰা আদি নিশ্চিত কৰাৰ নিয়ম কৰিব লাগে ৷এনে কৰাত শিক্ষক, বিদ্যালয় আৰু সাধাৰণ ৰাইজ সকলো উপকৃত হ'ব ৷ আমি এই বিষয়টোত শিক্ষা মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকর্ষণ কৰিলোঁ আৰু চৰকাৰৰ যি সমূহ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগন্য অথচ শিক্ষক আছে তেনে বিদ্যালয়ত বেচৰকাৰী স্বেচ্চাসেৱী সংস্থাৰ অন্তর্গত ফিডাৰ স্কুল খোলাত আৱেদনৰ ভিত্তিত অনুমতি দিবৰ বাবে আহ্বান জনালোঁ ৷ অন্যথাই ডাঙৰ স্কুল হয়তো তিষ্ঠিব, কিন্তু শঙ্কৰদেৱ, জাতীয় বিদ্যালয়ৰ দৰে ভাল ভাল ফল দিয়া বিদ্যলয় সমূহ তিষ্ঠি থকাটো সহজ কথা নহ'ব ।
This comment has been removed by the author.
ReplyDeleteসুন্দৰ উপস্থাপন মহোদয়
ReplyDeletesamayor kotha somoyot koise.bahutu byaktigot khondor bidyalaya ase jar profit earning tut he gurutwa.sikhakor salary bor kom. ati antarikotare sikhha dan kore kintu takoriya darmahare sola tan.malikor dhanda nijor collection tu falle he.
ReplyDelete