GOD MAN আৰু আমি ভাৰতীয়


এচাম ধুৰন্ধৰ মানুহৰ বাহুবল আৰু ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰৰ সৃষ্টিত দেশত এনেকুৱা GOD MAN তৈয়াৰ হয় । ৰাম ৰহিম এটা সৰু উদাহৰণ বুলিয়েই মোৰ বিশ্বাস হয় । হেজাৰ হেজাৰ কোটিৰ সম্পদ আহৰণ কৰি এটা সমান্তৰাল ক্ষমতাৰ কেন্দ্ৰ তৈয়াৰ কৰা এই সকলক চৰকাৰী ভাবে ৰক্ষণাবেক্ষণ দি Z+ Security প্ৰদান কৰা সকল আচলতে কোন তাৰো এক পৰ্যাপ্ত তদন্তৰ প্ৰয়োজন আছে । ৰাজস্থান , হাৰিয়ানাৰ দুজনমান লোকৰ পৰা জানিবলৈ পালো যে পৰিয়াল লৈ দৰ্শন কৰিবলৈ যোৱা বহু লোকে এই GOD MAN ৰ দোকানত নিজৰ সুন্দৰী পত্নীক এৰি আহিব লগা হয় । সেইটো তেওঁৰ মৰ্জিৰ ওপৰত কথা । হেজাৰ হেজাৰ এনে ভগ্নীয়ে নিজৰ জীৱন বৰ্বাদ কৰি দিলে এই পিশাচ হঁতৰ হাতত । শেষত যেনিবা কোনো সাহসী ভগ্নী ওলাল আৰু বৰ্তমান চৰকাৰৰ সেইখিনি সদিচ্ছা হ'ল যে প্ৰচণ্ড প্ৰতিৰোধ ব্যৱস্থা দি এটা GOD MAN ক আইনৰ হাঁতোৰাৰে আবদ্ধ কৰিলে । তেনে এটা এসময়ত আছিল ৰাজনিশ ।

এই মানুহ জনৰ নাম দেখি অনুমান কৰিব পাৰি যে ই এটা মহা ভণ্ড যি ধন আৰু বাহুবলেৰে অসংখ্য গুণ্ডাক শিষ্য কৰিবলৈ সক্ষম হৈছিল । GOD MAN ক আকৌ AK47 আৰু আন অস্ত্ৰৰ প্ৰয়োজন কিয় হয় ? কিয় Z+ লাগে ? চৰকাৰে এইবোৰ কথা অনুভৱ নকৰে নেকি ? নে ৰাজনৈতিক সুবিধাৰ আশাত সিহঁতৰ দৰে কুলাঙ্গাৰৰ পদজল সেৱন কৰে ?

চৰকাৰ সমূহৰ বিচাৰ পদ্ধতি বৰ উদ্ভৎ । একোজন মানুহ কেৱল GOD MAN হৈ পৰ্বত সম সম্পদ আহৰণ কেনেকৈ কৰে সেয়া  কি জনাৰ একো উপায় নাই ? একোজন ৰাজনৈতিক নেতাই হেজাৰ হেজাৰ কোটিৰ সম্পদ দহ বাৰ বছৰত কেনেকৈ কৰে সেয়াও কি জনাৰ কোনো উপায় নাই ? সকলো উপায় আছে চৰকাৰৰ হাতত । কিন্তু ক্ষমতাক নিজৰ টিকাৰ তলত ভৰাই ৰখাৰ অদম্য স্পৃহাই তেওঁলোকৰ মুখ বন্ধ কৰি ৰাখে । প্ৰচুৰ ধন সম্পদৰ অধিকাৰী হোৱাৰ পিছত মানুহ-দল-সংগঠনক কিনা সেইসকলৰ বাবে অতি সামান্য কথা । কাৰণ ভাৰতৰ দৰে এখন বিশাল দেশত সকলোতকৈ ডাঙৰ অভাব হ'ল নৈতিকতাৰ । যিটো তথাকথিত ৰাজনৈতিক দল-সংগঠনত নিতান্তই অভাৱ । আৰু দেশৰ মধ্যবিত্ত , নিম্ন মধ্যবিত্ত সকলৰ মাজত ? তেওঁলোকৰ সমস্যা Status বৰ্তাই ৰখাৰ বাবে জোৰা তাপলি মৰাৰ বাবে যোগাৰ , আৰু অলপমান আৰামৰ যোগাৰ !! সজ কৰ্ম কৰি উপাৰ্জন নকৰা এই সকলৰ মনৰ অৱস্থা Multi level marketing ৰ সেই Sky is the limit ৰ দৰে । সপোনকো বাস্তৱ কৰাৰ এটা পদ্ধতি থাকিব , সক্ষমতা থাকিব নেলাগিব জানো ? এই কথাটো উপলব্ধি নকৰাকৈ sky চুবলৈ নিজৰ প্ৰতিষ্ঠিত কৰ্ম এৰি বহুতো লোকক ভিক্ষাৰী হোৱাও দেখিবলৈ পালোঁ । একেই অৱস্থা সহজ পণ্ঠাৰে কোটিৰ পতি-পত্নী
হ'বলৈ প্ৰযত্ন কৰি বিপদত পৰা লোক । তেওঁলোকৰ সৰহ সংখ্যক কিন্তু ক্ষমতাৰ কেন্দ্রৰ পৰা inspired হয় আৰু ৰক্ষণাবেক্ষণ লাভ কৰে । ফল GOD MAN, GOD POLITICIANS ৰ জন্ম । তেওঁলোকৰ Z+ প্ৰয়োজন হয় , যি মনযায় কৰাৰ বাবে এৰি দিয়া হয় । তেওঁলোকৰ লাখ লাখ সমৰ্থক সৃষ্টি হয় বুলি ভাবো । আচলতে সেই সকলৰ গোট সমূহৰ নেতৃত্বক বিভিন্ন সা-সুবিধা দি পোহা হয় । এইসকলৰ তত্বাৱধান আৰু পালনত এক শ্ৰেণীৰ অন্ধ সমৰ্থকৰ সমস্তি তৈয়াৰ হোৱাটোৱেই GOD MAN, GOD POLITICIANS সকলৰ কৃতিত্ব নিৰ্ভৰশীল । কোনে কিমান সমৰ্থক একত্ৰিত কৰিব পাৰে তাৰ ওপৰতে তেওঁৰ প্ৰভাৱ , ক্ষমতা নিৰ্ভৰ । এনেকৈয়ে দেশ চলে আৰু সেয়ে অধিকাৰী চৰকাৰী বিভাগৰ কৰ্মচাৰী সকলো বাধ্যত পৰি তেওঁলোকৰ শৰণাপন্ন থাকে । কোনেও একো নেদেখে । এনেকৈয়ে অত বছৰ গ'ল । 

Comments

  1. JETIYA LOIKE EI GOD MAN GOD MOTHER BORAR UPOROT SARKARI SANGRAKHYAN ARU AMAR PAID MEDIAI PRACHHAR KORITHAKIBO TETIYA LOIKE IHOTOR BOJAR BONDHA NOHOI. LOGOTE AMAR NIRAKHKYAR MANUH BOR HOSETAN NOHI. RAJNAITIK PRISTHAPOSHAKOTA POWA EJON DANGOR GOD MAN ASIL:::::::CHANDRASWAMI JAR INDIRAGANDHIR SOWANI KOTHALOI KE JABO. PORA KHYAMOTA ASIL. TEUR KEBATAU KELENGKARI KOTHA ULAISIL KINTU KI TADANTA HOL JONA NEJAI. SOU SIDINA DHUKAL.

    EKE SOMOYOTE EJON ASIL BAL YOGESWAR. DHER KELENGKARI. KI HOL KONE
    JANE

    SAMBHOG OR PORA SAMADHILOI ADVUT SUTRAR AVISKAROK RAJNISH. SAGAR UNIVERSITYR ADDHYAPOK POD ERI GOD MAN OR DOKAN KHULI LOLE. RAJNITIR MUDHAFOTA LOK TEUR SANNIDHHYA OABOLOI LINE PATI THAKISIL.

    BOTAHOT HAT BULAI APPLE ULIYAY DIBO PORA SAI BABAR SUPERNATURAL POWER OR NADANTA KORIBOLE DR. NARASHIMHAN OR ADHINOT COMMETEE GOTHON KORA HOL. KINTU TEOLOKOK SOMABOLEI NIDILE. KI HOL NU?
    SRILANKAR DR. KAVUR E CHALLANGE KORISILE JODI HOSAKOI GODMAN TENEHOLE PANIR UPOROT KHOJ KHARI ARU NIJOR SAA TU NAIKIA KORI DEKHUWAUK KINTU CHALLANGE ACCEPT NOKORILE. ATHAS PRITHIBIR MUDHAPHOTA LOK TEUR ANUGAMI.
    TAR PISOT HU HIDINA RAMPALOR HARIYANAT GUNDAGIRI

    ASHA RAM BAPUR UTTAL NRITY ARU NARI KELENGKARI

    RAMBRISH YADAV OR UP T HINGSA
    ETIYA RAM RAHIM.

    RADHE MAAI BA KETIYA KI KORE
    KINTU MANUHEU SIKHHA NOLOLE ARU SORKAREU VOTOR SOMOYOT ATHU KARI VOT VIKKHA BISORAT EI GOD MAN BOROR USHOROT BYASTA.

    GOD MAN ZAKIR NAIK ARU

    TAMILNADUR DR.DINAKARANAR BRIHOT BOZAR KOTHA NOKOLUYE.
    AMAR AXOMOT GOD MAN ARUN BOTHAKUR OR KOTHABOR ASEI

    ETA KOTHA PROTYEK GODMAN BORAR KINTU NARIJONIT KELENGKARI ARU HATYAR AVIJOG INCLUDING ARUN BABU.
    KOTHA HOL RAIJE GORU SAGOLI, JOKHINI DAINI VUT PRETOKU JODI GODMAN GODESS WOMAN MANE UPAI NAI. TEULOKE TAHATOR VITOROT BHOGOBAN DEKHAPALE KORIBO KI.KINTU TEULOKOR GODMAN BORE KORA APRADH BORAK LUKUWABOLOI SESTA KORI DESHOK BONDHOK BONABOLOI DIBO NUWARI. TEULOKOR GUNDAGIRIR BABE DESHOR KHYOTI SAJYAKORIBO NOWARI. AINE KATHOR BEBOSTHA LOBO LAGE

    ReplyDelete

Post a Comment

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?