ধর্ম যুদ্ধত কাৰ পক্ষ ল’ব সিদ্ধান্ত লওঁক
গাওঁ আৰু চহৰৰ পৰিসংখ্যাৰ পৰিবর্তন হ'ল
আৰু সেয়ে দেশৰ মানুহৰ মনবোৰ সমানে বিভক্ত হৈ পৰিল ৷ আগতে ভাৰতৰ ৭০ শতাংশ লোক গাওঁ
অঞ্চলত বাস কৰিছিল । গতিকে কথা আৰু কামৰ মাজত পার্থক্য থকা, অর্থাত- এমুখীয়া মানুহৰ সংখ্যা
কমেও মুঠ জনসংখ্যাৰ ৬০% আছিল ৷ এতিয়া চহৰ আৰু গাওঁৰ পৰিসৰ ভাৰততো ৫০-৫০ হ’ল আৰু
দুইমুখী মানহৰ সংখ্যা ৭০ শতাংশৰ বেছি হ’ল ৷ আমাক এখন ভাল চৰকাৰ লাগে, ভাল সমাজ লাগে,
ভাল সংস্কাৰ লাগে, ভাল শিক্ষা লাগে, ভাল প্ৰচাৰ মাধ্যম লাগে, ভাল খাবলৈ লাগে ইত্যদি
ইত্যাদি ৷ যি সকল লোকক ভাল লাগেই তেওেঁলাকৰ মনত এই ভাল বিলাকৰ সংজ্ঞা কিন্তু সুকীয়া
সুকীয় ৷ কাৰণ তেওেঁলাকে কোৱা আৰু ব্যক্তিগত জীৱনত কৰা কামৰ মাজত নিৰন্তৰ পাৰ্থক্য
আছে ৷ নিজৰ ভাষা সাহিত্য ৰক্ষাৰ কথা ক'ব কিন্তু লৰা ছোৱালী কেইটা ইংৰাজীত পঢ়াব । এটা উদাহৰণ দিলো মাত্ৰ । আজি বামপন্থি সকলে চৰকাৰৰ সকলো কামৰ সমালোচনা কৰে , কিন্তু চৰকাৰৰ পৰা সাহিত্যিক
, সাংবাদিক পেঞ্চনৰ বাবে আবেদনো কৰি তাৰবাবে তৈলমৰ্দন কৰে ৷ সজ চিন্তা প্ৰকাশ কৰে, কিন্তু নিজৰ বিদ্যালয়ৰ নামত কলেজৰ লৰা আনি Tournament খেলে । বিধান মণ্ডলীয়ে চৰকাৰৰ বিধায়ক – সাংসদ সকলৰ
দৰমহা আৰু আন সুবিধা বৃদ্ধিৰ প্ৰস্তাৱ প্ৰতি বছৰে পাছ কৰে ৷ কোনোবা বিভাগত বছৰ বছৰ ধৰি কৰা সেৱাৰ বিপৰীতে দৰমহা নেপাই আত্মহত্যাও কৰে ! তেওঁলোকৰ কোনেও কিন্তু সাধাৰণ জনতাৰ বাবে সুবিধা
হোৱা কাম নিজৰ দৰমহা বৃদ্ধিৰ দৰে খৰ গতিত নকৰে ৷ সভাই সমিতিয়ে সমাজৰ কল্যাণৰ কথাই কয় ৷ কিন্তু চৰকাৰী
আঁচনিৰ ৰূপায়নৰ ধন তেওেঁলাকেই বিষয়াৰে মিলি আত্মস্যাৎ কৰে ৷ এইটো সম্ভৱ হয় গ্ৰাম্যাঞ্চলৰ
এমুখীয়া মানুহৰ পৰা নহয় ৷ এয়া দুমুখীয়া লোকৰ পৰা সম্ভৱ হয় ৷ কাৰণ চহৰমুখী মানুহৰ মাজত
শিিক্ষত লোকৰ সংখ্যা বেছি হয় বাবেই সেই সকলৰ মাজত ধূর্ত লোকৰ সংখ্য বেছি ৷ সেয়ে তথাকথিত
বুদ্ধিজীৱি সকলক লৈ সমাজ বা দেশ উপকৃত কেতিয়াও নহয় ৷ আমি যোৱা ২০ বছৰে উত্থাপন কৰা
বহু বিষয় এতিয়া আমাৰ চিন্তাৰ আওঁতাৰ বাহিৰত ৰাখিছোঁ . কাৰণ দুর্বল অৱস্থাত আমি জনসাধাৰণৰ
কাষে কাষে ঘুৰোতে যি উপলব্ধি প্ৰকাশ কৰিছিলোঁ , সেয়া আমি কার্যেক্ষত্ৰত এতিয়া বলবৎ
কৰিব নোৱাৰো ৷ ৰূঢ় বাস্তৱ আৰু আমাৰ মনৰ আকাঙ্খ্যা তেনেই সুকীয়া ৷ এই কথাবোৰ আমি
নিজৰ মনক যদি এবাৰ মনে মনে সোধো, মনে হয়তো সোঁৱৰাব ৷ বাহিৰত প্ৰকাশ নকৰিলেই হ’ল
! সংগঠন বোৰৰ স্পষ্ট স্থিতিৰ অভাৱত আজি আমি সমস্যা জর্জৰ ৷ এনেকৈয়ে যাব দিনবোৰ ৷
যি হৈছে ভাল হৈছে বুলিয়েই লোৱাৰ লগে লগে আমি বিষয়বোৰ নিজৰ মনত আৰু দল সংগঠনৰ মজিয়াত
পর্য্যালোচনা কৰা বৰ দৰকাৰ ৷ এতিয়া কংগ্ৰেছ ক্ষমতাত নাই ৷ তেওঁলোকেও বিগত দিনৰ কর্মৰ
পর্য্যালোচনা কৰিব লাগিব আৰু মহাভুল সমূহ, অপকর্ম সমূহ স্বীকাৰ কৰি ল’ব লাগিবই ৷ অন্যথা
তেওেঁলাকৰ সংকোচন আৰু অধিক হ’ব আৰু এটা সময়ত ইতিহাস হৈ পৰিব ৷ ভাজপাৰ ক্ষেত্ৰতো কিন্তু
কথা একেটাই ৷ পাহাৰ বগোৱাৰ অনেক কষ্ট তেওেঁলাকৰ উপলব্ধিতো আছে ৷ ওখ পাহাৰৰ পৰা সৰি
পৰিলে হোৱা আঘাটৰ কথাও তেওেঁলাকৰ উপলব্ধিত আছে ৷ ভাৰত ৰত্ন অটলজীয়ে দেশক পাঁচটাবছৰ
এখন সুন্দৰ সফল চৰকাৰ দিয়াৰ পিছত কাৰো কেতিয়াও মনত অকণমান চিন্তা নাছিল যে পুনঃ কংগ্ৰেছৰ
চৰকাৰ হ’ব ৷ এই যে আজি পাহাৰৰ শিখৰৰ বহু উচ্ছতাৰ পৰা কংগ্ৰেছ সৰি পৰিল তাৰ যন্ত্ৰণা
তেওেঁলাকৰ পূর্বসুৰী পাঁচবছৰীয়া এন.ডি.এ. চৰকাৰ সৰি পৰোতে হোৱা কষ্টতকৈ অনেকগুণ বেছি
৷ কোন কিমান ওপৰৰ পৰা পৰে তাৰ ওপৰত জখম নির্ণয়
হয় ৷ অনুশোচনাৰ দৰকাৰ আছিল দলত ৷ কিন্তু ৰাজনীতিৰ সামান্য পাঠ হজম কৰিব নোৱাৰা ৰাজপৰিয়ালৰ
উত্তৰাধিকাৰীৰ নেতৃত্বত সেয়া সম্ভৱ নহ’ব ৷ সেইটো ভাজপা দলৰ বাবে অহা যুদ্ধত মূলধন
৷ এতিয়াও এচাম নেতাই টিঙৰ পৰা নমা নাই ৷ এই কথা বুজা আৰু নির্ভয়ে স্পষ্ট ৰূপত ক’ব পৰা
লোকক চৰকাৰ বা প্ৰচাৰ মাধ্যমে প্ৰশ্ৰয় কেতিয়াও নিদিয়ে বা দিব নোৱাৰে ৷ জনপ্ৰীয়তাৰ
শীর্ষত থকা মাধ্যমৰ লোক সকলৰ সংস্থাপক সকল কোন ? সেইটো এটা আমোদজনক চিন্তা হ’ব
যদিহে আমি বিষয়টোৰ ভিতৰলৈ ভালকৈ সোমাব পাৰো ৷ এয়া যুক্তিৰে পটিয়ন নিওৱাৰ যুগ ৷ কলি
যুগত স্বভাৱত চতুৰ, সম্পদত চহকী আৰু ভাল বক্তা হ’ব নোৱাৰিলে দেশ আৰু দলৰ প্ৰশাসনত
কোনো থাকিব নোৱাৰে ৷ চৰকাৰৰ সৌভাগ্য যে বিপৰীত পক্ষত তেনে কোনো প্ৰবক্তা নাই
যি চৰকাৰী পক্ষক টক্কৰ দিবৰ ক্ষমতা আছে ৷ সেয়ে এইবাৰ ২০১৯ চনত ভাজপাৰ লক্ষ্য ৩৬০ খন
আসন ৷ সেইবোৰ সামৰি আজি হোৱাটচ্ এপত হিন্দীত এটা মেচেজ পালোঁ যাৰ অর্থ তলত দিলোঁ
৷ কিন্তু লগতে এটা আহ্বানো জনালোঁ ৷ পদে পদে নিজৰ কর্মৰ পর্যালোচনা কৰক আৰু জনসমূহৰ
কল্যাণ আৰু দুখ কষ্টক ওচৰৰ পৰা লক্ষ কৰি ব্যৱস্থা লওঁক ৷ ইণ্টাৰনেট ব্যৱস্থাই প্ৰচাৰত
প্ৰচুৰ ভূমকিা লৈছে আৰু ল’ব ৷ সমান্তৰালভাৱে নিজৰ ভিতৰত বিচাৰ বিমর্ষ কৰাৰ সুযোগো
দিব ৷ কোটি কোটি লোকৰ ওচৰলৈ বার্তা যাবলৈ মাত্ৰ এক চেকেণ্ডৰ প্ৰয়োজন ৷
“ মোডীজী আৰু অমিত শাহে বিপক্ষৰ বিৰোধী
সকলক দলত কিয় স্বীকাৰ কৰি লৈছে ? তেওেঁলাকৰ মতে- “যি সকল ধর্মৰ পক্ষত আছে তেওেঁলাকে
যুদ্ধৰ আৰম্ভ হোৱাৰ পূর্বে আমাৰ পক্ষত আহিব পাৰে ৷ যি সকল অধর্মৰ পক্ষত আছে তেওেঁলাকে
আমাৰ পক্ষৰ পৰা যাব পাৰে ৷-শ্ৰীকৃষ্ণ”
কুৰুেক্ষত্ৰ যুদ্ধত দুটা বিশাল সেনাবাহীনি
মুখামুখী হৈ যুদ্ধ কৰাৰ আগত ভগৱান শ্ৰীকৃষ্ণৰ আদেশত যুধিষ্ঠিৰে সকলো যোদ্ধা সৈনিকৰ
ওচৰত ঘোষণা কৰিছিল যে কুৰুক্ষেত্ৰৰ যুদ্ধ এক ধর্ম যুদ্ধ ৷ সেয়ে দুই পক্ষৰ সকলো সৈনিক
যোদ্ধাই মন দি এই কথা শুনক ৷ মোৰ সেনা যোদ্ধা সকলৰ মাজত যদি এনে কোনো লোক আছে
, যি ধর্ম আমাৰ প্ৰতিদন্দিৰ পক্ষতহে আছে বুলি বিস্বাস কৰিছে, তেনে সেইসকলে আমাৰ শিবিৰ
ত্যাগকৰি প্ৰতিপক্ষৰ শিবিৰলৈ যাব পাৰে ৷ আৰু প্ৰতিপক্ষত (দুর্যোধনৰ সেনাত) থকা কোনো
যোদ্ধা-সেনাই যদি ধর্ম আমাৰ পক্ষতহে আছে
বুলি বিস্বাস কৰিছে, তেনে সেইসকলে আমাৰ শিবিৰলৈ আহিব পাৰে ৷ মই তেওেঁলাকক আমণ্ত্ৰণ
জনাইছোঁ ৷ যুধিষ্ঠৰৰ এই আহ্বান শুনি দুই পক্ষত কেউফালে নিজম পৰি গ’ল ৷ তেনেতে দুর্যোধনৰ
শিবিৰৰ পৰা এখন ৰথ যুধিষ্ঠিৰৰ শিবিৰলৈ আগবাঢি় আহিল ৷ য’ত দুর্যোধনৰ ভাতৃ যুযুত্সু
আছিল ৷ তেওঁৰ গমনত দুেৎাধনে কৈছিল- সি যাবই , কাৰণ মাহীআইৰ লৰাহে ৷ তেয়িয়া নকুল- সহদেৱৰ
মোমায়েকে দুর্যোধনক কৈছিল – সেইটো কথা নহয় দুর্যোধন, তেওেঁলাকৰ পক্ষতো দুজন মাহীমাকৰ
ল’ৰা আছিল ৷ তেওেঁলাক দেখোন এইফালে নাহিল ৷ ধর্ম যুদ্ধত প্ৰতিজন যোদ্ধাৰ নিজৰ ব্যক্তিগত
সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকে ৷” আমি আমাৰ দললৈ বিভিন্ন পক্ষৰ পৰা অহা মানুহবোৰক লৈ
বিভিন্ন সমালোচনা কৰোঁ ৷ কলি যুগত যুদ্ধৰ সেই নিয়ম যদিও নাই, আমি কিন্তু যুযুত্সু
সকলক ২০১৯ ৰ যুদ্ধৰ শংখনাদ্ হোৱাৰ পূর্বে আহ্বান জনাওঁ , আপোনালোকে অহা ধর্ম যুদ্ধত
কাৰ পক্ষ ল’ব সিদ্ধান্ত লওঁক ৷ আমি ধর্মৰ পক্ষত আছো বুলি ভবা সকলক আমাৰ সাদৰ আমণ্ত্ৰণ
আছে ৷ আৰু যি প্ৰতিপক্ষক ধর্মত থকা বুলি জ্ঞান কৰে, তেওেঁলাকলৈ শুভেচ্ছা আছে ৷ তেওেঁলাকে
স্ব-ইচ্ছাই পক্ষ পৰিবর্তন কৰিব পাৰে ৷”
এটা সাংঘাটিক আৱেদন ভাজপাৰ সভাপতি অমিতজী
আৰু প্ৰধানমন্ত্ৰী মোডীজী মহোদয়ৰ ৷ কেৱল ৰাইজৰ মনৰ কথাবোৰ সমান্তৰালকৈ দল আৰু কর্মী
সকলৰ মাজত চর্চা হওঁক আৰু জনসাধাৰণ উপকৃত হওঁক ৷ চৰকাৰৰ পলিচি আৰু চৰকাৰৰ কর্ম ৰূপায়ণ
যন্ত্ৰৰ কর্ম পদ্ধতি বিপৰীতমুখী নহওঁক ৷ সেইবোৰ লক্ষ্য কৰা অতি দৰকাৰ হ’ব ৷ দেশত সৰু,
মধ্যম আৰু বৃহৎ সকলো ব্যৱসায়ী থাকক, তেওেঁলাকে অলেখ লোকক কর্ম সংস্থাপন দিয়ক সেইটোত
চৰকাৰৰ দৃষ্টি থাকক ৷ অকল বৃহৎ উদ্যোগী বা ব্যৱসায়ী দি দেশ চলিলে পুনঃ অসুবিধা হ’ব
৷ টিঙত উঠাৰ পিচত খোপনী মজবুট্ লাগিবই ৷
Comments
Post a Comment