নিকৃষ্ট মানসিকতাই সমাজক গ্ৰাস কৰিবলৈ প্ৰয়াস কৰিছে

শিক্ষিত ( academic ) এচাম লোকৰ মাজত কেৱল কুৎসাৰটনাৰ ভাৱ দেখি আঁচৰিত হোৱাই নহয় , নিৰ্বাক হ'ব ধৰিছো । ব্যক্তিগত ক্ষেত্ৰত যি আছে আছেই । সেয়া সমাজৰ তথাকথিত শিক্ষিত সমাজত অধিক প্ৰকট্ণ হয় ।  অতিপাত ঈৰ্ষা ভাৱে সমাজত ক্ষতি কৰাৰ সীমা কেতিয়াবাই চেৰাই গৈছে । একো নেপালেও কিবা এটা ক'বলৈ সেইসকলৰ  জিভাবোৰ লট্ পতাই থাকে । সেই মানুহ মখাৰ আকৌ সামান্য লাজভাৱো নাই যে মিছা কথাৰে আনজনক হেয় কৰাৰ পিছত প্ৰয়োজনত আকৌ তেওঁৰ ভৰিত কিদৰে পৰিব সেইলৈ তেওঁলোকৰ  চিন্তা থাকিব ।

অতি শিক্ষিত বুলি প্ৰতিস্থা লভা (চৰকাৰৰ আৰু মেডিয়াৰ পৃষ্ঠপোষকতাত ) এচাম লোকৰ লেকাম চিগা বক্তব্যই উঠি অহা এচামক এনে হ'বলৈ উৎসাহ যোগোৱা দেখি দেখি নিজৰ জাতিৰ প্ৰতি ধিক্কাৰ আহিছে । চৰকাৰে বা ব্যক্তিয়ে কেতিয়াও কোনো ভাল চিন্তা বা কাম কৰাৰ প্ৰয়াস কৰা টান হৈ পৰিল । কেনেকৈ কোনে কি কাম কৰিব এইখন দেশত ?  জনতাৰ শ্ৰদ্ধাৰ স্থানত আৰোহণ কৰা, জনতাই  মাননীয় বুলি সম্বোধন কৰা একোজন লোকৰ প্ৰতি কিছু লোকে এনে একোটা নিকৃষ্ট মন্তব্য কৰে সেয়া দেখি শুনি কেতিয়াবা  বিব্ৰত হ'ব লাগে । সেইচাম লোকেই আকৌ ব্যক্তিগত স্বাৰ্থত  এইসকলৰ পদযুগলত প্ৰণিপাত কৰিবলৈ , পদ প্ৰখ্যালন কৰিবলৈ হেতা ওপৰা কৰিব  ।  কি এই মানৱ চৰিত্ৰ !!

দেশৰ মাননীয় প্ৰধানমন্ত্ৰী , ৰাষ্ট্ৰপতি আদিৰ বিকৃত ৰূপ অংকন কৰি প্ৰকাশ কৰাৰ স্বভাৱ থকা এই সকলৰ নিজৰ ৰূপ লাবণ্যৰ এই কদৰ্য্যতা চকুত নপৰে । এওঁলোকে নিজৰ ভাষা সংস্কৃতি ৰক্ষা নকৰে , কিন্তু ভাষা সংস্কৃতি ৰক্ষাৰ বাবে ওকালতি কৰে ! পিতৃ মাতৃৰ সেৱা নকৰে , কিন্তু জেষ্ঠজনৰ প্ৰতি সন্মানৰ জ্ঞান দিয়াৰ প্ৰয়াস কৰে ! জন্ম গুৰুৰ প্ৰতিপাল নকৰে , মৃত্যুত ৰাজকীয় আপ্যায়নেৰে শ্ৰাদ্ধ কৰ্ম কৰে ! সন্তান সকলৰ চৰিত্ৰ গঠনৰ  প্ৰতি দায়বদ্ধতা নাই , কিন্তু তেওঁলোকৰ পৰা মিঠা ফল আশা কৰে ! পৰিয়াল পাৰিজনৰ প্ৰতি স্নেহ ভাৱ, দায়িত্ববোধ নাই , নিজৰ বিপদ কালত সেই সকলৰ সহায় সান্নিধ্যৰ দাবী কৰে ! আনৰ পৰা নিৰ্দিষ্ট মূলত অধিক  সেৱাৰ আশা কৰে আৰু সেয়া নেপালে কৰ্ম বিমুখ জাতি বুলি ককৰ্থনা কৰে  , কিন্তু নিজে জীৱনৰ প্ৰতিটো পলত আনক সেৱা বিক্ৰীহে কৰে ! মই চৰকাৰী ডাক্তৰ , অভিযন্ত্ৰা বহুতেই দেখিলো যি নিজৰ চৰকাৰী কৰ্ম সময় ঘড়ী চাই সেৱা কৰে , কিন্তু চুটিৰ পিছত চেদ্ ভেদ্ নোহোৱাকৈ সেৱা বিক্ৰী কৰে !! 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?