জাতীয় জীৱনলৈ এটা অশুভ সংকেত
বৰ দুখজনক অৱস্থা আমাৰ । অতি বেয়া দিন আহি আছে । Good night coil বা liquid ক সহ্য কৰিব পৰা resistance হৈ গৈছে ম'হ বোৰৰ । ঢমক , ভয়-সংশয় বোৰৰো চোক কমি গৈছে । Digine > Ranitidin> Famotidine > Omeprazole > Pantoprazole > Rabiprazole এনেকৈ গৈ আছে । গেষ্ট্ৰিক কমা নাই কিয় ? তাৰ বিশ্লেষণ লাগে এতিয়া । আমি ম'হ বৃদ্ধি হোৱৰ কাৰণ , Acidity ৰ কাৰণ বিশ্লেষণ কৰাৰ চেষ্টা কৰা নাই । এইটো এটা অশুভ সংকেত জাতীয় জীৱনলৈ । কি কামত ভাগে ভাগে আমাক সংগঠন সংস্থা লাগে আৰু সেই সমূহৰ কৰ্মক্ষেত্ৰ কি ? বাজেট কি আৰু তাৰ উৎস কি সেইবোৰ বিচাৰ কৰিব লাগিব চাগৈ । লাগিব accountability । ক'ৰ পৰা কিমান পালো , কিমান ক'ত দিলো । সেইটোৱেহে আমাৰ ৰোগ নিৰাময়ত সহায় কৰিব । দেহৰেই হওঁক বা সমাজৰেই হওঁক , সকলো অৰ্গেন নিজৰ নিজৰ স্থানত সক্ষম সক্ৰিয় হৈ থাকিলেহে জাতিৰ দেহাটো সৱল থাকিব । চান্দা দিয়া - চান্দা লোৱা , খৰছ কৰা - হিচাপ ৰখা , হিচাপ বোৰ প্ৰচাৰ কৰা আদি সকলো অৰ্গেনে স্বতন্ত্ৰ ভাবে সক্ষম সক্ৰিয় হোৱাৰ সময়া হ'ল ।
যি হ'ল , এটা কিন্তু অতি জঘণ্য কাণ্ড হ'ল । পৰিকল্পিত হ'ল যেন লাগিল ঘটনাটোৰ video এটা চাই । হ'লেও আমি শিক্ষা ল'ব লাগিব এই ঘটনাৰ পিছত । ক'ত ভুলবোৰ হৈ আহিছে , হৈ আছে আৰু হ'ব !
Comments
Post a Comment