স্বাস্থ্য সেৱাৰ বানিজ্যিকিকৰণ আৰু সাধাৰণ ৰাইজ

সিদিনা দেউতাৰ হঠাৎ কফে ধৰাত চিকিৎসাৰ প্ৰয়োজন হ'ল । Pressure টো 80/40 পোৱা দেখি ঘৰুৱা চিকিৎসকৰ পৰামৰ্শত নাৰ্চিং হোমত লৈ আহিলোঁ । দেউতাক সঁচাকৈয়ে intensive care প্ৰয়োজন আছিল আৰু চিকিৎসকেও তৎক্ষণাত তেওঁক ICU ত ভৰাই দিলে । নিউমনিয়া আৰম্ভ হৈছিল । সকলো ঠিকেই আছিল । সন্ধিয়া ৬.৩০ মানত আমাক জনালে যে তেখেতৰ CT কৰিব । লগতে সোমাই গৈ জানিলোঁ মূৰৰ আৰু বুকুৰ কৰিব । কঁকালটোৰ অংশক  কিয় বাদ দিলে তেতিয়া  নুবুজিলোঁ ! পিছদিনা পুৱা বোলে পেটৰ Ultra sound কৰিব !! মই বুজি পালোঁ কথাটো । চিকিৎসালয় আৰু চিকিৎসক সকল, মেচিন , বাহন আদিৰ বহু টকা  বিনিয়োগ আৰু পৰিশোধ আদিৰ কথা থাকে , হয় ।

তেনেবোৰ ভাবি চিন্তি মনতে পকটিয়াই ICU ৰ বাহিৰত বহি থাকোতেই  এজন আহি ক'লে তেখেতৰ পৰিবাৰৰ পেটৰ অত্যন্ত বিষ হ'ল পৰহি  । চিকিৎসা কৰিবলৈ আহিল আৰু চিকিৎসকে তেখেতৰো CT কৰিলে মূৰ আৰু পেটৰ । মই নিশ্চিত হ'লো  যে সমগ্ৰ শৰীৰৰ সংযোগ যিহেতু মূৰৰ সৈতে থাকে ,  সেয়ে যি বেমাৰ নহওঁক কিয় ,  মূৰৰ CT কৰা বৰ দৰকাৰ । ভাবিলোঁ Pregnancy তো লাগে নিয়ম মতে । তাত দুটা মূৰৰ কথা জড়িত থাকে নহয়নে ☺☺ !

মই Sister এগৰাকীক সুধিলো -" আপোনালোকৰ কাৰোবাৰ হাত ভৰিত মোচোকা খালে, বা অন্য কিবা খুচুৰা বেমাৰ হ'লে  মূৰৰ CT কৰাতো বৰ costly নহ'ব নে ? তাতকৈ  চিকিৎসক সকলৰ Hospitalization fee বোৰ বঢ়াই দিলে সকলোৰে উপকাৰ হব দেখোন  । 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?