মৃতদেহটোক সোধক এবাৰ " তুমি মানুহ নে সংখ্যালঘু আছিলা বন্ধু ?"



দুৰ্দান্ত লোকে কৰা  এটা বেয়া কামক সকলোৱে একমুখে গৰিহণা দিব লাগে আৰু তেনে কামত লিপ্ত জনক ধৰাত সমাজে একত্ৰিত ভাৱে  সহোযোগ কৰিব লাগে । সেইটো এখন সুস্থ সমাজৰ বাবে অতি প্ৰয়োজনীয় কাম । এজন উদিয়মান যুৱকৰ হত্যা হ'ল , তাত দল, ধৰ্ম , ভাষাৰ কোনো কথা নাই । মুঠতে সেই কৰ্ম গৰিহণাৰ যোগ্য আৰু আমি সকলোৱেই তাক ঘৃণা কৰিম , কঠোৰতম শাস্তি বিচাৰিম ।

 সমাজত সকলোৰে প্ৰয়োজন আছে আৰু সকলোৱে একত্ৰ হৈ আগবাঢ়িব লাগিব । তাত দলগত হাৰ-জিতৰ প্ৰশ্ন নাই । জাতীয় স্বাৰ্থ আৰু দলীয় স্বাৰ্থক আমি ভিন্ন ভাৱে লোৱাৰ অভ্যাস কৰা দৰকাৰ । কৰ্মৰ প্ৰসাৰৰ  যোগেদি নিজৰ নিজৰ সামাজিক ভূমিকা আৰু ৰাইজৰ মাজত গুৰুত্ব বৃদ্ধি কৰাৰ প্ৰযত্ন কৰক ।

কালি এজন যুৱকৰ হত্যা হ'ল । তেওঁ Minority , Majority , বঙালী , OBC, MOBC সেইবোৰৰ বিচাৰ  ক'ৰ পৰা আহে তাত ? #স্থুল চিন্তাৰে নিজৰ লাভৰ বাবে  কৰ্ম কৰা  সকলোৱে গৈ মৃতদেহটোক সোধক এবাৰ " তুমি মানুহ নে সংখ্যালঘু আছিলা বন্ধু ?"

ছিঃ , মানবতাৰ বাহিৰত গৈ এক কদৰ্য চিন্তাৰ প্ৰকাশ । বিব্ৰত বোধ কৰিছোঁ এই স্খলন দেখি দেখি !

 কোনে জানে দুবৃত্ত কোন ?? সাহসেৰে ওলাই আহক আৰু প্ৰশাসনক কওঁক আহি । সেইটোৱে সমাজক দুষ্কাৰ্যৰ বিৰুদ্ধে একযুট্ হৈ থিয় দিয়াৰ বাবে অনুপ্ৰাণিত কৰিব । ৰাজনৈতিক লাভৰ আশাত বোকা চতিওৱাৰ কামত লিপ্ত নহ'ব । কৰোবাৰ এনে কাৰ্যই সামাজিক শান্তি বিনষ্ট কৰিব পাৰে । সেয়া আপোনাৰ -মোৰ সাফল্য নহ'ব । আন কোনোবা সুবিধাবাদীয়েহে সেই সুবিধা ল'ব । আমি কিয় দল সংগঠন কৰোঁ ? সমাজক চিন্ন-ভিন্ন কৰি ক্ষমতাৰ লেকাম হাতত ল'বলৈ ?  ব্যক্তিগত লাভৰ বাবে তাতকৈ ব্যৱসায় কৰাই  ভাল দেখোন !!

" Organised people  should think carefully before slinging mud at someone who may respond with a libel action costing millions of dollars."

Comments

  1. Murdered is murdered. We all should condemn it. No matter he is majority or minority

    ReplyDelete

Post a Comment

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?