এটা কৃষি নীতি তৈয়াৰ কৰক প্ৰথমে ।



Planning is the concious and delebrate guidance of thinking so as to creat logical means of achieving agreed upon goals.Planning is selection of short- and long-term objectives and the drawing up of tactical and strategic plans to achieve those objectives.

And whereas , all  services are to be planned and organized according to the policy of the agency responsible for a particular service.

আমাৰ অসমত কৃষি বিভাগৰ কৃষি উন্নয়নৰ কোনো policy আৰু পৰিকল্পনা এই পৰ্যন্ত নাই । চৰকাৰৰ বিভাগ বোৰৰ মাজত কোনো সমন্বয়ো নাই । সমন্বয় বোলা বিষয়টোত অৱশ্যে চৰকাৰৰ কোনো বিভাগ আগ্ৰহী নহয় , যাৰবাবে জনসাধাৰণৰ সদায়ে দুৰ্ভোগ হয় । কৃষি পৰিকল্পনা আৰু জলসিঞ্চন দুটা অতি সম্পৰ্কিত বিষয়ৰ বিভাগ । কিন্তু বিগত ৭০ বছৰত বোধকৰোঁ কোটি টকা ৰাজহুৱা ধনৰ শৰাধ কৰ্ম কৰিও বিভাগটোবে ১০% কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰিলে । কাৰণ ? 

কৃষি বিভাগৰ অন্তৰ্গত আকৌ ওপৰ মহল আৰু তলৰ মহলৰ মাজত সমন্বয় নায় । সেয়ে চৰকাৰৰ আগন্তুক বৰ্ষৰ পৰিকল্পনা কি সেয়া সময়ৰ পূৰ্বে কৃষি বিষয়া-গ্ৰাম সেৱক-খেতিয়কে কেতিয়াও গম নেপায় । ফলত কৃষকৰ বাবে কৃষি  বিভাগ তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ এক supporting বিভাগ নহয় । এইদৰেই চলি আছে সাঁতটা দশক আৰু এনেকৈয়ে চলি থাকিব সদায় । অসমৰ দৰে অতি সাৰুৱা কৃষি ভূমিৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰৰ কোনো পদক্ষেপ নোহোৱা কথাটোৱে কি সুচায় ? কৃষি কৰ্মৰ প্ৰতি কৃষক ৰাইজৰ মনত অনিহাৰ ভাৱ সৃষ্টি ৰাষ্ট্ৰৰ কল্যাণ সূচক নহয় । চৰকাৰে ক্ষেত্ৰ খনৰ সকলো stake holder ক পৰিকল্পনা প্ৰস্তুতিৰ অংশীদাৰ কৰক । এটা কৃষি নীতি তৈয়াৰ কৰক প্ৰথমে । কৃষি বিজ্ঞানী <>কৃষি বিভাগ <>কৃষকৰ মাজত যৌথ প্ৰচেষ্টা আৰু যৌথ উদ্যোগ হ'লেহে কষক ৰাইজৰ মাজত অৰ্থনৈতিক সৱলতা সম্ভৱ হ'ব । 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?