ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।




বছৰ দিন আগৰ কথা ৷ আমি ঘৰত দুইজনে ভাবি আছিলোঁ যে প্ৰতি বছৰত এবাৰ দুয়োৰে দিল্লী বা ক”ৰবাত স্বাস্থ্য পৰীক্ষা কৰি আহিমগৈ দিয়া ৷ তেনে এটা লক্ষ্য লৈ প্ৰথম বাৰৰ চিন্তা কৰি আছো ৷ মোৰ গার্ল ফ্ৰেণ্ডে ক’লে যে বিমানতে যাম দিয়া , ৰেলত যোৱাৰ সময় খিনি তাতকৈ আমি দুদিন ফুৰিম ৷ সেইমতে আমাৰ যিহেতু এনে কোনো বিশেষ লৰালৰি নাই , গতিকে চাই আছো কেতিয়া গ’লে কম পইচাতে হ’ব ৷ সেই মতে কেইমাহমান মাহৰ পিচৰ টিকট ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ পালো ২২০০ টকাকৈ  ৷ কিনি থলো ৷ সেইটো আমাৰ পলিচি আছিল যে পঞ্চাশ বছৰ অতিক্ৰম কৰাৰ পিচত প্ৰতি বছৰ এবাৰ সমগ্ৰ শৰীৰ পৰীক্ষা কৰাম আৰু স্বাস্থ্য বীমা বাহাল ৰাখিম ৷ সমগ্ৰ পৰিয়ালৰ সদস্যৰ সেইমতে স্বাস্থ্য বীমা কৰোৱা হৈ আছে যোৱা বহু বছৰ ধৰি ৷ তাৰ মাজত যাৰ যি সৰু-সুৰা অস্ত্ৰোপচাৰ হৈছে তাত মোৰ ধন ব্যয় হোৱা নাই ৷ আনকি দিল্লীত গৈ মোৰ বাইপাছ চার্জাৰি কৰাওেঁতও বীমা কোম্পানীয়ে ধন দি সহায় কৰিলে ৷
এই প্ৰথম যাত্ৰাৰ পৰা উভতি আহোতে পুৱা পাঁচ বজাতে হোটেলৰ পৰা ওলালোঁ বিমান বন্দৰলৈ ৷ পুৱা ৯.৩০ –ত বিমান ধৰিব লাগে ৷ অত্যন্ত ভোকৰ বাবে চিকিউৰিটি চেক্ কৰাৰ পিচত বিমান বন্দৰত দুয়ো দুখন আলু পৰাঠা খালো চাটনি সহ ৷ ভাজি নাই ৷ ৫০০ টকা এখন আগবঢ়াই দিয়াত এটকা এটা ঘুৰাই দিলে বিল সহ ৷ সাধাৰণ চকী-টেবুলত বহি বাহিৰতে বনাই থকা পৰাঠা খাই দুজনৰ ৪৯৯ টকা দি মই অন্ততঃ জীৱনত কেতিয়াও এনে আলু পৰাঠা নেখালোঁ হেতেন ৷ সেইটো অপৰিকল্পিত ব্যয় বাবে অধিক পইচা দিব লগা হ’ল ৷
এই কথা কেইটা উল্লেখ কৰাৰ মূল কাৰণ হ’ল পৰিকল্পিত ব্যয় মানে ১০,০০০ টকাৰ যাত্ৰা ২২০০ টকাত আৰু অপৰিকল্পিত ব্যয় ৪০ টকাৰ পৰাঠা ৪৯৯ টকাত কিনি খোৱাৰ যি বিৰম্বনা সেয়া চৰকাৰত থকা মন্ত্ৰী সকলে বুজিব লাগিব ৷ যদিও মোৰ দৰে পকেটৰ ধন তেওেঁলাকৰ পকেটৰ পৰা নেযায় , তথাপি জনকল্যানৰ এক লক্ষ্য আগত ৰাখি‍ চৰকাৰে ৰাইজৰ পকেটৰ পৰা খৰচ কৰা ধন তাতোতকৈ হিচাপত খৰচ কৰাৰ প্ৰয়াস কৰিব লাগিব ৷ এইটো কল্যাণকামী চৰকাৰৰ স্বভাৱ হোৱা দৰকাৰ ৷ কিবা এটা পতিবলৈ ৰভাখন দিওেঁত ২০ লাখ টকা ব্যয় কৰাৰ পূর্বে ৫ লাখত হয় নেকি পৰিকল্পনা কৰিব লাগিব ৷ ২০২২ ত স্বাধীনতাৰ ৭৫ বছৰ পূর্ণ হোৱাৰ উপলক্ষত দে‍শত কি কৰিব সেয়া প্ৰধানমন্ত্ৰী মহোদয়ে ২০১৪ চন্তে কিয় লক্ষ্য লৈছে আৰু পৰৱর্তি সময়ত কিয় তাৰ পৰিকল্পনা কৰিছে সেয়া ৰাজ্য চৰকাৰ সমূহে উপলব্ধ‍ি কৰিবলৈ শিকিব লাগিব ৷
অসম চৰকাৰৰ কোনো বিভাগৰ তেনে কো্নো লক্ষ্য আমি দেখা নাই ৷ দৈনিক ১১,০০,০০০ কণী বাহিৰৰ পৰা আহে অসমলৈ ৷ কিন্তু চৰকাৰৰ এনে কোনো পলিচি নাই যে কণী, মাছ, ধান, মাহজাতীয় শষ্য, সৰীয়হত ২০২৫ চনত অসম আত্ম নির্ভৰশীল হোৱাই নহয়, আন ৰাজ্যলৈ যোগন ধৰিব ৷ আমাৰ নেতা সকলৰ লক্ষ্য হ”ল আন ৰাজ্যৰ পৰা কিমান আহে আৰু মোৰ মানুহে চিণ্ডিকেট কৰি কিমান আহৰণ কৰি মোৰ জোলোঙা পূর্ণ কৰে ৷ এইটো চিন্তাৰে জাতি-মাটি‍-ভেটিত তিতা লাওঁ যে‍ গজিব সেইটো ধুৰুপ ৷ আমাৰ দেশ কৃষি প্ৰধান দেশ ৷ সেইবাবেই বুজাত সহজ হ”ব বুলি মই কৃষি বিভাগৰ কথাটোত অধিক গুৰুত্ব দি লিখিলোঁ ৷ বাকী সকলো বিভাগৰ একেই অৱস্থা ৷ চৰকাৰৰ জলসিঞ্চন বিভাগে যোৱা ৭০ বছৰত জলসিঞ্চনৰ নামত অসমত কিমান ধন ব্যয় হৈছিল আৰু কিয়নো ৰাজ্যৰ শতকৰা ৬ভাগ খে‍তিৰ মাটিতো জলসিঞ্চন ব্যৱস্থা নাই তাৰ সমীক্ষা কৰক আৰু প্ৰকাশ কৰক ৷ অকল সেইটো কৰিলেই নহ’ব ৷ চৰকাৰে ২০২৫ লৈ কিমান মাটিত জলসঞ্চিন ব্যৱস্থা কৰিব, সেই বিভাগটো সুকীয়াকৈ থকাৰ প্ৰয়োজনীয়তা কিমান আছে তাৰো সিদ্ধান্ত লওঁক ৷ কাৰোবাক পুহি ৰখাৰ স্বার্থত , আঁচনিৰ নামত ৰাইজৰ পৰা সংগ্ৰহ কৰা কোটি কোটি‍ টকাৰ ধন কাৰোবাৰ জোলোঙাত ভৰাবলৈ দিয়াৰ বৈধতা আছেনে ? এই কথাবোৰ অতি চিৰিয়াচলি বিবেচনা কৰাৰ প্ৰয়োজন আছে ৷ মই এজন যুৱক ল’গ পালো যোৰহাটৰ লিচুবাৰীত ৷ তেওেঁৰ নাম আমিৰ উজ্ হাজৰীকা ৷ বাতৰি কাকতৰ সৈতে সম্পর্কিত ব্যক্তি ৷ তেওঁ ঘৰতে অকণমান ঠাইত মূর্গী পালন কৰি মাহে ৩০০ কণী উৎপাদন কৰি বিক্ৰী কৰি আছে ৷ এই বিষয়ত পৰামর্শ বিচাৰি বাঘচোঙত থকা চৰকাৰী পামত গ”লে বিষয়া সকলে তেওঁক কোনো সহযোগ নকৰে ৷ চৰকাৰৰ সেই প্ৰকল্পত ৫০০০ কনীৰ পৰা পোৱালী উৎপাদনৰ ব্যৱস্থা আছে আৰু তাৰ বাবে কোটি টকাৰ ব্যয় কৰি যন্ত্ৰপাতি, জেনেৰেটৰ ব্যৱস্থা কৰিলে আৰু বছৰ বছৰ ধৰি অব্যৱর্হিত হৈ আছে ৷( কথাটো আমাৰ ৪৯৯ টকাৰ পৰাঠা দুখনৰ দৰে হ”ল ৷ আগদিনা ভাবি যোগাৰ কৰি থোৱা হ’লে আমি ৬০ টকা মানত পেট ভৰাই খাব পাৰিলো হেঁতেন৷) এতিয়া তেওেঁলাকৰ কিন্তু উৎপাদন শুন্য ৷ মই যোৰহাট জিলাৰ উপায়ুক্ত মহোদয় শ্ৰীবীৰেন্দ্ৰ মিট্টাল মহোদয়ক আমিৰৰ সেই প্ৰচেষ্টাৰ বিষয়ে,‍ অতি‍ কম খৰচত কিদৰে ইনভার্টাৰ ব্যৱস্থাৰে বিদ্যুৎ যোগান নিশ্চিত কৰি হেস্যাৰি কৰিব পাৰি সেই বিষয়ে জনালোঁ আৰু এই ব্যৱস্থাৰে অগনন যুৱকৰ ঘৰতে‍ কর্ম সংস্থান ব্যৱস্থা কৰাৰ চিন্তা কৰিব পৰাৰ কথা ক’লো ৷ উপায়ুক্ত মহোদয়ে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ তেওঁৰ সৈতে খতা হৈছে ৷ আমি চচাইটি ফৰ চচিয় ইকনমিক ৰিচার্জেঞ্চ নামৰ অনুষ্ঠানৰ পৃষ্ঠপোষকতাত গাওঁ অঞ্চলৰ যুৱক-যুৱতীক এই ব্যৱস্থাটো শিকাবৰ কথা ভাবিছোঁ য’ত বিপননৰ উত্তম ব্যৱস্থাৰ কথাও থাকিব ৷ যুৱক যুৱতী সকল আর্থিক ভাৱে স্বাৱলম্বি হ’ব পাৰিলেহে তেওেঁলাকৰ মনলৈ অন্য কিবা অসৎ চিন্তা অহাটো বন্ধ হ’ব পাৰে ৷ সেইবোৰ চিন্তা চৰকাৰে কৰিব লাগিব ৷ চৰকাৰৰ চিন্তা যদি কেৱল চিড্ কিনা, ট্ৰেক্টৰ কিনা, সাৰ কিনা, গছ কাটি বেছা, শীল-বালি, মাছ, কণীৰ চিণ্ডিকেট কৰা হয় বা চিমেণ্ট কোম্পানীৰ লগত বুজা বুজি কৰি মূল্য বৃদ্ধি কৰাৰ, মিচা প্ৰাককলন তৈয়াৰ কৰি কাম হোৱা বুলি ধন খৰচ কৰা আদিয়েই চলি থাকে তেনে এইখন ৰাজ্য কোনো কালে অর্থনৈতিক ভাৱে আগবঢ়া অসম্ভৱ ৷ চৰকাৰৰ সকলো আঁচনি আছে ৷ অতি ভাল ভাল আঁচনি আছে ৷ কিন্তু প্ৰয়োগৰ দায় দায়িত্বত থকা সকলৰ লিপ্সা বা প্ৰফেশ্যনেল এনিমিটি আদিৰ বাবে সকলো পণ্ডাশ্ৰম হৈ যায় ৷ কিবা এটা সুস্থ চিন্তা কৰক ৷ নহ্যলে হয়তো আৰু সুযোগ নেপাব ৷ আমি এই কথাবোৰ প্ৰকাশ কৰি ৰাইজক ভৱিষ্যতত মনত পেলোৱাৰ ব্যৱস্থা ৰাখিছোঁ ৷ যাতে চৰকাৰে ক’ব নোৱাৰে যে ৰাইজে আমাক নক’লে ৷ এইটো আপোনাসকলৰ স্থায়িত্ব আৰু কল্যাণৰ চিন্তাৰে কৰা হৈছে ৷ জুইয়ে অকল দহণ নকৰে, আমাৰ বাবে সুস্বাদু পুষ্টিকৰ আহাৰ তৈয়াৰ কৰাত মূল অৰিহণা যোগায় ৷

 सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः 
सर्वे भद्राणि पश्यन्तु
मा कश्चिद्दुःखभाग्भवेत् 
 शान्तिः शान्तिः शान्तिः 
          

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?