ৰাজনৈতিক দল আৰু কৰ্মী সকল
২০১১ চনৰ নিৰ্বাচনৰ আগত এদিন ঘৰৰ ওচৰৰ এখন সভালৈ আমন্ত্ৰণ পাইছিলো । চুবুৰীত আমাৰ ঘৰখনলৈ সঘনাই খাকী হাফ পেণ্ট পিন্ধা মানুহৰ আহ-যাহ বাবে নিৰ্বাচনৰ কাগজো প্ৰায় নপৰেহি । তেনে অৱস্থাত হঠাতে নিমন্ত্ৰণ পালোঁ , তাকো যুৱ কংগ্ৰেছৰ সভা ।
মোৰ কেইটামান নিয়ম আছিল আৰু এতিয়াও আছে যে মাতিলে মই পৰাপক্ষত সকলোলৈকে যাওঁ । দ্বিতীয়তে মোৰ ৰাজনৈতিক বিচাৰধাৰা আৰু কোনো ব্যক্তিৰ লগত ব্যক্তিগত সম্পৰ্ক কেতিয়াও লেটিয়াই নেপেলাওঁ । অত্যন্ত মতবিৰোধ থকা কোনোবা লোক মোৰ ঘৰলৈ আহিলেও তেখেতৰ আতিথ্যত কাৰ্পণ্য নহয় ।
এই সাধাৰণ সূত্ৰ কেইটাৰ আধাৰতে সেইদিনা কংগ্ৰেছ দলৰ সভা খনত বহিলোগৈ । তেতিয়া অসমত যুৱক কংগ্ৰেছ এটা বৃহৎ সংগঠন আৰু তাৰ সভাপতি বোধহয় বৰ্তমান ভাজপাৰ MLA শ্ৰী মান পিযুষ হাজৰিকা । সভাত ভাল সাংগঠনিক কাম কৰা যুৱ নেতা সকলক একোটা ID card দিয়া হৈছিল । নিমন্ত্ৰীত ৰাইজৰ মাজৰ পৰা মোৰ হাতেৰেও দুজনক দিয়ালে আৰু মইও অতি সাদৰেৰে কামটো কৰিলোঁ । কোনো অনুষ্ঠানে ভাল চিন্তাৰে কৰা কাম সদায়ে ভাল বুলি লোৱা দৰকাৰ । ২০১৪ ৰ নিৰ্বাচনৰ পিছৰ পৰা লাহে লাহে কংগ্ৰেছৰ কৰ্মী সকলৰ মাজত অলপমান দুৰ্বল মন দেখিবলৈ আৰম্ভ কৰিলোঁ যদিও তেওঁলোকৰ সৈতে পূৰ্বৰ দৰেই কথা হওঁ । ২০১৬ ত মোৰ ঘৰৰ সন্মুখত বহা অস্থায়ী কাৰ্যালয়ত বহা ল'ৰা দুজন আহি মোক ক'লেহি - MLA ছাৰ আহিব কাৰ্যালয় উদ্বোধন কৰিবলৈ । বেয়া নেপালে এপাক আহিব সময়ত । আমি খাতি আছোঁ বুলিও এবাৰ ক'ব । " "হ'ব কৈ দিম, মাতিবা । Rana Goswami মোৰ সহপাঠি বন্ধু যেতিয়া যাম দিয়া ।" মই ক'লো ।
নিৰ্বাচন হোৱালৈ আৰু তাৰ পিছৰ সময়ত সেই সকলো যুৱ কৰ্মী এতিয়া ভাজপাত । ভাল কৰ্মী তেওঁলোক । মই এই কথাটো এইবাবেই ক'লো যে নেতা সকলৰ ওপৰ মহলৰ বাদে বাকী সকলো কৰ্মী আচলতে কোনো নিৰ্দিষ্ট দলৰ মতবাদক বিশ্বাস কৰি ৰাজনৈতিক কৰ্মী হ'বলৈ নাহে । সকলো নিৰ্ভৰ কৰে ৰাজনৈতিক বাতাবৰণৰ ওপৰত । বহু অগপ বা কংগ্ৰেছ -ভাজপাৰ প্ৰবীন লোক এসময়ত জনতা দলৰ কৰ্মী আছিল । ১৯৮৫ ৰ আগতে হয় জনতা নহয় কংগ্ৰেছৰ লোকেই পিছত অগপ হ'ল (AASU ৰ সকল বাদে) । চৰকাৰ হ'বৰ সংখ্যা কোনো দলে পাবলৈ হ'লে সেই দললৈ উজানৰ মাছ যাবই লাগিব ।
এই সত্যতা উপলব্ধি কৰিব পৰা সকলোৱে নিজৰ ৰাজ্যৰ কুশলৰ অৰ্থে নিজৰ বিবেক বিবেচনাৰে কাম কৰি যোৱা দৰকাৰ । নিজৰ বুলি ভবা দলৰ হকে বক্তব্য ৰাখোতে মাৰ্জিত ভাষা প্ৰয়োগ প্ৰয়োজন । যিবোৰ কামৰ পৰা নিজ ৰাজ্যৰ ৰাইজ উপকৃত হ'ব সেইবোৰ কামত বিৰোধী দলত থাকিলেও সততাৰে সমৰ্থন কৰা দৰকাৰ । তেনে কৰিলে চৰকাৰৰ পক্ষে থকা ৰাইজৰ মনতো দলটোৰ প্ৰতি শ্ৰদ্ধা ভাৱ থাকিব । নিজৰ কাৰ্যকালৰ ভুলবোৰ আত্ম সমালোচনাৰ দ্বাৰা প্ৰকাশ কৰিলেও সি ভৱিষ্যতৰ বাবে পূজি হ'ব পাৰে । একেখন সমাজ , একেই বিধান সভা , একেই সংসদৰ ভিতৰত আমি সকলোৱে কাম কৰি থাকিব লগা হয় । গতিকে ক'ৰবাত আমাৰ মিল থাকিবই লাগিব । নহ'লে GST পাছ নহয় । কৰ্মী সকলে সেইবোৰ উপলব্ধি কৰা অসুবিধা হয় বাবেই দুঃশব্দৰ প্ৰয়োগ কৰি গালি গালাজ হয় ।

Comments
Post a Comment