আমাক কোনোবাই সংকীৰ্ণ মনৰ বুলি কওঁক লাগে
আৰ্থিক ভাৱে অসমীয়া স্বাবলম্বি হোৱাৰ পথত যুৱ শক্তিয়ে কাম কৰিবলৈ আৰম্ভ কৰিব লাগিব । প্ৰচুৰ উপাৰ্জনৰ পথ থকা ৰূপহী অসমীৰ বুকুত প্ৰৱজিত সকলৰ ৰঘুমলাক আতৰ কৰাৰ একমাত্ৰ পথ কৰ্ম সংস্কৃতিৰ পৰিবেশ আৰু জাতিটোৰ মনৰ পৰা ঈৰ্ষাৰ পৰিবৰ্তে সৰ্বাত্মক সহযোগ । কোনো চৰকাৰে এই কাম কৰা নাই আৰু নকৰে । "সবসে বৰা ৰূপয়া " আমাৰ সমস্যা ।
কেকোৰাৰ স্বভাৱৰো সমুলঞ্চে নাশ হ'ব লাগিব আৰু চান্দাৰ পৰিবৰ্তে কৰ্মৰ দ্বাৰা উপাৰ্জনত উৎসাহিত হ'ব লাগিবই । নহ'লে কিন্তু নিস্তাৰ নাই ।
বৰ্তমান ব্যৱস্থাত প্ৰকৃততে সমাজৰ কি লাভ হৈছে সেয়া যুৱ সমাজত মুকলিকৈ উপলব্ধি তথা বিচাৰ বিমৰ্ষ হওঁক । এই ব্যৱস্থাই কেইজনমান নিমিত্তক ধনবান- ক্ষমতাবান কৰাৰ বাহিৰে জাতিৰ কোনো সমস্যা কেতিয়াও সমাধান কৰা নাই । বৰং পদে পদে অবিশ্বাসৰ সৃষ্টি কৰিছে । জাতিৰ ভিতৰত বিশ্বাসৰ সৃষ্টি হওঁক । short path বোৰ সদায়ে সাময়িক আৰু অসুৰক্ষিত পথ । সেইবোৰে এটা বয়সত লগ এৰা দিয়ে । এয়া ১৯৭৯ ৰ পৰা ২০১৭ লৈ হোৱা দীৰ্ঘ পৰিক্ৰমাৰ অভিজ্ঞতা । নিজক সদায় বিশ্বাস কৰিবলৈ আৰু ভালপাবলৈ শিকিব লাগিব । ছাত্ৰ -বিষয়া - নেতা সকলোৱেই এই চিন্তাৰে কাম কৰক । বাহিৰৰ লোকে আমাক সংকীৰ্ণ মনৰ বুলি কওঁক লাগে ।
Comments
Post a Comment