অসম , অসমীয়া জাতি আৰু দহণশীল মন

অসমত অসমীয়া জাতিৰ সংজ্ঞা বিধানসভাত নিৰূপণ নহ'ল । কিয়নো এই সংজ্ঞা বিচাৰিবলগা হ'ল ,  মই তাৰ কোনো যুক্তি সংগত কাৰণ বিচাৰি নেপালোঁ । ভাৰতৰ কোনো প্ৰদেশত এনে সংকট কেতিয়াও অহা নাই । চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত নিজেই ত্ৰিপুৰী জাতি শেষ হৈ গ'ল । সংজ্ঞাৰ প্ৰয়োজন নহ'ল । অসমতো শেষ হ'ব লাহে লাহে । কাৰণ অন্তঃকৰণেৰে জাতীয় স্বাৰ্থত চিন্তা কৰা ব্যক্তি বা সংগঠন কেতিয়াও নোলাল । সমস্যাটো উপলব্ধি কৰি ১৯৭৯ চনৰ নৱেম্বৰৰ ৬ তাৰিখৰপৰা ৬ বছৰ আন্দোলন হ'ল । অৱশেষত চুক্তি হ'ল । কিন্তু বিগত ৩৭ বছৰ অতিক্ৰম কৰা বিষয়টোৰ  কোনো সমাধান কেতিয়াও নহ'ল । বৰং এই সমগ্ৰ সময় কেৱল ক্ষমতাৰ  টনা - আজোৰা হ'ল আৰু প্ৰৱল অনুপ্ৰৱেশ হ'ল । ক'ত গ'ল জাতীয়তাবাদ ?

"মোৰ কি লাভ হ'ব" সেই চিন্তা লৈ জাতীয়তাবাদ নহ'ব । এটা সৰু উদাহৰণ দিওঁ । যোৰহাটত এটা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান আছে । এবছৰৰ আগত তাত কেইটামান বৈজ্ঞানিকৰ পদ ওলাইছিল হেনো  । অসমৰ ল'ৰা ছোৱালীয়েও আজিকালি পৰীক্ষাত ভাল নম্বৰ পাই । কিন্তু আগতেই ফিটিং থকাৰ বাবে নাম মাত্ৰ যি কেইজনক Interview লৈ মাতিছিল তেওঁলোকক বিশেষ সোধপোচ কৰা নহ'ল বোলে । সেইমতে দক্ষিণ আৰু অন্য প্ৰান্তৰ দ্বাৰাই পদ পূৰণ হ'ল । কোনোবাই তেনে হ'ব বুলি ভাবি দুই একক বিষয়টো জনালে । পিছে উত্তৰ হ'ল " এইটোত মাতিলে আমাৰ কি লাভ হ'ব ?" এনেকুৱা জাতীয়তাবাদ হ'লে নহ'ব । যোগ্যতা থকা স্থানীয়  লোকে এই সুবিধা পোৱাটো নিশ্চিত কৰিব লাগিব । গুজৰাটত মই এটা উদ্যোগ কৰিবলৈ গ'লে চৰকাৰে সকলো সুবিধা দিব । এই কথাটোৰ এটি অভিজ্ঞতাৰ বিষয়ে বোধকৰোঁ মোক সাংবাদিক শ্ৰীযুত অজিত ভূঞা দেৱে প্ৰসংগ ক্ৰমে ২০১০/১১ মানত কৈছিল । বোধকৰোঁ প্ৰয়াত অঞ্জন দত্ত ডাঙৰীয়াই তেখেতৰ এটা অভিজ্ঞতা কৈছিল । তৎক্ষণাত CM ৰ appointment পালে আৰু কথা পতাৰ লগে লগে কামো হৈ গ'ল single window ত । Modiji মুখ্যমন্ত্ৰী আছিল তেতিয়া । Condition হ'ল ৮০% থলুৱা লোকৰ নিযুক্তি নিশ্চিত কৰিব লাগিব । সেয়া জাতীয়তাবাদ Modiji ৰ । তেনে অসমত থকা অনুষ্ঠান বোৰত যোগ্যতা থকা অসমীয়াই কিয় নেপাব ? এই ধৰণৰ অনেক অনুভৱ অসমীয়া মানুহৰ আছে । কিন্তু সমাজৰ হিতক প্ৰাধান্য দি কাম কৰিব পৰা সংগঠন আছে বুলি বিশ্বাস কৰা লোকৰ সংখ্যা অতিকে কম ! কাৰণ বোৰ আমি প্ৰত্যেকে নিজেই নিজৰ মনত এবাৰ ফঁহিয়াই চোৱা দৰকাৰ নহয়নে ?

বহু সজ অসমীয়া ব্যক্তিয়ে সততাৰে  কিবা কিবি ব্যৱসায় কৰি বহুজনৰ পৰিয়াল পোহপাল দি আছে । বহু তেনে অসমীয়া ব্যৱসায়ীয়ে বুকুত হাত দি ক'ব যে তেওঁ ঠগ প্ৰৱঞ্চনাৰ পৰা মুক্ত হৈ ব্যৱসায় কৰিছে বা কৰাৰ প্ৰয়াস কৰিছে । কিন্তু আমি অসমীয়া জাতিয়ে নিজৰ মানুহ জনক বিশ্বাসত ল'ব পৰা নাই বা সাধাৰণতে নলওঁ । যাক বিশ্বাসত লৈছোঁ তেওঁ কিন্তু ঠগ বুলি ধৰা পৰা মাত্ৰেই প্ৰথম নিজৰ ৰাজ্যলৈ উৰা মাৰিব সুৰক্ষাৰ স্বাৰ্থত । তথাপি আমি তেওঁলোকক patronage কৰোঁ । এয়া আমাৰ নিজৰ জাতিৰ প্ৰতি থকা বিশ্বাস । আমাৰ নিজৰ জাতিৰ বিষয়া কৰ্মচাৰী সকলে বিভিন্ন আইনৰ দফাৰ দোহাই দি কামৰ প্ৰতি অসমীয়া মানুহক নিৰুৎসাহ কৰাৰ প্ৰযত্ন কৰে । ধনো লয় যদিও অনাঅসমীয়া জনৰ প্ৰতি যি extraordinary দৰদ সেয়া মুঠেই নাই । কাৰণ অসমীয়া জনৰ বজাৰত গাদী এখন নাই , চাহ একাপ , পান এটা  খুৱাই ঘৰলৈ টোপোলা দিয়াৰ অভ্যাস নাই । সেয়ে দত্ত-ভট্টক চিনি পাওঁ বুলি বুকু ফুলাই কোৱাতকৈ আগৰৱালা - জৈনক চিনি পাওঁ বুলি ক'লে এটা rank পোৱাৰ অনুভৱ তেওঁলোকৰ  মুখত ফুটি উঠে । এয়া আমাৰ জাতীয়তাবাদ !! আজি যোৰহাটৰ  চিনামৰাত অসমীয়া উদ্যোগীয়ে মাটি লোৱা টান । কাৰণ সেইবোৰ "চাহ" শ্ৰেণীৰ মাটি । পিছে সেই অঞ্চলত অনা অসমীয়া লোকৰ উদ্যোগ অনেক । "Class change ? হো যায়েগা ...জী, আপ চিন্তা মে মত দুব' । " এয়া আমাৰ জাতীয়তাবাদ !!

এনে অসংখ্য সৰু সৰু উদাহৰণ আছে । বিদেশীক স্বদেশী কৰাৰ বাবে না না নথি কোনে যোগান দিছে ? অসম চৰকাৰৰ অসমীয়া কৰ্মচাৰী , বিষয়া , গাওঁবুঢ়া , পঞ্চায়ত সভাপতি , বিধায়ক আদিয়ে । এয়া আমাৰ  জাতীয় চৰিত্ৰ । যি সকলৰ বৰ্তমান বাহুত বল আছে তেওঁলোকে কথাবোৰ চিন্তা কৰাৰ অকণমান অৱকাশ উলিয়াব লাগিব । ২০ বছৰৰ পিছত তেওঁলোকৰো বাহুৰ ছাল সোঁতোৰা পৰিব আৰু কোনোবাই ৰঙা চকু দেখুৱাই বাহিৰ কৰি দিব । সেই দিন সমাগত । এতিয়া আমি অসমীয়াৰ যে সংজ্ঞা বিচাৰিছিলো , তেতিয়া আৰু বিচাৰিব নেলাগিব । কাৰণ বিচাৰিলে pain killer লগাব-খাব যে  লাগিব সেইটো খাটাং ।

আমি পৰিশ্ৰম কৰি অৰ্থনৈতিক ভাৱে স্বাৱলম্বি হওঁহক আহক । সমগ্ৰ নহ'লেও ৮০% অৰ্থনৈতিক অধিকাৰ নিজৰ হাতত লোৱাৰ প্ৰচেষ্টা কৰিব লাগিব । আমাৰ শিক্ষানুষ্ঠানৰ পৰা বিভিন্ন বিষয়ত মেধা যোগ্য যুৱক যুৱতী উলিয়াব লাগিব । তাৰবাবে জাতীয় সংগঠনে নিৰন্তৰ দৃষ্টি দিব লাগিব । সকলো দিশত জাতিক উন্নত কৰাৰ আন্দোলন হওঁক । পথ বন্ধ - অসম বন্ধ - যোৰ সমদল নহয় । জাতি যদিও ICU ত সোমাই আছে , ভাল চিকিৎসা পালে বাচিবৰ আশা এতিয়াও আছে । সকলোৱে নিজৰ নিজৰ মনতে কথাবোৰ বিশ্লেষণ কৰক এবাৰ । আমাক বা ৰাইজক ক'ব নেলাগে বাৰু ।

চুবুৰীয়া অসমীয়া যুৱক যুৱতীৰ উৎকৃষ্ট উৎকৰ্ষ দেখি মনত হ'ব পৰা দহণৰ পৰা অসমীয়া জাতিয়ে মুক্তি লভিব লাগিব । কোনোবাই কিবা Achieve কৰিলে তেওঁক শুদ্ধ অন্তৰেৰে উৎসাহ দিব লাগিব আৰু প্ৰয়োজনত সহায় সহযোগ কৰিব লাগিব । সেয়াই হয়তো জাতি ৰক্ষাৰ কবচ্ হ'ব । 

Comments

Post a Comment

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?