আমি আনকy দোষমুক্ত সৰ্ব গুণাকৰ হোৱাটো বিচাৰো
বৰ্তমান সময়ত সৰহ সংখ্যক মানুহে (যি সকলে বিভিন্ন মাধ্যমত নিজৰ ভাব প্ৰকাশ কৰে) আনসকলক সৰ্বগুণ সম্পন্ন হোৱাটো বিচাৰে । এনেকৈ আমি যদি সকলোৱেই সৰ্বগুণাকৰ হ'ব পাৰিলো হেতেন তেনে আমাৰ দেশৰ বহু ব্যস্ততাপূৰ্ণ ধৰ্মীয় ঠাই খালি কৰি দেশৰ উপাৰ্জনৰ কামত সেইবোৰ ভূমিক ব্যৱহাৰ কৰিব পাৰিলো হেতেন । গুণেৰে পৰিপূৰ্ণ আমাক মন্দিৰ-মচজিদ্- গীৰ্জা- নামঘৰৰ দৰকাৰেই নহ'ব তেতিয়া । ভগৱানো সকলো গুণেৰে পৰিপূৰ্ণ নাছিল হেনো । সেয়েহে বোলে তেওঁৰো ভুল হৈছিল !
প্ৰতিটো কাম , প্ৰতিটো ঘটনাৰ পাৰ্শ্ব ক্ৰিয়া থাকে । মোৰ দাঁত বোৰত ফুটা হোৱাৰ কাৰণ বোলে ব্ৰাচটোৰ ব্যৱহাৰ । কুকাৰৰ ভাত খালে বোলে পৰিশ্ৰম নথকা সকলৰ পেট টেকেলি সদৃশ হয় । অধিক AC ব্যৱহাৰ বাতাবৰণৰ বাবে ক্ষতিকাৰক । মাইক্ৰ ওভেনৰ পৰা সহজে খাদ্য গৰম বা তৈয়াৰ হ'লেও তাৰ পৰা বিচ্চুৰিত Ray আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । এনেকুৱা কি সহজ কাম আছে যি আমাৰ ক্ষতি কৰা নাই ??
এজনে বানপানীৰ পিছত শাক-পাচলিৰ মূল্য 50/60 টকা কেজিৰ তলত নাই বুলি চৰকাৰক কটাক্ষ কৰি লিখা দেখিলো । পিছে বানপানীৰ ওপৰতে হোৱা খেতিৰ আৱিষ্কাৰ কিয় কৰা নাই সেইটো তেখেতেও চিন্তা আগবঢ়োৱা দৰকাৰী আছিল । দেশৰ শাসন ব্যৱস্থাত সকলো দলৰ লোক যোৱা ৭০ বছৰত কম বেছি পৰিমাণে যুক্ত হৈছে । তেওঁলোকে সুযোগ পাওঁতে এইবোৰ কথা কিয় নেভাবিলে সেয়া বুজা টান । আমাৰ মাজত সমাজৰ বিভিন্ন স্তৰৰ লোকক নেতৃত্ব দিয়া লোক বিদ্যমান । সেই সেই সকলে নিজৰ জীৱনৰ মান যাক নেতৃত্ব কৰে সেই সকলৰ স্তৰত কেতিয়াও ৰখা দেখা নাই কিয় ? এই যে আমাৰ কৰ্ম আৰু চিন্তা - মতাদৰ্শৰ অযুত মাইলৰ দূৰত্ব তাক আঁতৰ কৰিব লাগিব । সুবিধাবাদ এৰিব লাগিব । তেহে গুণবোৰে আমাৰ চোলাৰ তলৰ দেহাটোত প্ৰৱিষ্ট হোৱাত সফলতা পাব ।
তিনি তালাক বে আইনী ঘোষণা কৰাত বহতো মহিলা উপকৃত হ'ব । বহুতে আকৌ তাৰ বিৰোধিতা কৰিছে । কিয় , মহিলা সকল মানব নহয় নেকি তেওঁলোকৰ দৃষ্টিত ? সিহঁতৰ ( আপত্তি কৰোতা সকলৰ ) জন্ম ৰহস্যনো কি তেনে ? আল্লা- ভগৱানে Direct manufacture কৰি পঠাই দিলে নেকি সিহঁতক ?
মোৰ দৃষ্টিত ধৰ্ম এটা বিশ্বাস মাত্র । আজি মোক বিশ্বাসত লোৱাজনে কালিলৈ নল'বও পাৰে । তেনে ঘটনা আমাৰ জীৱনত হৈয়েই থাকে । বহু কাৰণত আমি ভবাৰ দৰেই কাম নহয় । আমি সকলো পৰিবেশ-পৰিস্থিতিৰ দাস মাত্র । "বিশ্বাস" শব্দৰ অৰ্থই তেনেকুৱা । সেয়ে প্ৰয়োজন বুজি মানুহে ধৰ্মৰ পৰিবৰ্তন কৰে , কোনোবাই #ঘৰ #ৱাপচি পাতে । মানুহৰ প্ৰয়োজনতহে ধৰ্মৰ সৃষ্টি , ধৰ্মৰ প্ৰয়োজনত মানুহৰ সৃষ্টি নহয় । শাৰীৰিক কিছু পাৰ্থক্য বাদ দি মহিলা আৰু পুৰুষৰ পাৰ্থক্য একো নায় । দুয়োৰে একাত্ম প্ৰচেষ্টাত মানৱ সমাজ বৰ্তি আছে । তেওঁলোক অতি strong হোৱাৰ প্ৰয়োজন হ'ল । পুৰুষ প্ৰধান আৰু মাতৃ প্ৰধান সমাজৰ কৰ্ম কাণ্ডবোৰ চাওঁক সকলোৱে । নাৰী আৰু পুৰুষৰ বাবে সুকীয়া সামাজিক আইন কিয় লাগে ? ভোগ কৰিবৰ দৃষ্টিৰে কি অধিকাৰত আমি নাৰীক কল্পনা কৰিম ?
Intolerance বেছি হৈছে দেশত । ৰাজনৈতিক ক্ষেত্ৰতকৈ বেছি ব্যক্তিগত জীৱনত হৈছে । পৰিয়ালৰ মাজত হৈছে । আমাৰ সন্তান সকলৰ মাজত হৈছে । তাৰ কাৰণ আমিয়েই । প্ৰতিটো কথা , প্ৰতিটো বিষয়ত আমাৰ ভীষণ অসন্তুস্তি হৈছে । যাৰ ফলত আমাৰ সন্তান সকলৰ স্বভাৱত তাৰ চাঁ পৰিছে । অতি সক্ষম মেধা সকলৰ মাজত আজিৰ ব্যস্ততা পূৰ্ণ জীৱন । তাত পাৰিবাৰিক অবিশ্বাস - অশান্তিয়ে , মতানক্যই দুৰ্বিসহ কৰি তুলিছে জীৱন । ফলত আত্ম হত্যা বৃদ্ধি হৈছে অত্যাধিক পৰিমাণে । অসৎ মনোবৃত্তিৰে #আমিৰ হোৱাৰ স্বপ্ন দেখি বিমুদ্ৰাকৰণত উপাৰ্জনৰ স্বপ্ন দেখা বহু ডেকাইও আত্মহত্যাৰ পথ লৈছে ।
বাস্তৱৰ পথৰ পৰা অসন্তোষৰ পথত আমি অভ্যস্ত হৈ গৈ আছোঁ । দিনদয়ালৰ অসন্তোষ , শংকৰদয়ালৰ অসন্তোষ , ইংৰাজী মাধ্যমত নিজৰ সন্তান পঢ়োৱা সকলৰ অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ চিন্তাৰে অসন্তোষ , পানীত উটি যোৱাৰ অসন্তোষ , পানী বোৱাই নিয়াৰ অসন্তোষ , কিতাপ পোৱাৰ আৰু নোপোৱাৰ অসন্তোষ , দুৰ্নীতি ৰোধ কৰাৰ অসন্তোষ , দুৰ্নীতি কৰা সকলক নধৰাৰ অসন্তোষ , পইচা খৰচ কৰাত অসন্তোষ , দানত পোৱাৰ অসন্তোষ , বিয়া পাতিব নোৱাৰি আৰু বিয়া পাতি অসন্তোষ ...... । মুঠ কথাত কেৱল অসন্তোষ । এই অসন্তোষ বোৰ সন্তোষলৈ যেতিয়াই পৰিবৰ্তন কৰিব পাৰিম তেতিয়া আমি গুণাভিৰাম হ'ব পাৰিম । তেতিয়া ভগৱান-আল্লা- GOD সকলোকে মানুহৰ ফৰকাল চেহেৰাবোৰতে দেখিবলৈ পাম !

Xundor
ReplyDelete