পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ স্মৰণত

 পৰম পূজনীয় পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ নামত অসমত কেন্দ্ৰীয় আৰু ৰাজ্য  চৰকাৰৰ পূজিৰে যৌথ ভাবে ২৮ খন নতুন মহাবিদ্যালয় হ'ব । ই এটা আদৰণি জনাবলগা বিষয় বুলিয়েই ধৰিলেও সমগ্র দেশত তেনে এক আঁচনিৰ অন্তৰ্গত কাম হোৱা হ'লে শুনবলৈ বেছি ভাল হ'ল হেতেন । চৰকাৰৰ ধন মানে ৰাইজৰ ৰাজহ । সেয়ে এই ধৰণৰ কামত ৰাইজৰ ধনৰ ব্যৱহাৰ হয় বাবেই ৰাইজৰ অভিমত  বা বিতৰ্কৰ ঔচিত্য নুই কৰা নেযায় ।  হওঁক তেনে কাম । কিন্তু আমি তাক অসমত "অমুক মহাবিদ্যালয় ( পণ্ডিত দীনদয়াল উপাধ্যায় উচ্চ শিক্ষা প্ৰকল্পৰ অন্তৰ্গত  প্ৰতিষ্ঠিত ) বুলিও কৰিব পাৰিলো হেতেন চাগৈ । এইবোৰ আমাৰ সৰু মনৰ চিন্তা । তেনে কৰিলে সেই মহান ব্যক্তি গৰাকীৰ নাম বিতৰ্কৰ মাজত নাহিল হেতেন চাগৈ আৰু সমাদৰো বাঢি়ল হেতেন । এটা লৰালৰিকৈ লোৱা সিদ্ধান্ত হোৱাৰ দৰে হ'ল বুলি ভাবিছোঁ ।

যোৰহাটত থকা জননায়ক দেৱেশ্বৰ শৰ্মা অসামৰিক চিকিৎসালয়খনতে‍ যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰা হ'ল । কিন্ত তাৰপৰা  জন নায়ক জনৰ নামটো আঁতৰাই দিয়া হ'ল । যোৰহাটৰ উন্নয়নত জননায়ক দেৱেশ্বৰ শৰ্মাৰ যি বিশাল অৱদান সেয়া বোধহয় অসমৰ বা অসমীয়াৰ প্ৰতি প্ৰয়াত ফকৰুদ্দিন আলি আহমদ দেৱৰো  নাছিল ।

 তেওঁৰ বিষয়ে পঢ়িলে পাওঁ - "Chosen for the presidency by the Prime Minister, Indira Gandhi, in 1974, and on 20 August 1974, he became the second Muslimto be elected President of India. He is known to have issued the proclamation of emergency by signing the papers at midnight after a meeting with Indira Gandhi the same day. He used his constitutional authority as head of state to allow her to rule by decree once the Emergency in India was proclaimed in 1975." 

তথাপি তেওঁৰ নামত বৰপেটা চিকিৎসা মহাবিদ্যালয় হ'ল কিন্তু জননায়ক দেৱেশ্বৰ শৰ্মা  কংগ্ৰেছৰ চৰকাৰত  চিটিকি গ'ল যোৰহাটৰ পৰা । বৰপেটাৰ প্ৰতি ফকৰুদ্দিন আলি আহমদ দেৱৰ কি বিশেষ অৱদান আছিল সেয়া আমি নেজানো । অসমৰ প্ৰতি অৱদানো কিন্তু বিশেষ একো শুনা নাই । হ"লেও কংগ্ৰেছ আমোলত  সকলো বুদ্ধিজীৱি কিন্তু  নিমাত ৰ'ল ! কিয় নেজানো । খাটি অসমীয়া কোৱা , অসমৰ পৰা হোৱা  প্ৰথম ৰাষ্ট্ৰপতি বুলি হয়তো এটা গুৰুত্ব দিয়া হ'ল !! যি হ"ল ভাল হ'ল । 

চৰকাৰে ব্যক্তি বিশেষৰ নামত এইধৰণৰ অনুষ্ঠান গঢ়িলে ৰাজ্যৰ অৰাজনৈতিক বৰেণ্য ব্যক্তি সকলৰ নাম জীয়াই ৰখাৰ ব্যৱস্থা কৰিলে ভাল । ৰাজনৈতিক নাম হ'লে অতি বিশেষ অৱদান থকা ব্যক্তিৰ নামত কিবা এটা কাম কৰাটো সুকীয়া কথা । কিন্তু সমগ্র দেশ বা ৰাজ্যত কৰিবলৈ গ'লে মানুহজন জনহৃদয়ত প্ৰতিষ্ঠা পোৱা ব্যক্তি হোৱাৰ প্ৰয়োজন আহে । সময়ে, ভাত মুঠিৰ চিন্তাই , বহুতকে জুৰুলা  কৰিছে । সেইটো কথা লুৰীয়ে লুৰীয়ে ফুৰা বহতেই উপলব্ধি কৰিছে । বাণিজ্যিক খণ্ডৰ মণ্ডা অৱস্থা , চাকৰি বা আন কৰ্ম সংস্থাপন নিম্নগামী হোৱা , ৰাষ্ট্ৰীয়কৃত বেংকৰ বিভিন্ন ধৰণে ফিটিৰা সংগ্ৰহ , RBI ৰ চৰকাৰলৈ দিয়া ডিভিদেণ্ড ৪০% হ্ৰাস ,  ৰেলৰ টিকট বাতিলৰ চাৰ্জ বৃদ্ধি , ৰেল সেৱা সম্পূৰ্ণ  বাণিজ্যিকিকৰণ ,  বিজুলীৰ বিল বৃদ্ধি , উচ্চ  শিক্ষাৰ মাচুলৰ অসহনীয় বোজা , সাধাৰণ বীমাৰ প্ৰীমিয়ামৰ অভূতপূৰ্ব বৃদ্ধি , হাঁহি -কান্দোন / উশাহ-নিশাহত সম্ভাব্য কৰ আৰোঁপ , বানপানী , কৃত্ৰিম বানপানী , জাতি -মাটি- ভেটি ইত্যাদি অনেক  ডট্ ডট্ ডট্ । এনে অৱস্থাত এটা অতি অদৰকাৰী বিষয় লৈ এজন বৰেণ্য ব্যক্তিৰ নাম সাঙোৰ খাই পৰাটো ব্যক্তিগত ভাৱে বেয়া পাইছো । 

মোৰ মনৰ এই কথাখিনি লিখোতে এইটো কথাত গুৰত্ব দি লিখিছোঁ যে - "যদিহে  এইটো সমগ্ৰ দেশৰ বাবে লোৱা এটা কেন্দ্ৰীয় আঁচনি নহয় ।" যদিহে তলৰ কথাখিনি সঠিক আৰু শুদ্ধ তেনে তাত আপত্তি কৰাৰ থল নেদেখো । 


Pt Deendayal Upadhyaya Adarsha Mahavidyalaya is a Central Govt scheme and Assam Govt.  implementing it in the  the same name as other states will implement.

Out of 13024, Pt Deendayal Upadhyaya Adarsha Mahavidyalaya for pan India, Assam got only  22 such colleges. 

About Pt Deendayal Upadhyaya Adarsha Mahavidyalaya (PDDUAM)The institute is established as Model Colleges (General) under the primary components of Rashtriya Uchchattar Shiksha Abhiyan (RUSA). RUSA (Hindi for National Higher Education Mission") is a holistic scheme of development for higher education in India initiated in 2013 by the Ministry of Human Resource Development, Government of India. The Centrally sponsored scheme aims at providing strategic funding to higher educational institutions throughout the country. Funding is provided by the central ministry through the state governments and Union Territories (UT), which in coordination with the central Project Appraisal Board will monitor the academic, administrative and financial advancements taken under the scheme. A total of 316 state public universities and 13,024 colleges will be covered under it. #copied from FB Mukesh Sarmah timeline#"

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?