STAY ON RIGHT TRACK IN YOUR LIFE

"If you know you are on the right track, if you have this inner knowledge, then nobody can turn you off...no matter what they say."

Virtual জগত খনত মই ইমানেই আত্মীয় পাইছো যি মোক বহুত কিবা বুলিয়েই গণ্য কৰে । প্ৰকৃততে মই কি, বা কিমানযে সামান্য জ্ঞান লৈ চলি আছো , সেয়া মইহে জানো বা অনুভৱ কৰিব পাৰোঁ । তেওঁলোকৰ পৰা পোৱা জ্ঞান আৰু আনৰ প্ৰতি থাকিব লগা ভক্তি-শ্ৰদ্ধাৰ যি শিক্ষা পাইছো সেয়াই মোক শত তীৰ্থ ভ্ৰমণ কৰাৰ অনুভৱ দিছে । বাৰ্ধক্যৰ সময়ত তীৰ্থত মানুহে কি বিচাৰি যায় আৰু কি বিচাৰি পাই সেয়া মোৰ অনুভৱৰ বাহিৰত । কিন্তু এই জগতত Right track ত থকা সৰল মনৰ মানৱীয় গুণ সম্পন্ন যুৱক যুৱতীৰ যে কোনো অভাৱ নাই সেয়া মই মৰ্মে মৰ্মে , শিৰাই শিৰাই অনুভৱ কৰোঁ । এটা সময় আছিল যেতিয়া অনুভৱ হৈছিল যে right track ৰ প্ৰতি ভগৱানৰ দৃষ্টি নপৰে । এইটো মোৰ বিশ্বাস তেতিয়াও আছিল যে লাহ-বিলাহৰ জীৱন , সমকক্ষ লোকৰ লগতহে উঠাবহা আদিৰ বিচাৰ কৰা সকলো লোকেই মানৱীয় দৃষ্টিভংগীৰ আঁওতাৰ বাহিৰত বাস কৰা লোক । যি জীৱনৰ সত্য মৃত্যুৰ দিনলৈকে অনুভৱ নকৰে । তেওঁ নেজানে চাফাই কৰ্মচাৰী জনৰ high profile ৰ বিষয়ে । আন সকলোৱে কৰিব নোৱাৰা কামটো কৰাটোৱেই যে চাফাই কৰ্মী জনৰ high profile সেইটো নজনাতোও একপ্ৰকাৰৰ মুৰ্খামি । এটা মানুহৰ ধন-সম্পদ, প্ৰাচুৰ্য্য বৃদ্ধি হয় । কিন্তু মানুহ ডাঙৰ হয় বয়স, অভিজ্ঞতা , জ্ঞান-বুদ্ধি আৰু আঁচৰণৰ ভৰালৰ পৰিসৰৰ ওপৰতহে । উৰুখা পঁজাৰ শান্তিৰ দিনবোৰ বিশাল অট্টালিকাত নেপাই । শাস্ত্ৰীজীয়ে ঋণলৈ কিনা ফিয়েট গাড়ীখনৰ আৰাম ৰাকেশ পালে ১৪ দিনৰ ৰাজ আতিথ্যত কেতিয়াও নেপায় । এয়াই আমাৰ অতকে স্নেহৰ , আদৰৰ যুৱ প্ৰজন্মৰ বাবে হয়তো অতি উপযুক্ত সময় , বেঁকা হৈ যোৱা এই সমাজ ব্যৱস্থাটোক পোন কৰাৰ কামত সকলোৱে অহোপুৰুষাৰ্থ কৰাৰ । সকলোৱে দুবৰিত একেলগে ভৰি থবলৈ আৰম্ভণি কৰাৰ সময় । Dignity of labour কি বুজা আৰু বুজুৱাৰ সময় ।
মোৰ ল'ৰা ছোৱালী , ভাই ভটিজা বহুত হৈছে যি খবৰ ৰাখে প্ৰয়োজন বোধে । দিহা বিচাৰে তেওঁলোকৰ কিবা প্ৰয়োজন বোধে । দেউতাৰ অসুখত খবৰ লৈছেহি এনে বহুতে , যাক মই মুখামুখিকৈ আগতে পোৱা নাই । বিচনাত fit কৰিবলৈ folding stand এডাল দিলেহি কোনোবা এজনে । দেউতাক জীয়াই থাকোঁতে কোনোবাই তেওঁক দিছিল বোলে । মোৰ girl friend এ তেওঁক ধন্যবাদ দিওঁতে ক'লে - "ধন্যবাদ দি মোক হেয় নকৰিব বাইদেউ , দাদা মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তি । সেয়ে মই কৰ্তব্য কৰিছোঁ ককাক আৰু তেজ দিবলগা হ'লে এইটো নম্বৰত মোক জনাব ।" এইবোৰ সঁচা স্নেহ এৰি মই কেনেকৈ থাকিব পাৰোঁ ? কেনেকৈ wrong track ত যোৱাৰ চিন্তা কৰিব পাৰোঁ ? স্নেহৰ , ভাতৃত্ববোধৰ , নিজৰ বুলি গৰ্ব অনুভৱ কৰিব পৰা বিশাল হৃদয়ৰ শত সহস্ৰ সুহৃদৰ পৰম তীৰ্থত মই সম্পদৰ পৰম বৈভৱ দেখা পাওঁ । আনন্দত চকুৰ পানী ওলাই যায় এই প্ৰেম বিশালতা দেখি । এখন শক্তিশালী ভাৰতৰ স্বৰূপ উপলব্ধি কৰি । আমিয়েই আমাৰ কৰ্মেৰে এখন সুন্দৰ সমাজ তৈয়াৰ কৰিবলৈ আগবাঢ়িছোঁ । ভগৱানৰ কাম সকলোকে সু-স্বাস্থ্য , কৰ্মস্পৃহা , আৰু সজ চিন্তাৰ উৎপত্তি স্থলত বিশুদ্ধ সমল আশীৰ্বাদ স্বৰূপে প্ৰদান কৰা । 

"সৰ্বে ভৱন্তু সুখীনাম 
সৰ্বে সন্তু নিৰাময়া ...."



প্ৰমথ কুমাৰ বৰুৱা দাদা আমি আপোনালোকৰ পদাংক অনুসৰণ কৰাত চেষ্টাৰ ক্ৰুটি কৰা নাই। স্নেহ, ভাতৃত্ববোধ, আত্মীয়তা আৰু সজ চিন্তাৰ আখৰা আপোনাৰ মাজত প্ৰতিক্ষণতে দেখা পাও। আৰ্শীবাদ কৰিব...
"সৰ্বে ভৱন্তু সুখীনাম.... সৰ্বে সন্তু নিৰাময়া "

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?