আমি আপোনাৰ সৈতে আছো মহোদয়

আমিও অতবছৰে এই চোৰ সকলক  tolerate কৰিবলৈ টান পাই আছিলো মহোদয় । জীৱনৰ তৃতীয় প্ৰহৰত এইবাৰ আপোনাৰ কঠোৰ স্থিতি দেখি সৰ্বতোপ্ৰকাৰে আপোনাক সমৰ্থনৰ প্ৰয়াস কৰিছোঁ । লাখ লাখ , কোটি কোটি যুৱক যুৱতীৰ লগত খোজ মিলাই তেওঁলোকৰ মিচিলত চামিল হোৱাৰ প্ৰয়াস কৰিছো মহোদয় । দেশ থাকিলেই বেশ । স্বাধীন ভাৰতত এই প্ৰথম বাৰলৈ বৃহৎ সংখ্যকৰ কল্যাণ চিন্তা হৈছে য'ত সকলোৱে উল্লাসেৰে আপোনাক সহযোগিতা কৰিবলৈ শপত্ লৈছে । আমিবোৰ তেওঁলোকৰ পথ নিৰ্দেশণাত গৈ থাকিম দুগ্-দুগী চলি থকালৈকে । ভাৰত মাতৃৰ জয় হওঁক । দিল্লী -দিশপুৰক ৰাৱণৰ আবাস বুলি থকা ধাৰণা বদলি হওঁক ।
এই মহান কামত আমাৰ অলপ অসুবিধা হৈছে যদিও আমি এয়া part of the fight against corruption বুলি লৈছোঁ । কাৰণ ৭৮% ধনৰ লেনদেন নগদ হৈ আছিল বাবেই আজি বেংক সমূহে যোগাৰ দিয়াত সময় লাগিছে , যিটো স্বাভাৱিক । এওঁলোকে লগোৱা জুইত বহু বছৰ দহিলোঁ । এতিয়া তেওঁলোকৰ গাত জুই দিওতে তাৰ অলপ  উত্তাপ কিছুদিন আমি সহিমেই ।https://mobile.twitter.com/narendramodi/status/797755159027662849?s=04

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?