নাম "জ্বলা" অধ্যাপক
মোৰ এটা প্ৰেছ আছিল । ২০০৩-০৪ মানৰ কথা । ডক্টৰেট ল'বৰ বাবে এগৰাকী কলেজ শিক্ষকে থেচিছ এখনৰ বাইন্দিং কৰিবলৈ আহিছিল । লেডাৰ বাইন্দিং কৰি সোণালী আখৰেৰে চাৰিটা কপি বাইন্দিং কৰি দিব লাগিব । মূল কপিটোৰ পাতনিৰ কাগজত কিবা ডাগ এটা থকাত আন এটা কপিৰ পাতনিৰ পাতটো দিয়াৰ কথা ক'লো । দুই স্বামী -স্ত্ৰীয়ে নেমানে । কাৰণ সেইটো বোলে xerox । তেতিয়া মই DTP কৰি দিবলৈ দায়িত্ব ল'লোঁ । word ত as it is মৰাৰ পিছত দেখিলো তাত কিবাকিবি spelling আদিৰ ভুল আছে । মই তেওঁলোকক চাই দিবলৈ মাতিলোঁ । কথাটো শুনি মানুহ গৰাকী কান্দোনত ভাগি পৰিল । "মাগো, এখন আমাৰ কি হ'বে ? ইমান টাকা নিয়ে কাজটা কি করে করল ...... এখন আমাৰ ...... " স্বামীয়ে মুখত সোপা দি তেওঁক ঘৰলৈ লৈ গ'ল আৰু নিজে আহি page টো লৈ গৈ পিছ দিনা শুদ্ধকৈ দি গ'ল । নাম "জ্বলা" অধ্যাপক হয় নে নহয় নেজানো তেওঁলোক ।
তেতিয়াৰ পৰাই মোৰ মনত এটা ভুল বা শুদ্ধ যি নকওক এটা ধাৰণা সোমাই গ'ল । নিজৰ সেই মূল্যবান কামটোৰ যোগে পাণ্ডিত্যৰ শাৰীত উঠাৰ ঠিকা দিব পাৰিলে APSC ত ৰাকেশ পালৰ লগতো ঠিকা বা দালালী কৰিব নোৱাৰাৰ কি কথা আছে ? এয়াই আমাৰ ব্যৱস্থা । এজন বৈষ্ণৱ পণ্ডিতে কৈছিল যে মোৰ ওচৰলৈ বৈষ্ণৱ সাহিত্যৰ একোটা বিষয়ৰ ওপৰত Research কৰিবলৈ আহে । একোজনে কয় - "আপুনি মোৰ কামটো ভালকৈ কৰি দিব আৰু ছাৰ ।" তেখেতে বোলে কয় -"মই একো কৰি নিদিওঁ, আপুনিহে কৰিব লাগিব সকলো , মই আপোনাৰ guide হে । কৰি দিয়া লাগিলে university ত গৈ সলাই লওঁক guide ।"
সঁচাকৈয়ে যি সকলে কঠোৰ শ্ৰম কৰি একোগৰাকী অধ্যাপক হৈছেগৈ তেওঁলোকক এই ধৰণৰ কৰ্মত সততে কেতিয়াও সংপৃক্ত পোৱা নেযায় । জ্ঞান আহৰণ আৰু বিতৰণৰ বাবে তেওঁলোকক চৰকাৰে যথেষ্ট মাননী দিয়া বুলিয়েই গণ্য কৰে সদায় । সেই সকলৰ সৈতে কথা পাতিলে শ্ৰদ্ধাত মূৰ দোঁ খাই যায় ।
হয় , নিজৰ শিক্ষানুষ্ঠানত নিজৰ ছাত্ৰ - ছাত্ৰীৰ Centre কৰি অতি উত্তম ফল দেখুৱাবলৈ council এও বহুতক সুবিধা দিয়া দেখি আছো নহয় । সেইবোৰ মেধাৰ (!) কাৰখানাৰ কোনেনো পাতিছে চৰকাৰে নেজানে নে শিক্ষক সমাজে নেজানে ...

Comments
Post a Comment