মইনো কাক ভাল পাওঁ আৰু আপুনি বা কাক ভাল পাই !!
আজিৰপৰা ৩০ বছৰৰ আগত যদি মোক কোনোবাই সুধিলে হেতেন -"তুমি সকলোতকৈ কাক ভালপোৱা ?" , মই হয়তো উত্তৰত আঙুলিয়াই দেখুৱাই দিলো হেতেন মোৰ girl frind জনীলৈ । কিন্ত সেইটো মোৰ শুদ্ধ উত্তৰ নহয় । তেওঁক সুধিলেও হয়তো একেই উত্তৰ দিলে হেতেন চাগৈ মোলৈ দেখুৱাই । এতিয়াও আমাৰ সেই স্নেহ বাহাল আছে । তাৰ কাৰণ কিন্তু আমি আচলতে দুইজনেই নিজক অত্যন্ত ভাল পাওঁ । সেয়েহে নিজৰ ভৱিষ্যতৰ সুখ, সু-সংস্কাৰ যুক্ত পৰিয়াল এটা (দুয়োজনৰ যুটিয়া প্ৰচেষ্টাত) গঢ়ি সমাজৰ দৃষ্টিত প্ৰতিষ্ঠা পোৱাৰ আৰু বাৰ্ধক্যত নিজে সুৰক্ষিত হোৱাৰ স্বাৰ্থত আমি ইজনে সিজনক অত্যন্ত ভাল পাওঁ ।
মমতা দিদি , কেজৰীভাই , মোলায়েম-লালু চাচা , মায়া বেহেনজী , য়েচুৰীজী আদি সকলো একেই । সকলোৱে নিজক অত্যন্ত ভাল পাই । তেওঁলোকেও নিজৰ ভৱিষ্যতৰ প্ৰতিষ্ঠা -সুৰক্ষাৰ স্বাৰ্থত জীৱন নিপাত কৰিছে । আৰু মোডীজী ?? তেওঁকো ব্যতিক্ৰমী বুলি নেভাবিব । তাৰ মাজত দুই এজন সদ্য বিবাহিত বৃদ্ধৰ উত্তৰ মোৰ সেই ৩০ বছৰৰ আগৰ উত্তৰৰ সৈতে মিলি গ'ল হেতেন । সেইটো ব্যতিক্ৰম দুই এজনৰ থাকিবই ।
নিজক ভালপোৱা প্ৰতিজন মানুহে নিজৰ কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা পাবৰ বাবে অপ্ৰাণ চেষ্টা কৰে । উল্লিখিত সকলোৱেই কৰিছে । মোডীজীয়েও কৰিছে , ৰামদেৱেও কৰিছে , আমিও কৰি আছো । অন্যান্য মন্ত্ৰী , বিধায়ক , সাংসদ, নেতা -পালি , বিষয়া -কৰ্মচাৰী , বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত লোক সকলোৱে কৰি আছে । যি নকৰে , সি এই ভূমিৰ বাবে এক বোজা । ভাল গান গোৱা জনে তেওঁৰ নিজৰ ক্ষেত্ৰত প্ৰতিষ্ঠাৰ চেষ্টা কৰিছে , ক'লা টকাৰে পাহাৰ গঢ়াৰ আকাংখ্যা থকা বা ক্ষমতাৰ আকাংক্ষা থকা জনে তেওঁৰ কৰ্মক্ষেত্ৰত চেষ্টা কৰিছে । ডাউদ ইব্ৰাহীমে নিজৰ ক্ষেত্ৰত কৰিছে , সুন্দৰীয়ে নিজৰ ক্ষেত্ৰত কৰিছে । মোডীজীয়েও কৰিছে । দেশক ভালপাইওতো বহতে প্ৰাণ দি নিজকে প্ৰতিষ্ঠা কৰি গৈছে । আৰু দেশক গাদ্দাৰী কৰিও নিজকে ভাল গাদ্দাৰ বুলি প্ৰতিষ্ঠা কৰা অসংখ্য লোক আছে । কাৰণ, প্ৰত্যেকেই নিজক অত্যন্ত ভাল পাই বাবেই তেওঁক "ধন সম্পদ " বা "জন সম্পদ" বা "সন্মানৰ অলংকাৰ"-ৰ সম্পদ লাগেই ।
এই দৃষ্টিৰে আমাৰ দেশত বিমুদ্ৰিকৰণৰ প্ৰতিবাদৰ প্ৰয়োজন আহিছে আৰু সেই প্ৰয়োজন পূৰণ কৰাৰ প্ৰথম পৰ্ব জনতাক প্ৰৱল প্ৰৰোচনা কৰাৰো প্ৰয়োজন আছে । দেশৰ ৮০% মানুহে নিজক ভাল পাই বাবেই সকলোৰে সমানতা অহাটো বিচাৰে । কাৰণ তেওঁৰ কাষৰ মানুহজন হঠাতে ধনী হৈ যোৱাটো তেওঁৰ সহ্যৰ বাহিৰৰ কথা । ধনীহৈ যোৱা জনৰো তাৰ বিপৰীতে একেই চিন্তা । কাৰণ আমি প্ৰত্যেকেই নিজকে অত্যন্ত ভাল পাওঁ । মোডীজীয়েও ভাল পাই ।

Comments
Post a Comment