নগদ টকাৰ আপদ, আমি সাধাৰণ জনতা আৰু চৰকাৰ

অহা কিছু মাহলৈ এটা ডাঙৰ Vacuum থাকিব  বজাৰত । যিটো চৰকাৰ বা বেংক সমূহে বজাৰত নতুন টকাৰে পূৰ্ণ কৰিব কেতিয়াও নোৱাৰে । ধৰক 22% টকাৰ বেংকৰ যোগেদি লেনদেন হৈছিল আৰু 78% নগদ । এই নগদৰ পৰা 38% যদি বেংকত জমাও হয় তথাপি 40% টকাৰ Gape থাকিব আৰু বজাৰ মহঙা হৈ ৰ'ব । দ্বিতীয় কথা বেংকৰ সংখ্যা অনুসৰি capacity আছিল সেই 22% মাত্ৰ । গতিকে অহা দিনত চৰকাৰে জমা পাব বুলি ভবা খিনিৰ বাবে :-
ক) বেংকৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজন হ'ব যিটোৰ বাবে বহু সময় প্ৰয়োজন হ'ব ।
খ) ATM বৃদ্ধি কৰিব লাগিব
গ) 2000 ৰ পৰিবৰ্তে  100/50/20/10 ৰ ধন বজাৰত প্ৰচুৰ পৰিমাণে  এৰিব লাগিব যাতে সাধাৰণ বেপাৰী আৰু দিন হাজিৰা কৰা সকলৰ বিপদ নহয় ।
ঘ) চৰকাৰী জনকল্যাণ  আঁচনিৰ প্ৰসাৰ ঘটাই বজাৰত বেংকৰ মাধ্যমত টকা এৰিব লাগিব । নহ'লে কৰ্ম হীন লোক বাঢ়িব ।
ঙ) চাহ বাগানত বেংক খুলিব লাগিব ।

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?