গুৰু শুক্ৰাচাৰ্য্য আৰু তেওঁৰ অসুৰ শিষ্যগন


বুঢ়াকালে বিপৰীত বুদ্ধি । নাওঁ দুবিলেও টিঙৰ পৰা ননমাৰ দুৰ্বাৰ হেঁপাহ গগৈদেউৰ । দৰমহা সময়ত দিয়া মুখ্যমন্ত্ৰী জনাই সমগ্ৰ কৰ্মচাৰীক প্ৰতিমাহে দৰমহা কিয় দিব পৰা নাছিল সেই কথাৰ উত্তৰ তেওঁ কেতিয়াও দিয়া নাছিল । চৰকাৰী কৰ্মচাৰী বুলি কওঁতে তেওঁ Non plan ধৰিছিল নে plan, contractual, TET আদি সকলো ধৰিছিল ? এটা বছৰ এনেকুৱা কওঁক যি বছৰ দৰমহা নেপাই কৰ্মচাৰীয়ে আন্দোলন কৰা নাই ? বিনা কষ্টেৰে কোনোবাই পেঞ্চন পাইছিল ? 

চাওঁক , আপোনালোকৰ আৰু আপোনালোকৰ শুভাকাঙ্খী হওঁক বা সহযোগী ৰাজনৈতিক নেতা -পালি  বা আপোনালোকৰ তালিকাত কৰ্মধন্য  সকলৰ কৃপাত ভাৰতৰ অৰ্থ ভাণ্ডাৰৰ পৰা লুট কৰা প্ৰায় ৮০% ধন  বাকচে -মোনাই- লকাৰে থকা অৱস্থাত হঠাৎ সেই মুদ্ৰা বন্ধ কৰি দিবলগা হ'লে তাক ৭/১০ দিনত বজাৰত মেলি দিয়া সম্ভৱ নহয় । এইবোৰ আঠুৱা কম্বল নহয় নহয় যে ৩০% বিলাই বাকীখিনি আপোনাৰ সহযোগী সকলৰ ঘৰত থৈ দিবলৈ দিব !! আন এটা কথা হ'ল - আজিৰ তাৰিখত বাকচত যিমান মুদ্ৰা আছে সেইবোৰ বেংকত সকলো নাহে বাবেই এটা ডাঙৰ gap থাকিব কিছু মাহ যাৰ প্ৰভাৱ সমগ্র বজাৰ ব্যৱস্থাত পৰিব । সামগ্ৰী মূল্য পুনঃ নিৰ্দ্ধাৰণ হ'ব আৰু কমিব । সৰু সৰু অসংগঠিত বজাৰত তাৰ প্ৰভাৱ ইতিমধ্যে আৰম্ভ হ'ল । সংগঠিত বজাৰত সেই বাস্তৱৰ চিন্তা চৰ্চা আৰম্ভ হৈছে । 

গগৈদেউ , মোৰ ঘৰৰ ওচৰৰ এটা বৃহৎ এলাকাত আমাৰ সৰুকালত  মাত্ৰ দুজন গাড়ী থকা মানুহ আছিল । এজন স্বৰ্গীয় ভূৱন দত্ত (ঠিকাদাৰ) ASZ 1616 আৰু আনজন বিক্ৰী কৰ বিভাগৰ অধিক্ষক । পিছত ৠণ লৈ ভাড়াত চলোৱা তিনিখন হ'ল । পিছলৈ  মন্ত্ৰীৰ PA ৰ ভায় আদিয়ে ভাড়াঘৰত ১০০০০ দি একাধিক Fortuner, Innova লৈ থকাও দেখিলো । 0001 নম্বৰ মানে আমি মাননীয় জিলা উপায়ুক্তৰ গাড়ী বুলিয়েই জানি আছিলোঁ । একেই কোম্পানীৰ একেই গাড়ী । মৰ্যদাৰ পাৰ্থক্য সদায় আছে আৰু সদায় থাকিবই । ই কৰ্মৰ যোগেদি আহে ।  আপুনি আপোনাৰ গাড়ীখনত 0001 নম্বৰ লৈ ল'ব পাৰিলেই  সেই মৰ্যাদা বা স্থান পাব নোৱাৰে । তাৰ বাবে সৰুৰে পৰাই প্ৰস্তুতি লাগিব । এনেই ল'লে  বৰং কোনোবাই ক'ব- " এইটো corrupt number 1 গ'ল পাৰহৈ ।" 

আপুনি বুদ্ধিত #বৃহস্পতি" হ'ব নোৱাৰিলেও "#শুক্ৰাচাৰ্য্য" হয় বুলি সমগ্র অসমে জানে । গতিকে আপুনি যে সকলো কথা জানে আৰু বুজে তাত কোনো সন্দেহৰ থল নাই । কৰ্তব্যত আপুনি অচল । সেইটো আপোনাৰ ভাল গুণৰ প্ৰথমটো । কাৰণ আপোনাৰ শিষ্য সকলৰ পক্ষৰ পৰা গুৰুৰ ৰূপত  আপুনি আঁতৰি নাহে ।




Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?