জীৱনৰ বাটত কৰা আমাৰ ভুলবোৰৰ কথা মনতে নপৰে
বহুদিন আগৰ কথা । খুড়া এজনৰ ছোৱালীৰ বিয়া আছিল । এবছৰৰ আগৰ পৰা প্ৰস্তুতি । খুড়াৰ এটা বিশেষ গুণ আছিল তেওঁ সকলো কামত বৰ systematic আৰু পৰিকল্পনা কৰি কৰে । আমিও বিয়াত কোনে কি দিলে ভাল হ'ব আলোচনা কৰি সকলোৱে আগতীয়াকৈ দি দিলোঁ । আমাৰ ঘৰখন তেওঁলোকৰ অতি ঘনিষ্ঠ হোৱাত দুমাহৰ আগৰপৰা দৈনিক আমাৰ খুড়াৰ তালৈ গৈ কিবা একোটা দায়িত্ব লোৱা , বজাৰলৈ লগত যোৱা , নিমন্ত্ৰণ কৰিবলৈ list অনা আৰু আগদিনাৰ list খন tick মাৰি জমা দিয়া আদি অভ্যাসত পৰিণত হ'ল । খুড়াই manu ৰ পৰা মানুহৰ তালিকালৈ , পুৰুহিতৰ তালিকাৰ পৰা কাৰিকৰৰ তালিকালৈ এখন ডাঙৰ বহীত systematic লিখি থৈছে বহুদিন আগতে । কোনো খুট নাই তেওঁৰ ।
সকলো ঠিকেই হ'ল । বিয়াৰ জোৰণৰ আগদিনা ৰাতি আমি ১২ বজাত উভটিলোঁ কাম বন কৰি । আমাক ঘৰৰ দৰজা খুলি দি ৰাতি মায়ে বিয়া ঘৰত জোৰণৰ আয়োজনৰ সকলো খা-খবৰ আমাৰ পৰা ল'লে । তাৰ পিছত বোলে- "জোৰণ খনত আমিও থাকিব পৰা হ'লে ভাল আছিল , ছেঃ !" মোৰ চিন্তা লাগিল - মাৰ আকৌ কি হ'ল ? গা বেয়া নেকি ?? সুধিলো মাক । মাৰ দুই চকুত পানীৰে ভৰি পৰিল ।
"আমাকনো বিয়াখনত মাতিব নেপাইনে সিহঁতে !"
হে প্ৰভু !!! হয়তো কথাটো । আমাক দেখোন কোনেও নেমাতিলে বিয়ালৈ !! তেনেতে খুড়াৰ ঘৰৰ পৰা ফোন আহিল land line ত ।
"ঐ বৰ ডাঙৰ কথাটো হ'ল নহয় অ । দৰাৰ সাঁজৰ পঞ্জাবীটো দৰ্জীৰ তাতে থাকিল । জোৰণত দি পঠাব লাগিব । কাইলৈ দেওঁবাৰ , কি হ'ব এতিয়া ?"
মই ক'লো -" হ'ব , খুড়া মই তাৰ ঘৰ বিচাৰি উলিয়াই হ'লেও মই পুৱা আনিমগৈ । আপুনি শোৱক অলপমান ।"
খুড়া আশ্বস্ত হ'ল ।
এতিয়া কি কৰা যায় কালিলৈ !!!! বিয়াৰ ঘৰলৈ এওঁলোকে কেনেকৈ যাব ??
কিয়জানো , demonitization ত হোৱা একো একোটা ভুল দেখি আজি এই ঘটনাটো মনত পৰিল । আমাৰ নিজৰ নিজৰ ব্যক্তিগত জীৱনৰ অনুস্থান বোৰত বা ৰাজনৈতিক দলবোৰৰ নিজৰ কামত , তেওঁলোকৰ ভাষণত , চৰকাৰী বিশাল আয়োজন আদিত ক'তোৱেই দেখোন আজিলৈকে কোনেও ful proof বা শুদ্ধকৈ কাম এবাৰতে কৰিব পৰা নাই !! সেই কথাবোৰকে বাতৰি আকাৰত লিখোতে বা পঢ়োতেও প্ৰায়ে 100% শুদ্ধতা নেথাকে । আনৰ পৰা আমাক কিন্তু সকলোৱেই শুদ্ধকৈ লাগে ! সভাই সমিতিয়ে জাতীয় আৰু ৰাষ্ট্ৰীয় সংগীতত লগা ভুল, পতাকা খন লগোৱৰ ভুল , কাৰ সভাত অহিলো সেইটো ক'ব নোৱাৰা ভুল, প্ৰশ্ন কাকত পঠোৱাত ভুল , প্ৰশ্ন তৈয়াৰ কৰাত ভুল, result ৰ ভুল , সিদ্ধান্তৰ ভুল আৰু কত যে কিমান ভুলঐ !!
কিয় ? কোনে জানিব বাৰু ??

Comments
Post a Comment