লিপ্সাবান লোক আৰু সবল দেশপ্ৰেম

এফালে দেশৰ ব্যৱস্থাক নস্যাৎ কৰি সৰ্বত্ৰ দুৰ্নীতিৰ বিষ বাষ্প বিলোৱা এচাম ধুৰন্ধৰ আৰু আনফালে ব্যৱস্থাৰ প্ৰতি সৰ্বোচ্চ সন্মান প্ৰদৰ্শনৰ বাবে এগৰাকী সফল মাতৃৰ দেশবাসীক দিয়া অফুৰন্ত  প্ৰেৰণা । 

  ৫০০/ ১০০০ ৰ খুন্দাত ৰাকেশ পালৰ নিস্তাৰ নহ'লেই হ'ল । এটা বিষয়ৰ উত্তাল অৱস্থাত আন এটা ডাঙৰ ঘটনাই সকলো তল পেলাই দিয়াটো স্বাভাৱিক কথা । এই যে পৰীক্ষাৰ বহী প্ৰেছ ,সৎসংগ কেন্দ্র , আবাসগৃহ আদিত ওলাইছে তাৰেই পৰা পাল বাবুক দক্ষিণা দি  নিৰ্বাচিত হোৱা একাংশই আজি হয়তো দায়িত্বপূৰ্ণ পদবীত অসমৰ বিভিন্ন ঠাইত কৰ্মত যোগদান কৰিছে । সেইটো খবৰ সঁচা নহওঁক , এয়া আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ।  এয়া এজন বন্ধুৰ পৰা এই মাত্ৰ ফোন যোগে খবৰ পালোঁ । এইটোও  হয় যে তাৰেই ভিতৰত আমাৰ বহুতৰে আত্মীয় বহুজন ওলাবও পাৰে । কোনোবা মন্ত্ৰীৰে সম্পৰ্ক থকা,  কোনোবা বিধায়কেৰে , কোনোবা হয়তো  commissioner ৰে সম্পৰ্ক থকা,  আকৌ কোনোবা তাতোতক ওপৰৰ আমোলাৰ । সেইবোৰ থাকিবই । আমি আমাৰ সিদ্ধান্তত অটল হ'ব পাৰিব লাগিব । 

 নিকা ব্যৱস্থা এটা কৰিবলৈ অংগীকাৰ কৰা চৰকাৰে এই বিষয়বোৰত অতিকে সৱল - সতৰ্ক হোৱাৰ মনোবল নেথাকিলে দুৰ্নীতি ৰোধ মুঠেই অসম্ভৱ হ'ব । আমি কোনো কথাতে অংগীকাৰ কৰা উচিত নহয় যদিহে আমি সামান্য মনোৱলৰ অধিকাৰী হোৱাৰ সামৰ্থ নাই । সমগ্র তদন্ত প্ৰক্ৰিয়া অসাৰ হ'ব যদিহে চৰকাৰে সেই প্ৰেছত লোৱা পৰীক্ষা (??) ৰ তালিকাৰ পৰা সঁচাকৈয়ে নিয়োগ কৰিছে ।

মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ মাতৃৰ মুখলৈ চাওঁ হঁক এবাৰ , যি ৯০ ৰ দেওনা পাৰ কৰি পুত্ৰৰ দেশ সেৱাৰ প্ৰতি থকা কৰ্তব্যবোধক প্ৰেৰণা দিবলৈ আজি নিজেই বেংকলৈ আহিল । এয়াই আমাৰ মাতৃৰ পৰা পোৱা দেশ প্ৰেমৰ প্ৰেৰণা আৰু কৰ্তব্য বোধৰ শিক্ষা হওঁক । ভাৰত মাতাই শত কৌতি এনে মাতৃৰ জন্ম দিয়ক যি আমাৰ দৰে অসাধাৰণ পুত্ৰ সকলক  আত্ম নিৰ্ভৰশীল হৈ, অবিচলিত হৈ সৎ পথত আগবাঢ়ি যোৱাৰ প্ৰেৰণা দি যাব ।

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?