"'ক'লাধন আৰু আঁৰৰ কাহিনী "

মই আমাৰ অসম নলও যদিও আজিকালি internet edition বোৰ থকাত দৈনিক দুই তিনিখন কাকত পঢ়ো । নিয়মীয়া বাৰ্তা খন নিজে লওঁ । মইও বহু বছৰৰ পৰাই কাকতত মাজে মাজে এভূমুকি মাৰো । পিছে কাকত বোৰত কেতিয়াবা অতি দৰকাৰী বিষয় একোটা লিখি পঠালেও সময়ত বা যথা স্থানত নপৰিলে প্ৰকাশ নহয় । এটা ভাল article লিখিবলৈ এজন মানুহে বিষয় নিৰ্বাচন কৰাৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰিব লগা হয় । যাতে বিষয়বস্তুটোৰ contradiction নহয় । ভালদৰে বিষয়বস্তুক উপস্থাপন কৰোতে যথেষ্ট কষ্ট কৰা হয় আৰু সেইটো নিজৰ খৰছতে কৰোহঁক । তেনেস্থলত অবাবত সময় গ'লে কেতিয়াবা দুখ লাগে ।  সাধাৰণতে পণ্ডিত বুলি চৰকাৰী ভাৱে বা আনুষ্ঠানিক ভাৱে  স্বীকৃত সকলৰ লেখা সততে সহজে প্ৰকাশ পাই । তাৰ ভিতৰৰ বিষয়বস্তু কিমান ৰাইজে গ্ৰহণ কৰে সেইটো এটা প্ৰয়োজনীয় কথা ।

সেইবুলি আমি এনে বহু পণ্ডিতৰ কথাই সমৰ্থন কৰিব নোৱাৰো । ভাৰতৰ বজাৰত কিমান আছে নেজানো, কিন্তু এজন বেংকৰ বিষয়াই কোৱা মতে বেংকৰ যোগে চলি থকা প্ৰতি লাখত প্ৰায় হেজাৰ টকা নকল সোমাই আছে । তেনে বাকী 78% নগদ টকা , যি হাতে হাতে চলি আছে সেইবোৰত কিমান আছে ? এই কামত ৰাজনৈতিক আশীৰ্বাদো নুই কৰিব নোৱাৰি । গতিকে এই ব্যৱস্থাৰ পৰা নিস্তাৰ পাবলৈ এনে এটা ব্যৱস্থা প্ৰতি দহ বছৰত হলেও কৰা অতি দৰকাৰ । সেইবোৰ কথা আলোচনা নহ'ল তাত । ক'লা টকা অকল বিদেশতে আছে বুলি বা ৬৪৮ জনৰ হাততেই আছে বুলি ধাৰণা দিয়া জনে পুৰি বা ফালি পানীত পেলাই দিয়া সকলৰ নাম তালিকাত পাইছে নেকি ? যোৰহাটৰ এটা কাৰ্য্যলয়ৰ এজন কেৰাণীৰ হাতত ৩০ লাখ নগদ ধন আছে বাবে তেওঁ ৮ তাৰিখে ৰাতি এজন বেংকৰ বিষয়ালৈ বিতত হৈ ফোন কৰি উপায় বিচাৰিছিল । সেইবোৰ ইয়াতেই আছে । ৪০,০০০ দৰমহাত দুই তিনিখন চহৰত ঘৰ সম্পত্তি , বাৰ মাহত ২৪ টা বীমাৰ premiun দি বিদেশত লৰা ছোৱালী শিক্ষা দি থকা কেইজনক মনমোহন চৰকাৰে জব্দ কৰিছিল নে  । নে তেওঁলোকৰ খতিয়ানেই ল'লে ? উৰুখা পঁজাত ডাঙৰ হৈ চৰকাৰী কেৰাণী বিষয়া একোজনে সেইটো দৰমহাৰে ইমান কৰি দেখুৱাব পাৰিব নে বৰুৱা ডাঙৰীয়াই ??

 তেখেতৰ লেখাটো পঢ়ি মই অন্ততঃ "আঁৰৰ ৰাজনীতি " একো নেপালোঁ । এতিয়া বামপন্ঠি সকলো ক্ষুব্ধ হোৱা দেখি নিশ্চিত হৈছো যে মোটা অংকৰ লোকচান তেওঁলোকৰো হ'ল । শ্ৰমিক - কৃষক -বনুৱাৰ নেতৃত্ব দিলে বুলিয়েই তেওঁলোকৰ লগত মাটিত খোজ দিব নোৱাৰি নহয় । লাহ বিলাহত জীৱন কটোৱাৰ বাবে সেইটো এটা মাধ্যম মাত্ৰ তেওঁলোকৰ । সেয়ে বহুতেই বেয়া পোৱা এক স্বাভাৱিক কথা প্ৰকাশ কৰিছে ডক্টৰ বৰুৱাই । এটা উত্তৰ লিখিবলৈ ঠিক কৰিছোঁ , পঠাম কাকত খনলৈ আজিয়েই ।

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?