দেশ মাতৃৰ প্ৰতি দায়বদ্ধতা

পিতৃ-মাতৃৰ প্ৰতি যাৰ শ্ৰদ্ধাত মূৰ দোঁ নেখাই , কৃতজ্ঞতা , কৰ্তব্যবোধ নাই , সহানুভূতিৰ অভাৱ সেইজন নাগৰিকৰ দেশ মাতৃৰ প্ৰতি কি দায়বদ্ধতা থাকিব পাৰে ?

ইমান সৰল ভাষাৰে আজিৰ সামাজিক জীৱনৰ অতি সুন্দৰ সত্যক ব্যক্ত কৰা দেখি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক নমন কৰিছোঁ । হয়, অভিজ্ঞতাৰ বট বৃক্ষক জাবৰদানীত পেলাই দিয়া জনেই ক'লা ধন ৰক্ষাৰ শেষ চেষ্টাত আজি অন্ততঃ মাতৃক স্মৰণ কৰিবলৈ বাধ্য হৈছে । মাতৃৰ ভক্তিত নহয় , ধনভক্তিতহে হ'লেও সেই মাতৃৰ আন্তৰিক আশীৰ্বাদ মোডী চৰকাৰৰ ওপৰত পৰিবই । 

ভাৰত মাতৃৰ জয় হওঁক ।

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?