POLITICAL WILL OF THE POLITICIAN IN INDIA

মই ভাৰতত চৰকাৰ চলোৱাৰ কামত অতি দীৰ্ঘ কালৰ অভিজ্ঞতা সম্পন্ন ৰাজনৈতিক দল তথা সমাজৰ বৃহৎ অংশ কৃষক - শ্ৰমিক- শোষিত সকলৰ নেতৃত্বত থকা বুলি দাবী কৰা মেদবহুল বিলাসী নেতা সকলৰ পৰা কেইটামান কথা জানিব বিচাৰো :-
১) দেশৰ ৭০% লোক যিখন দেশত খেতি আৰু শ্ৰমৰ ওপৰত নিৰ্ভৰশীল সেইখন দেশত ৫০০/১০০০/২০০০ আদিৰ নোট বোৰ কাৰ বাবে প্ৰস্তুত হয় ?
২) যোৱা ৬৯ বছৰত আপোনালোকে কিমান সংখ্যক নাগৰিকক বেংক সেৱাৰ পৰিসৰত আনিলে বা চৰকাৰক সমৰ্থন দিয়া সময়ত বাওঁপণ্ঠি সকলে এই বিষয়ত কি কৰালে ? নে হিতাধিকাৰী সকলক চৰকাৰী সাহাৰ্যৰ নগদ বিতৰণ কৰিলেহে কেইলাখ মান ভূৱা নাম ভৰাই নিজে খোৱাৰ ব্যৱস্থা কৰিব পাৰে ?
৩) বেঙ্ক সমূহ ৰাষ্ট্ৰীয়কৰণৰ পিছত কিমান দুখীয়া নাগৰিকৰ জিৰ বেলেঞ্চ একাউণ্ট খোলালে ?
৪) একো ব্যৱসায়িক কৰ্ম নকৰা আৰু কেৱল ৰাজনীতি কৰা লোক সকল আৰু তেওঁলোকৰ পৰিয়াল- পাৰিজনৰ সম্পদৰ অদ্ভুত বৃদ্ধি কেনেকৈ হয় সেয়া পৰীক্ষা কৰাৰ কি ব্যৱস্থা ল'লে ? সেইবোৰ জব্দ কৰি ৰাষ্ট্রীয় পূজিত সংলগ্ন কৰাৰ কিবা দাবী আপোনালোকৰ ফালৰ পৰা কেইবাৰ উত্থাপন হ'ল ?
৫) দেশৰ সৰ্বত্ৰ দুৰ্নীতিয়ে পোখা মেলি সাধাৰণ জীৱন ধাৰণ অসম্ভৱ প্ৰায় কৰি তুলিলে । সেই কামত আপোনালোক সমূহ হৈ সংপৃক্ত হোৱাৰ কাৰণ কি ? দেশৰ ৭০% লোকৰ সন্মুখত থিয় হৈ চলাহি কথা ক'বৰ অধিকাৰ আপোনালোকৰ আছে নে ? আপোনালোকৰ এই অত্যাচাৰৰ ফলতেই চৰকাৰে প্ৰায় ২৬ টা বিভিন্ন কৰ সাধাৰণ জনতাৰ মূৰত (আপোনালোকেই চৰকাৰ ) জাপি দিয়া নাইনে ?
৬) দেশৰ অভ্যন্তৰত হোৱা উগ্ৰবাদ , ধৰ্মীয় যুদ্ধ , জাতি ভেদৰ পৃষ্ঠপোষক আপোনালোকৰ দৰে সুবিধাবাদি সকলেই নহয়নে ?
৭) ভাৰতৰ শক্তিশালী মানৱ সম্পদ আৰু প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ ৰাজহুৱা স্বাৰ্থত সঠিক ব্যৱহাৰ সম্পৰ্কে চিন্তা কৰাৰ অৱকাশ ৭০ বছৰত আপোনালোকৰ হ'ল নে ?
৮) পিছপৰা জাতিৰ উত্তৰণৰ বাবে সাংবিধানিক ব্যৱস্থা আম্বেদকাৰে কিমান বছৰৰ বাবে প্ৰস্তাৱ কৰিছিল ? কি কৰিলে ৭০ বছৰত আপোনালোকে ?
৯) কি সম্পদ আছিল ব্যক্তিগত জীৱনৰ প্ৰাৰম্ভিক কালত আৰু আজি কি আছে আপোনালোকৰ ? ৭০% ৰাইজৰ তেজ process কৰি টকালে ৰূপান্তৰিত কৰিলে ?
সভ্য আৰু অসভ্যৰ defination কি জানে নে ? জানে যদি কিমান ৰাজনৈতিক অসভ্য -লম্পটক ৰাজপথত থকা লেম্প পোষ্টত ওলোমালে নেহেৰুৰ দিনৰ পৰা ? নোৱাৰে । কাৰণ ৰাজনীতিক সেৱাৰ দৃষ্টিৰে নলৈ সৰহ সংখ্যক লোকে ইয়াক পেশা বুলি ল'ব পৰাৰ ধৃষ্টতা কৰিলে । এতিয়া কোনখন মুখেৰে আপোনালোকে কথা কয় ? অযোগ্য কিছুমান লোকক দেশৰ মূল কাঠামো শিক্ষা , অৰ্থ আৰু প্ৰশাসনৰ অতিকে গুৰুত্বপূৰ্ণ পদবোৰ বিক্ৰী কৰিলে । এতিয়াও লজ্জিত হোৱা নাই ? নিজৰ দেশত বিদেশী শতৰুক সংস্থাপন দিলে চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰি কৰি । অনুতাপ নহয় আপোনালোকৰ । পৰীক্ষা কৰক আপোনালোকে এবাৰ । সাধাৰণ দেশবাসীৰ মূৰত থকা কি বস্তুৰ অভাৱত আপোনালোকৰ বিচাৰ বিবেচনা বোৰ এনে হ'ল ?

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?