ত্যাগৰ বাবে সাজু হোৱাৰ ক্ষণ

অসংগঠিত খণ্ডৰ এক বৃহৎ সংখ্যক লোক সাগৰ মণ্ঠনৰ পৰা নিৰ্গত বিষৰ কবলত পৰিব লাগিব । কৃষি খণ্ডৰ প্ৰায়  ২৫/৩০ কোটি মানুহৰ ওপৰত পৰিব পৰা প্ৰভাৱ সামান্য কম হলেও নিৰ্মাণ খণ্ডৰ প্ৰায় ৬ কোটি মানুহৰ ওপৰত অতি গাঢ় আৰু দীৰ্ঘকালিন প্ৰভাৱ যে পৰিব সেইটো মোৰ দৃষ্টিৰে খাটাং । বিশেষজ্ঞ সকলে এই দিশত কি পৰ্যালোচনা কৰে সেইটো মই নেজানো । মোৰ সাধাৰণ দৃষ্টিৰে সকলো বয় বস্তুৰ মূল্য অহা দিন বোৰত কম হ'ব আৰু তাৰ লগতে নিৰ্মাণ সামগ্ৰীৰ মূল্য অভাৱনীয় ভাবে হ্ৰাস পাব , যদিহে চৰকাৰে তাৰ বাবে অন্য কিবা policy নলয় । এইটো এটা অৱধাৰিত কথা যে পিয়াহ গুচাবলৈ প্ৰয়োজনত নলাৰ পানীও খাব লগা হ'ব পাৰে । প্ৰথমে প্ৰাণ ৰক্ষা । তাৰ পিছত সুবিধা হ'লে filtered water । গতিকে প্ৰথমে মজুৰী কৰিবলৈ পোৱাৰ চিন্তা হ'ব । তাৰ পিছত ৩৫০ নে ৪০০ দৈনিক হাজিৰা ল'ম তাৰ চিন্তা কৰিম । অহা এটা বছৰৰ বাবে এয়া এক অনুমান মাত্ৰ । পাহাৰ ভাঙিবলৈ হ'লে কপালৰ ঘাম মাটিত পেলাব লাগিবই । কামটো বৰ সহজ নহ'ব । দেশৰ স্বাৰ্থত ত্যাগ কৰাৰ এক পৰ্ব এয়া । সমান্তৰাল ভাৱে চৰকাৰৰো এই বৃহৎ সংখ্যক লোকৰ বাবে কৰিব লগা আছে । সৰু সৰু বিস্তৃত হৈ থকা এই খণ্ডৰ বাবে নিয়ম , আইন সকলো আছে । কিন্তু তাক কাৰ্য্যকৰী কৰাৰ ক্ষমতা উদ্যোগী সকলৰ সামৰ্থৰ ভিতৰত পৰে নে নপৰে সেয়া বিগত ৭০ বছৰীয়া কালত কোনোবাই লক্ষ্য কৰা নায় । দায় সৰাৰ চিন্তাৰে কৰা এক অপৰিপক্ক পৰিকল্পনা । বাম পণ্ডিত সকলেও একো কৰা নাই তেওঁলোকৰ হিতৰ চিন্তাৰে ।

"The Indian economy is characterised by the existence of a vast majority of informal or unorganised labour employment. As per a survey carried out by the National Sample Survey Organisation (NSSO) in 2009–10, the total employment in the country was of 46.5 crore comprising around 2.8 crore in the organised and the remaining 43.7 crore workers in the unorganised sector. Out of these workers in the unorganised sector, there are 24.6 crore workers employed in agricultural sector, about 4.4 crore in construction work and remaining in manufacturing and service. The Indian Economic system is characterized by the existence of a vast majority of informal or unorganized labour employment. As per the Economic Survey 2007-08, 93% of India‟s workforce include the self employed and employed in unorganized sector. "

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?