Posts

Showing posts from November, 2016

Plan first to get proper development

Image
Development Authorities in India have played a very significant role in carrying about planned and organized growth. The basic premise of all the Development Authorities in India is the realization of the fact that there is distinction between Growth and Development and the latter has to be achieved through strategic use of the available resources. India has long been a sleeping giant and the Development Authorities in various cities made India wake up from its slumber. With this concept , formation of Development Authorities started in Assam from 1963 and as of now there are 24 Development Authorities functioning in the state besides Guwahati Metropolitan Development Authority. It may be mentioned here that most of the authorities now not in position to pay the salaries to its employees due to shortage of their revenue earning. Surprisingly, in some authorities , one year's salary due, till date. The staff working in these authorities are in a lump-sum salary package and it is ...

ত্যাগৰ বাবে সাজু হোৱাৰ ক্ষণ

Image
অসংগঠিত খণ্ডৰ এক বৃহৎ সংখ্যক লোক সাগৰ মণ্ঠনৰ পৰা নিৰ্গত বিষৰ কবলত পৰিব লাগিব । কৃষি খণ্ডৰ প্ৰায়  ২৫/৩০ কোটি মানুহৰ ওপৰত পৰিব পৰা প্ৰভাৱ সামান্য কম হলেও নিৰ্মাণ খণ্ডৰ প্ৰায় ৬ কোটি মানুহৰ ওপৰত অতি গাঢ় আৰু দীৰ্ঘকালিন প্ৰভাৱ যে পৰিব সেইটো মোৰ দৃষ্টিৰে খাটাং । বিশেষজ্ঞ সকলে এই দিশত কি পৰ্যালোচনা কৰে সেইটো মই নেজানো । মোৰ সাধাৰণ দৃষ্টিৰে সকলো বয় বস্তুৰ মূল্য অহা দিন বোৰত কম হ'ব আৰু তাৰ লগতে নিৰ্মাণ সামগ্ৰীৰ মূল্য অভাৱনীয় ভাবে হ্ৰাস পাব , যদিহে চৰকাৰে তাৰ বাবে অন্য কিবা policy নলয় । এইটো এটা অৱধাৰিত কথা যে পিয়াহ গুচাবলৈ প্ৰয়োজনত নলাৰ পানীও খাব লগা হ'ব পাৰে । প্ৰথমে প্ৰাণ ৰক্ষা । তাৰ পিছত সুবিধা হ'লে filtered water । গতিকে প্ৰথমে মজুৰী কৰিবলৈ পোৱাৰ চিন্তা হ'ব । তাৰ পিছত ৩৫০ নে ৪০০ দৈনিক হাজিৰা ল'ম তাৰ চিন্তা কৰিম । অহা এটা বছৰৰ বাবে এয়া এক অনুমান মাত্ৰ । পাহাৰ ভাঙিবলৈ হ'লে কপালৰ ঘাম মাটিত পেলাব লাগিবই । কামটো বৰ সহজ নহ'ব । দেশৰ স্বাৰ্থত ত্যাগ কৰাৰ এক পৰ্ব এয়া । সমান্তৰাল ভাৱে চৰকাৰৰো এই বৃহৎ সংখ্যক লোকৰ বাবে কৰিব লগা আছে । সৰু সৰু বিস্তৃত হৈ থকা এই খণ্ডৰ বাবে নিয়ম ...

মইনো কাক ভাল পাওঁ আৰু আপুনি বা কাক ভাল পাই !!

Image
আজিৰপৰা ৩০ বছৰৰ আগত যদি মোক কোনোবাই  সুধিলে হেতেন  -"তুমি সকলোতকৈ কাক ভালপোৱা ?" , মই হয়তো  উত্তৰত আঙুলিয়াই দেখুৱাই দিলো হেতেন মোৰ girl frind জনীলৈ । কিন্ত সেইটো মোৰ শুদ্ধ উত্তৰ নহয় । তেওঁক সুধিলেও হয়তো একেই উত্তৰ দিলে হেতেন চাগৈ মোলৈ দেখুৱাই । এতিয়াও আমাৰ সেই স্নেহ বাহাল আছে । তাৰ কাৰণ কিন্তু আমি আচলতে দুইজনেই নিজক অত্যন্ত ভাল পাওঁ । সেয়েহে  নিজৰ ভৱিষ্যতৰ  সুখ, সু-সংস্কাৰ যুক্ত পৰিয়াল এটা (দুয়োজনৰ যুটিয়া প্ৰচেষ্টাত) গঢ়ি সমাজৰ দৃষ্টিত প্ৰতিষ্ঠা পোৱাৰ আৰু বাৰ্ধক্যত  নিজে সুৰক্ষিত হোৱাৰ   স্বাৰ্থত আমি ইজনে সিজনক অত্যন্ত ভাল পাওঁ । মমতা দিদি , কেজৰীভাই , মোলায়েম-লালু চাচা , মায়া বেহেনজী , য়েচুৰীজী আদি সকলো একেই । সকলোৱে নিজক অত্যন্ত ভাল পাই । তেওঁলোকেও নিজৰ ভৱিষ্যতৰ প্ৰতিষ্ঠা -সুৰক্ষাৰ স্বাৰ্থত জীৱন নিপাত কৰিছে । আৰু মোডীজী ?? তেওঁকো ব্যতিক্ৰমী বুলি নেভাবিব । তাৰ মাজত দুই এজন সদ্য বিবাহিত বৃদ্ধৰ উত্তৰ মোৰ সেই ৩০ বছৰৰ আগৰ উত্তৰৰ সৈতে মিলি গ'ল হেতেন । সেইটো ব্যতিক্ৰম দুই এজনৰ থাকিবই । নিজক ভালপোৱা প্ৰতিজন মানুহে নিজৰ কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা পাবৰ বাবে অ...

আমাৰ অসম ২৪/১১/২০১৬

Image

ৰাজনৈতিক দলৰ সক্ৰিয়তা আৰু চৰকাৰ কামকাজ

Image
চৰকাৰৰ প্ৰথম কাম জনস্বাৰ্থ । এজন বিষয়াৰ কাৰ্যকাল তিনিটা বছৰ হ'লেই বদলি কৰাটো নহয় । পিছে কেতিয়াবা কোনো কথাত হেঁচা -ঠেলা হৈ একোজন বিষয়া এনে সময়ত বদলি হৈ যাব লগা হয়,  যি সময়ত তেওঁ দুৰ্নীতিৰ তদন্তৰ দৰে জনস্বাৰ্থ জড়িত বিশেষ কামত নিয়োজিত হৈ থাকে । এইবোৰ দুৰ্নীতিত লিপ্ত প্ৰভাৱশালী চক্ৰ বা কেতিয়াবা ৰাজনৈতিক ভাবে হয় ।  বিজেপি দলৰ আন আন দলৰ তুলনাত  এটা ব্যৱস্থা ভাল যে চৰকাৰ আৰু দল ইয়াত সমানেই সক্ৰিয় হৈ  থকাটো এটা নিয়ম । এই ব্যৱস্থাই চৰকাৰী কাম , চৰকাৰী আঁচনি কাৰ্য্যকৰী কৰাত চৰকাৰক বিভিন্ন ধৰণে সহায় কৰে । দলৰো কৰ্মকৰ্তা সকলৰ সৰ্ব দিশত তীক্ষ্ণ নজৰ থাকে ।   দল ৰাইজৰ সংস্পৰ্শত সকলো সময়তে থাকে আৰু চৰকাৰে  প্ৰয়োজন বুজি দলৰ লগত পৰামৰ্শ কৰে ।  যি হওঁক , মানুহে নিবিচৰা কামৰ আদেশ বাতিল   কৰাটো চৰকাৰে কৰা এটা ভাল কৰিলে ।

জীৱনৰ বাটত কৰা আমাৰ ভুলবোৰৰ কথা মনতে নপৰে

Image
বহুদিন আগৰ কথা । খুড়া এজনৰ ছোৱালীৰ বিয়া আছিল । এবছৰৰ আগৰ পৰা প্ৰস্তুতি । খুড়াৰ এটা বিশেষ গুণ আছিল তেওঁ সকলো কামত বৰ systematic আৰু পৰিকল্পনা কৰি কৰে । আমিও বিয়াত কোনে কি দিলে ভাল হ'ব আলোচনা কৰি সকলোৱে আগতীয়াকৈ দি দিলোঁ । আমাৰ ঘৰখন তেওঁলোকৰ অতি ঘনিষ্ঠ হোৱাত দুমাহৰ আগৰপৰা  দৈনিক আমাৰ খুড়াৰ তালৈ গৈ কিবা একোটা দায়িত্ব লোৱা , বজাৰলৈ লগত যোৱা , নিমন্ত্ৰণ কৰিবলৈ list অনা আৰু আগদিনাৰ list খন tick মাৰি জমা দিয়া আদি অভ্যাসত পৰিণত হ'ল । খুড়াই manu ৰ পৰা মানুহৰ তালিকালৈ , পুৰুহিতৰ তালিকাৰ পৰা কাৰিকৰৰ তালিকালৈ এখন ডাঙৰ বহীত systematic লিখি থৈছে বহুদিন আগতে । কোনো খুট নাই তেওঁৰ । সকলো ঠিকেই হ'ল । বিয়াৰ জোৰণৰ আগদিনা ৰাতি আমি ১২ বজাত উভটিলোঁ কাম বন কৰি । আমাক ঘৰৰ দৰজা খুলি দি  ৰাতি মায়ে বিয়া ঘৰত  জোৰণৰ আয়োজনৰ সকলো খা-খবৰ আমাৰ পৰা ল'লে । তাৰ পিছত বোলে- "জোৰণ খনত আমিও  থাকিব পৰা হ'লে ভাল আছিল , ছেঃ !" মোৰ চিন্তা লাগিল - মাৰ আকৌ কি হ'ল ? গা বেয়া নেকি ?? সুধিলো মাক । মাৰ দুই চকুত পানীৰে ভৰি পৰিল । "আমাকনো বিয়াখনত মাতিব নেপাইনে সিহঁতে !" হে প্ৰভু !!!  হয়তো ...

নাম "জ্বলা" অধ্যাপক

Image
মোৰ এটা প্ৰেছ আছিল ।  ২০০৩-০৪ মানৰ কথা । ডক্টৰেট ল'বৰ বাবে এগৰাকী কলেজ  শিক্ষকে থেচিছ এখনৰ বাইন্দিং কৰিবলৈ আহিছিল । লেডাৰ বাইন্দিং কৰি সোণালী আখৰেৰে চাৰিটা কপি বাইন্দিং কৰি দিব লাগিব । মূল কপিটোৰ পাতনিৰ কাগজত কিবা ডাগ এটা থকাত আন এটা কপিৰ পাতনিৰ পাতটো দিয়াৰ কথা ক'লো । দুই স্বামী -স্ত্ৰীয়ে নেমানে । কাৰণ সেইটো বোলে xerox । তেতিয়া মই DTP কৰি দিবলৈ দায়িত্ব ল'লোঁ । word ত as it is মৰাৰ পিছত দেখিলো তাত কিবাকিবি spelling আদিৰ ভুল আছে । মই তেওঁলোকক চাই দিবলৈ মাতিলোঁ । কথাটো শুনি মানুহ গৰাকী কান্দোনত ভাগি পৰিল । "মাগো, এখন আমাৰ কি হ'বে ?  ইমান টাকা নিয়ে কাজটা কি করে করল ...... এখন আমাৰ ...... " স্বামীয়ে মুখত সোপা দি তেওঁক ঘৰলৈ লৈ গ'ল আৰু নিজে আহি page টো লৈ গৈ পিছ দিনা শুদ্ধকৈ দি গ'ল । নাম "জ্বলা" অধ্যাপক হয় নে নহয় নেজানো তেওঁলোক । তেতিয়াৰ পৰাই মোৰ মনত এটা ভুল বা শুদ্ধ যি নকওক এটা ধাৰণা সোমাই গ'ল । নিজৰ সেই মূল্যবান কামটোৰ যোগে পাণ্ডিত্যৰ শাৰীত উঠাৰ ঠিকা দিব পাৰিলে APSC ত ৰাকেশ পালৰ লগতো ঠিকা বা দালালী কৰিব নোৱাৰাৰ কি কথা আছে ? এয়াই আমাৰ ব্যৱ...

Mr.Anil Bokil-Man behind Modi'Government Idea of 500 and 1000 Rs notes demonatization

https://www.youtube.com/watch?v=hXfMuBHS8uI&feature=youtu.be

Economic system we may go through

https://youtu.be/lWRD_JFy3AI

Moral support of public person

No public person should interfere in the process of any enquiry of corruption charges in either way,  as  it is a matter of great public interest. Now, all the public monitoring the activities of each other in support of "Modified" India. সকলো নেতা,  জন প্ৰতিনিধি এটা কথাত সাৱধান হোৱা দৰকাৰ যে দুৰ্নীতিৰ বিষয়ৰ তদন্তত তেখেত সকলে প্ৰত্যক্ষ বা পৰোক্ষ কোনো ধৰণেই জড়িত হ'ব লগা নহয় । দেশত বৰ্তমান স্বচ্ছ ভাৰত অভিযান দ্ৰুত গতিৰে চলিছে । এই কামত সকলোৰে সহায় সহযোগিতা নিশ্চিত হওঁক । দীৰ্ঘ সময় সকলোৱে ৰাইজৰ আস্থাভাজন হৈ  ৰাজনৈতিক মঞ্চত থাকক । ৮০% ৰাইজৰ এই পদক্ষেপত সহযোগিতা আছে । দুই চাৰিটা দুৰ্নীতি পৰায়ণ লোকৰ বাবে কোনেও নিজৰ প্ৰতিচ্ছবি নষ্ট নকৰে বুলি আমাৰ দৃঢ় বিশ্বাস । ভাৰত মাতৃৰ জয় হওঁক ।

"'ক'লাধন আৰু আঁৰৰ কাহিনী "

Image
মই আমাৰ অসম নলও যদিও আজিকালি internet edition বোৰ থকাত দৈনিক দুই তিনিখন কাকত পঢ়ো । নিয়মীয়া বাৰ্তা খন নিজে লওঁ । মইও বহু বছৰৰ পৰাই কাকতত মাজে মাজে এভূমুকি মাৰো । পিছে কাকত বোৰত কেতিয়াবা অতি দৰকাৰী বিষয় একোটা লিখি পঠালেও সময়ত বা যথা স্থানত নপৰিলে প্ৰকাশ নহয় । এটা ভাল article লিখিবলৈ এজন মানুহে বিষয় নিৰ্বাচন কৰাৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰিব লগা হয় । যাতে বিষয়বস্তুটোৰ contradiction নহয় । ভালদৰে বিষয়বস্তুক উপস্থাপন কৰোতে যথেষ্ট কষ্ট কৰা হয় আৰু সেইটো নিজৰ খৰছতে কৰোহঁক । তেনেস্থলত অবাবত সময় গ'লে কেতিয়াবা দুখ লাগে ।  সাধাৰণতে পণ্ডিত বুলি চৰকাৰী ভাৱে বা আনুষ্ঠানিক ভাৱে  স্বীকৃত সকলৰ লেখা সততে সহজে প্ৰকাশ পাই । তাৰ ভিতৰৰ বিষয়বস্তু কিমান ৰাইজে গ্ৰহণ কৰে সেইটো এটা প্ৰয়োজনীয় কথা । সেইবুলি আমি এনে বহু পণ্ডিতৰ কথাই সমৰ্থন কৰিব নোৱাৰো । ভাৰতৰ বজাৰত কিমান আছে নেজানো, কিন্তু এজন বেংকৰ বিষয়াই কোৱা মতে বেংকৰ যোগে চলি থকা প্ৰতি লাখত প্ৰায় হেজাৰ টকা নকল সোমাই আছে । তেনে বাকী 78% নগদ টকা , যি হাতে হাতে চলি আছে সেইবোৰত কিমান আছে ? এই কামত ৰাজনৈতিক আশীৰ্বাদো নুই কৰিব নোৱাৰি । গতিকে এই ব্যৱস্থাৰ প...

লিপ্সাবান লোক আৰু সবল দেশপ্ৰেম

Image
এফালে দেশৰ ব্যৱস্থাক নস্যাৎ কৰি সৰ্বত্ৰ দুৰ্নীতিৰ বিষ বাষ্প বিলোৱা এচাম ধুৰন্ধৰ আৰু আনফালে ব্যৱস্থাৰ প্ৰতি সৰ্বোচ্চ সন্মান প্ৰদৰ্শনৰ বাবে এগৰাকী সফল মাতৃৰ দেশবাসীক দিয়া অফুৰন্ত  প্ৰেৰণা ।    ৫০০/ ১০০০ ৰ খুন্দাত ৰাকেশ পালৰ নিস্তাৰ নহ'লেই হ'ল । এটা বিষয়ৰ উত্তাল অৱস্থাত আন এটা ডাঙৰ ঘটনাই সকলো তল পেলাই দিয়াটো স্বাভাৱিক কথা । এই যে পৰীক্ষাৰ বহী প্ৰেছ ,সৎসংগ কেন্দ্র , আবাসগৃহ আদিত ওলাইছে তাৰেই পৰা পাল বাবুক দক্ষিণা দি  নিৰ্বাচিত হোৱা একাংশই আজি হয়তো দায়িত্বপূৰ্ণ পদবীত অসমৰ বিভিন্ন ঠাইত কৰ্মত যোগদান কৰিছে । সেইটো খবৰ সঁচা নহওঁক , এয়া আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ।  এয়া এজন বন্ধুৰ পৰা এই মাত্ৰ ফোন যোগে খবৰ পালোঁ । এইটোও  হয় যে তাৰেই ভিতৰত আমাৰ বহুতৰে আত্মীয় বহুজন ওলাবও পাৰে । কোনোবা মন্ত্ৰীৰে সম্পৰ্ক থকা,  কোনোবা বিধায়কেৰে , কোনোবা হয়তো  commissioner ৰে সম্পৰ্ক থকা,  আকৌ কোনোবা তাতোতক ওপৰৰ আমোলাৰ । সেইবোৰ থাকিবই । আমি আমাৰ সিদ্ধান্তত অটল হ'ব পাৰিব লাগিব ।   নিকা ব্যৱস্থা এটা কৰিবলৈ অংগীকাৰ কৰা চৰকাৰে এই বিষয়বোৰত অতিকে সৱল - সতৰ্ক ...

নগদ টকাৰ আপদ, আমি সাধাৰণ জনতা আৰু চৰকাৰ

Image
অহা কিছু মাহলৈ এটা ডাঙৰ Vacuum থাকিব  বজাৰত । যিটো চৰকাৰ বা বেংক সমূহে বজাৰত নতুন টকাৰে পূৰ্ণ কৰিব কেতিয়াও নোৱাৰে । ধৰক 22% টকাৰ বেংকৰ যোগেদি লেনদেন হৈছিল আৰু 78% নগদ । এই নগদৰ পৰা 38% যদি বেংকত জমাও হয় তথাপি 40% টকাৰ Gape থাকিব আৰু বজাৰ মহঙা হৈ ৰ'ব । দ্বিতীয় কথা বেংকৰ সংখ্যা অনুসৰি capacity আছিল সেই 22% মাত্ৰ । গতিকে অহা দিনত চৰকাৰে জমা পাব বুলি ভবা খিনিৰ বাবে :- ক) বেংকৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজন হ'ব যিটোৰ বাবে বহু সময় প্ৰয়োজন হ'ব । খ) ATM বৃদ্ধি কৰিব লাগিব গ) 2000 ৰ পৰিবৰ্তে  100/50/20/10 ৰ ধন বজাৰত প্ৰচুৰ পৰিমাণে  এৰিব লাগিব যাতে সাধাৰণ বেপাৰী আৰু দিন হাজিৰা কৰা সকলৰ বিপদ নহয় । ঘ) চৰকাৰী জনকল্যাণ  আঁচনিৰ প্ৰসাৰ ঘটাই বজাৰত বেংকৰ মাধ্যমত টকা এৰিব লাগিব । নহ'লে কৰ্ম হীন লোক বাঢ়িব । ঙ) চাহ বাগানত বেংক খুলিব লাগিব ।

গুৰু শুক্ৰাচাৰ্য্য আৰু তেওঁৰ অসুৰ শিষ্যগন

Image
বুঢ়াকালে বিপৰীত বুদ্ধি । নাওঁ দুবিলেও টিঙৰ পৰা ননমাৰ দুৰ্বাৰ হেঁপাহ গগৈদেউৰ । দৰমহা সময়ত দিয়া মুখ্যমন্ত্ৰী জনাই সমগ্ৰ কৰ্মচাৰীক প্ৰতিমাহে দৰমহা কিয় দিব পৰা নাছিল সেই কথাৰ উত্তৰ তেওঁ কেতিয়াও দিয়া নাছিল । চৰকাৰী কৰ্মচাৰী বুলি কওঁতে তেওঁ Non plan ধৰিছিল নে plan, contractual, TET আদি সকলো ধৰিছিল ? এটা বছৰ এনেকুৱা কওঁক যি বছৰ দৰমহা নেপাই কৰ্মচাৰীয়ে আন্দোলন কৰা নাই ? বিনা কষ্টেৰে কোনোবাই পেঞ্চন পাইছিল ?  চাওঁক , আপোনালোকৰ আৰু আপোনালোকৰ শুভাকাঙ্খী হওঁক বা সহযোগী ৰাজনৈতিক নেতা -পালি  বা আপোনালোকৰ তালিকাত কৰ্মধন্য  সকলৰ কৃপাত ভাৰতৰ অৰ্থ ভাণ্ডাৰৰ পৰা লুট কৰা প্ৰায় ৮০% ধন  বাকচে -মোনাই- লকাৰে থকা অৱস্থাত হঠাৎ সেই মুদ্ৰা বন্ধ কৰি দিবলগা হ'লে তাক ৭/১০ দিনত বজাৰত মেলি দিয়া সম্ভৱ নহয় । এইবোৰ আঠুৱা কম্বল নহয় নহয় যে ৩০% বিলাই বাকীখিনি আপোনাৰ সহযোগী সকলৰ ঘৰত থৈ দিবলৈ দিব !! আন এটা কথা হ'ল - আজিৰ তাৰিখত বাকচত যিমান মুদ্ৰা আছে সেইবোৰ বেংকত সকলো নাহে বাবেই এটা ডাঙৰ gap থাকিব কিছু মাহ যাৰ প্ৰভাৱ সমগ্র বজাৰ ব্যৱস্থাত পৰিব । সামগ্ৰী মূল্য পুনঃ নিৰ্দ্ধাৰণ হ'ব আৰু কমিব । সৰু সৰু অসংগঠ...

আমি আপোনাৰ সৈতে আছো মহোদয়

আমিও অতবছৰে এই চোৰ সকলক  tolerate কৰিবলৈ টান পাই আছিলো মহোদয় । জীৱনৰ তৃতীয় প্ৰহৰত এইবাৰ আপোনাৰ কঠোৰ স্থিতি দেখি সৰ্বতোপ্ৰকাৰে আপোনাক সমৰ্থনৰ প্ৰয়াস কৰিছোঁ । লাখ লাখ , কোটি কোটি যুৱক যুৱতীৰ লগত খোজ মিলাই তেওঁলোকৰ মিচিলত চামিল হোৱাৰ প্ৰয়াস কৰিছো মহোদয় । দেশ থাকিলেই বেশ । স্বাধীন ভাৰতত এই প্ৰথম বাৰলৈ বৃহৎ সংখ্যকৰ কল্যাণ চিন্তা হৈছে য'ত সকলোৱে উল্লাসেৰে আপোনাক সহযোগিতা কৰিবলৈ শপত্ লৈছে । আমিবোৰ তেওঁলোকৰ পথ নিৰ্দেশণাত গৈ থাকিম দুগ্-দুগী চলি থকালৈকে । ভাৰত মাতৃৰ জয় হওঁক । দিল্লী -দিশপুৰক ৰাৱণৰ আবাস বুলি থকা ধাৰণা বদলি হওঁক । এই মহান কামত আমাৰ অলপ অসুবিধা হৈছে যদিও আমি এয়া part of the fight against corruption বুলি লৈছোঁ । কাৰণ ৭৮% ধনৰ লেনদেন নগদ হৈ আছিল বাবেই আজি বেংক সমূহে যোগাৰ দিয়াত সময় লাগিছে , যিটো স্বাভাৱিক । এওঁলোকে লগোৱা জুইত বহু বছৰ দহিলোঁ । এতিয়া তেওঁলোকৰ গাত জুই দিওতে তাৰ অলপ  উত্তাপ কিছুদিন আমি সহিমেই । https://mobile.twitter.com/narendramodi/status/797755159027662849?s=04

দেশ মাতৃৰ প্ৰতি দায়বদ্ধতা

Image
পিতৃ-মাতৃৰ প্ৰতি যাৰ শ্ৰদ্ধাত মূৰ দোঁ নেখাই , কৃতজ্ঞতা , কৰ্তব্যবোধ নাই , সহানুভূতিৰ অভাৱ সেইজন নাগৰিকৰ দেশ মাতৃৰ প্ৰতি কি দায়বদ্ধতা থাকিব পাৰে ? ইমান সৰল ভাষাৰে আজিৰ সামাজিক জীৱনৰ অতি সুন্দৰ সত্যক ব্যক্ত কৰা দেখি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক নমন কৰিছোঁ ।  হয়, অভিজ্ঞতাৰ বট বৃক্ষক জাবৰদানীত পেলাই দিয়া জনেই ক'লা ধন ৰক্ষাৰ শেষ চেষ্টাত আজি অন্ততঃ মাতৃক স্মৰণ কৰিবলৈ বাধ্য হৈছে । মাতৃৰ ভক্তিত নহয় , ধনভক্তিতহে হ'লেও সেই মাতৃৰ আন্তৰিক আশীৰ্বাদ মোডী চৰকাৰৰ ওপৰত পৰিবই ।  ভাৰত মাতৃৰ জয় হওঁক ।

সমবেত সংগীত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত অসমৰ দল

Image
দিল্লীত কালি ১২ নৱেম্বৰ , ২০১৬ তাৰিখে অনুষ্ঠিত "ৰাষ্ট্ৰ সেৱিকা সমিতি"-ৰ ৰাষ্ট্ৰীয় সমবেত সংগীত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত অসমৰ দল পুৰস্কাৰ সহ -

Diganta Baruah's post

"চোলাটো জিলিকিছে, পিছে মানুহটো জিলিকিব পৰা নাই।" ডিমেন্সিয়া হৈ নাপাহৰিলে যোৰহাট গৰ্মেন্ট স্কুলৰ দেবেন দত্ত চাৰে কোৱা এই কথাষাৰ মৰালৈকে মনত থাকিব। আজিকালি পোছাকে পৰিচ্ছদে ভব্যগব্য মানুহ কিছু মান দেখিলে চাৰে ক্লাচলৈ ইউনিফৰ্ম নিপিন্ধাকৈ অহা বা কেইবাটাও পকেটৰ ষ্টাইলিচ ইউনিফৰ্ম পিন্ধি অহা ছাত্রজনক প্ৰশ্ন সোধা পৰিষ্ঠিতিটো মনত পৰে।প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে চাৰৰ এই মন্তব্যই ছাত্র জনৰ মুখৰ উজ্বলতা যথেষ্ট হ্ৰাস কৰিছিল। এতিয়া পাল বাবু, চামেদুৰ, কৈবৰ্ত, জীৱন, মহৎ, অঞ্জনাভ চলিহা আদি বোৰ আমাৰ স্কুলৰ হোৱা হলে কানৰ কাষত এবাৰ কৈ আহিলোহেতেন, সম্পত্তিবোৰ জিলিকিছে, মানুহটো জিলিকিব পৰা নাই।

STAY ON RIGHT TRACK IN YOUR LIFE

Image
"If you know you are on the right track,  if you have this inner knowledge,  then nobody can turn you off... no matter what they say." Virtual জগত খনত মই ইমানেই আ ত্মীয় পাইছো যি মোক বহুত কিবা বুলিয়েই গণ্য কৰে । প্ৰকৃততে মই কি, বা কিমানযে সামান্য জ্ঞান লৈ চলি আছো , সেয়া মইহে জানো বা অনুভৱ কৰিব পাৰোঁ । তেওঁলোকৰ পৰা পোৱা জ্ঞান আৰু আনৰ প্ৰতি থাকিব লগা ভক্তি-শ্ৰদ্ধাৰ যি শিক্ষা পাইছো সেয়াই মোক শত তীৰ্থ ভ্ৰমণ কৰাৰ অনুভৱ দিছে । বাৰ্ধক্যৰ সময়ত তীৰ্থত মানুহে কি বিচাৰি যায় আৰু কি বিচাৰি পাই সেয়া মোৰ অনুভৱৰ বাহিৰত । কিন্তু এই জগতত Right track ত থকা সৰল মনৰ মানৱীয় গুণ সম্পন্ন যুৱক যুৱতীৰ যে কোনো অভাৱ নাই সেয়া মই মৰ্মে মৰ্মে , শিৰাই শিৰাই অনুভৱ কৰোঁ । এটা সময় আছিল যেতিয়া অনুভৱ হৈছিল যে right track ৰ প্ৰতি ভগৱানৰ দৃষ্টি নপৰে । এইটো মোৰ বিশ্বাস তেতিয়াও আছিল যে লাহ-বিলাহৰ জীৱন , সমকক্ষ লোকৰ লগতহে উঠাবহা আদিৰ বিচাৰ কৰা সকলো লোকেই মানৱীয় দৃষ্টিভংগীৰ আঁওতাৰ বাহিৰত বাস কৰা লোক । যি জীৱনৰ সত্য মৃত্যুৰ দিনলৈকে অনুভৱ নকৰে । তেওঁ নেজানে চাফাই কৰ্মচাৰী জনৰ high profile ৰ বিষয়ে । আন সকলোৱে...

POLITICAL WILL OF THE POLITICIAN IN INDIA

Image
মই ভাৰতত চৰকাৰ চলোৱাৰ কামত অতি দীৰ্ঘ কালৰ অভিজ্ঞতা সম্পন্ন ৰাজনৈতিক দল তথা সমাজৰ বৃহৎ অংশ কৃষক - শ্ৰমিক- শোষিত সকলৰ নেতৃত্বত থকা বুলি দাবী কৰা মেদবহুল বিলাসী নেতা সকলৰ পৰা কেইটামান কথা জানিব বিচাৰো :- ১) দেশৰ ৭০% লোক যিখন দেশত খেতি আৰু শ্ৰমৰ ওপৰত নিৰ্ভৰশীল সেইখন দেশত ৫০০/১০০০/২০০০ আদিৰ নোট বোৰ কাৰ বাবে প্ৰস্তুত হয় ? ২) যোৱা ৬৯ বছৰত আপোনালোকে কিমান সংখ্যক নাগৰিকক বেংক সেৱাৰ পৰিসৰত আনিলে বা চৰকাৰক সমৰ্থন দিয়া সময়ত বাওঁপণ্ঠি সকলে এই বিষয়ত কি কৰালে ? নে হিতাধিকাৰী সকলক চৰকাৰী সাহ াৰ্যৰ নগদ বিতৰণ কৰিলেহে কেইলাখ মান ভূৱা নাম ভৰাই নিজে খোৱাৰ ব্যৱস্থা কৰিব পাৰে ? ৩) বেঙ্ক সমূহ ৰাষ্ট্ৰীয়কৰণৰ পিছত কিমান দুখীয়া নাগৰিকৰ জিৰ বেলেঞ্চ একাউণ্ট খোলালে ? ৪) একো ব্যৱসায়িক কৰ্ম নকৰা আৰু কেৱল ৰাজনীতি কৰা লোক সকল আৰু তেওঁলোকৰ পৰিয়াল- পাৰিজনৰ সম্পদৰ অদ্ভুত বৃদ্ধি কেনেকৈ হয় সেয়া পৰীক্ষা কৰাৰ কি ব্যৱস্থা ল'লে ? সেইবোৰ জব্দ কৰি ৰাষ্ট্রীয় পূজিত সংলগ্ন কৰাৰ কিবা দাবী আপোনালোকৰ ফালৰ পৰা কেইবাৰ উত্থাপন হ'ল ? ৫) দেশৰ সৰ্বত্ৰ দুৰ্নীতিয়ে পোখা মেলি সাধাৰণ জীৱন ধাৰণ অসম্ভৱ প্ৰায় কৰি তুলিলে । সেই কামত ...