"কাম কৰক নাম কৰক" by Mr. Diganta Baruah
বন্ধুৰ কথাখিনি copy কৰি আনি থৈ দিলোঁ মোৰ ব্লগত । নিষ্কাম লোকৰ সংখ্যা অত্যাধিকৰ শেষ ডাগ পাৰহ'লেই পঢ়িবলৈ উলিয়াই দিব পাৰিম ।
" ব্যবসায় কৰিব লাগিলে ঘৰত গাড়ী এখন লাগিবই বুলি কথা নাই। আজিৰ দিনত যাতায়তৰ সুবিধাৰ বাবে, সময়ৰ অভাবৰ বাবে বাহন এখন থাকিলে সুবিধা। কিন্তু নহলে একো কৰিব নোৱাৰি বুলিও কথা নাই। শ্ব' ৰূমৰ পৰা অনা নতুন বাইক এখন নহলেও হব। আৰম্ভণিত কিছু কষ্ট কৰিলেহে সফল হোৱাৰ পাছত পাৰ হৈ অহা কঠিন সময়খিনি সুৱৰি আনন্দ লাভ কৰিব পাৰি। নামে যশে সফল ব্যক্তি কেইজন মানলৈ চাওক, ডঃ ভবেন্দ্ৰ নাথ শইকীয়া চাৰ, বজাৰত বস্তা পাৰি পাছলি বিক্ৰী কৰা লোক, ডঃ নোমল বৰা চাৰ, অভাবত ডাঙৰ হৈ পথাৰত হাল বাই স্কুললৈ যোৱা লোক, এনে অনেক লোক আছে। দৈনিক জনমভূমিৰ সম্পাদক উৎপল বৰুৱা, ঘৰৰ বাৰীৰ পাছলি, পান বিক্ৰী কৰি ঘৰ চলোৱাত দেউতাকক সহায় কৰি পঢ়া লোক। আমি বোৰতো অনিল, মুকেশ আম্বানি নহয় যে ধীৰুভাইয়ে এসোপা এৰি থৈ গৈছে। কোনোবাই সুধিব, লোকক যে আপুনি উপদেশ দিছে নিজে কি কৰিলে? । উপদেশতকৈ আৰ্হি শ্ৰেয় বুলি দুআষাৰ কও। তিৰাশী চনত বিকম পাচ কৰি দুবছৰ দিল্লীত পঢ়ি যোৱাৰ পাছত বন্ধু ৰফিকৰ লগত লগ লাগি যোৰহাট গড় আলি মছজিদৰ তলত ফুটপাথত কাঠৰ খাটত দিল্লীৰ পৰা নি টি চিৰিজৰ কেচেট, ছোৱালীৰ কাপোৰ, চেন্দেল আৰু মণিহাৰী বস্তু বিক্ৰী কৰিছিলো। সেই বাবে কোনোবা মোৰ পৰা আতৰিও গৈছিল। চাকৰি কৰি নতুন কোম্পানী এইচ ডি এফ চিত ৰাতিক দিন কৰি, একাউন্টচত কাম কৰিছিলো। আনে বিহু সন্মিলন চাই থাকোতে আমি সন্ধিয়াৰ পৰা অফিচত গেঞ্জী হাফ পেন্ট পিন্ধি একাউন্টচ ৰিকনচাইল কৰিছিলো। বাচত, অটত ৰিক্সাত অসমৰ গাৱে ভূঞে লনৰ ৰিকভাৰীৰ বাবে ঘুৰিছিলো। নাইট বাচত গৈ যোৰহাট ডিব্ৰুগড়ত লোনৰ কাম কৰি আকৌ নাইট চুপাৰত আহি পাছ দিনা আকৌ সময়ত অফিচ কৰিছিলো। "সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাক" (বৰাক উপত্যকা এৰি )একতাৰ দোলেৰে নহলেও হাউচিং লোনেৰে জাতি জনজাতিক বান্ধিছিলো। ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত কাম কৰি জাতীয় স্বাৰ্থ ৰক্ষা কৰি কাম কৰিছিলো। অনুষ্ঠানটোত আমি থকা আৰু নথকা সময়ৰ তুলনা কৰিলে বহলাই লিখিব নালাগে। শাৰীৰিক কষ্টলৈ চোৱা নাছিলো। এই অবস্থাৰে বৰ্তমান বাগৰি স্থিত বনৰজা মটেলৰ স্বত্বাধিকাৰী কঠোৰ পৰিশ্ৰমী মোৰ উদ্যোগী পত্নী । পেন্সন নাইকীয়া চাকৰিৰ ভবিষ্যত চিন্তা কৰি অসমত পৰ্য্যটনৰ সম্ভাবনীয়তা আৰু মধ্যবিত্ত শ্ৰেণীৰ প্ৰয়োজনীয়তালৈ লক্ষ ৰাখি ব্যবসায়ৰ চিন্তা কৰিছিলো। অৰ্দ্ধনিৰ্মিত এক প্ৰকল্পৰ কাম শেষ কৰিব পাৰিলে নিবনুৱাৰ বাবে আৰু কিছু কৰা বুলি কব পাৰিম। আজিৰ দিনত কৰ্মবিমুখ লৰা দেখিলে সেয়ে বিৰক্ত হও। মোৰ ভাতৃ প্ৰতিম চুবুৰীয়া (সিও দিগন্ত বৰুৱা) বৰ্তমান তিনিখন হুন্দাই শ্ব ৰূমৰ মালিকে দহাবৰা ৰোডৰ বড়া দাৰ স্কুটাৰ গেৰেজত তিনিমাহ কাম কৰিছিল। তাৰ কষ্টকৰ অতীত কোনোবাই জানিব জানো? যোৰহাটতে আমাৰ সম বয়সীয়া প্ৰথম প্ৰজন্মৰ উদ্যোগী ব্যবসায়ী কেইবাজনো। এনে দেধাৰ উদাহৰণ ওলাব। তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ সংৰক্ষণৰ আন্দোলন সমদলত ভাগ লৈ কেইজনমান শিবিৰ সলোৱা সুবিধাবাদী ছাত্ৰনেতাৰ সৃষ্টিত সহায় কৰিব পাৰি কিন্তু নিজৰ জীবন গঢ়িব নোৱাৰি। অভিজ্ঞতাৰে পুৰঠ জীবন আৰু শিৰ ফুলাই বক্তৃতা দিয়া জাতীয়তাবাদী ছাত্ৰ নেতাৰ থলুৱাৰ স্বাৰ্থ ৰক্ষাৰ কৰ্মৰাজিৰ প্ৰত্যক্ষ অভিজ্ঞতা থকা বাবে কথাখিনি উল্লেখ কৰিলো। সৰু ডাঙৰ নাচাই কামত হাত দিয়ক। মানুহে হাহিব, শত্ৰুতা কৰিব, অসুবিধা দিব কিন্তু ভগবান সহায় হব। কেকোৰাবোৰ গাতত সোমাব। আপুনি বগোৱা জখলাত কেকোৰা বগাব নোৱাৰে। বাগৰি পৰিব। এই শ্ৰেণীৰ লোকৰ সংখ্যাই অসমীয়া সমাজত সৰহ। কিন্তু এজন সহায়কাৰী লোক দহজন শত্ৰুতকৈ অধিক পৰাক্ৰমী। পাহাৰৰ শিখৰত আৰোহণ কৰাৰ পাছত পাৰ হৈ অহা কষ্টখিনিয়ে সদায় আমনি নিদিয়ে কাৰণ সেইখিনি আনে নাজানে। তেওলোকে আপোনাৰ সফলতা আৰু কৃতকাৰ্য্যতাৰহে আলোচনা কৰে। কাম কৰক নাম কৰক। কামৰ সৰু বৰ নাই।

তুমি এইফেৰা কাম কৰি থলা বুলি মই এতিয়াহে চাইছো। কি কি কামত হাত দিব লাগে সেইয়াও লিখিম বুলি ভাবিছো বন্ধু। তোমাৰ অনুমোদনে আৰু অধিক প্ৰচাৰ হোৱাত সুবিধা কৰে। দুই চাৰিটা লৰা কিজানি উপকৃত হয়েই।
ReplyDeleteধন্যবাদ ছাৰ
ReplyDelete