How we will survive ? জীয়াই থকাৰ যন্ত্ৰণা



‘’Our reporter unearthed that bakers use ammonium bicarbonate, sodium cyclamate, urea fertiliser and toxic colouring agents in preparing bakery products. Also, date expired colours, custard paste and other ingredients are indiscriminately used putting the health of consumers at risk. This is an unethical practice, a gross violation of consumers' rights and a punishable crime tantamount to attempted killing of people for unlawful gains.’’
আজিৰ তাৰিখত এই মুলোকত  আমাৰ জীয়াই থকাৰ এক প্ৰত্যাহ্বান হৈছে এনে কোনো বস্তু হয়তো আজিৰ বজাৰত নোলাব যিবোৰ খাই আমি বা আমাৰ ভৱিষ্যতৰ প্ৰজন্মই সুস্থ সৱল শৰীৰ এটা বৰ্তাই ৰাখি জীৱনত দেশ আৰু জাতিৰ বাবে কিবা কৰ্ম কৰিব পাৰিব এই কথাবোৰ ভাবিলে নিজকে এই দেশৰ নাগৰিক বুলি ভাবিবলৈ ঘৃণা ওপজে কেৱল ধন আৰু সম্পদ আহৰণক জীৱনৰ শেষ আকাঙ্খ্যা বুলি ভাবি কেউফালে এক বিষাক্ত পৰিবেশ ৰচনা কৰাত হাত উজান দিয়া আমাৰ এই  জ্ঞাতিভাই বিশেষজ্ঞ আৰু দায়িত্বশীল ঘাটক চৰকাৰী  বিষয়া সকলক কি কওঁ ?? 

সিদিনা মোৰ ভাতৃ প্ৰতিম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ মুকুল বড়া আহিছিল ঘৰলৈ চাহৰ লগত অন্য কিবাকিবিৰ লগতে  বেকাৰীৰ বিস্কুট দিয়াত তেওঁ নল'লে তেওঁ তাৰ কাৰণ সম্পৰ্কে 'লে যে বেকাৰী বিস্কুট বোৰত আজিকালি বেকিংৰ ঠাইত  ইউৰিয়া ব্যৱহাৰ কৰা হয় Food Inspector  সকলে কথাটো জানে কিন্তু নধৰে কাৰণ ধৰাতকৈ নধৰাৰ লাভ বেছি এইবোৰ দুৰ্দান্ত ব্যৱসায়ীক ধৰিলে আমাৰ ৰাইজৰহে লাভ ' , নধৰিলে মোৰ (বষয়াৰ) ব্যক্তিগত  লাভ  

আজি এঠাইত বহি থাকোতে সংবাদ জগতৰ সৈতে জড়িত এজন ভাতৃৰ পৰা জানিব পাৰিলো যে বেক কৰা চিংৰা, পপ্ , পেটিচ আদিবোৰ বৰ দেখিনিয়াৰ আৰু মচমচিয়া হৈ থকাৰ এটা কাৰণ মম্ ব্যৱহাৰ মই ঘৰলৈ আহি গুগুল গুৰুক সুধিলো এইটোও সত্য বুলি জানিব পাৰিলো অসমৰ কথা নেজানো , কিন্তু  যোৰহাটত যোৰহাটত গাখীৰৰ উৎপাদন আৰু বিক্ৰীৰ পৰিমাণৰ মাজত থকা প্ৰভেদ কিমান কোনোবা বিভাগে পৰীক্ষা কৰি পাইছেনে ? ইও এক সাংঘাতিক দুৰ্নীতি বুলি কওঁ নে গুপ্ত হত্যাৰ প্ৰক্ৰিয়া বুলি কওঁ সেইটো মই নিজেই ভাবি নেপাওঁ বৰ নাম থকা এখন দৈৰ দোকান আছে তেওঁক আপুনি কেইবা টন দৈৰ অৰ্ডাৰ দিয়ক দুদিনৰ পিছত পাই যাব ' পৰা আহে তেওঁৰ গাখীৰ ? আজি কিছু বছৰৰ পৰা মিঠাই দোকানৰ সংখ্যা অত্যাধিক ভাবে বৃদ্ধি হৈছে কি গাখীৰৰ পৰা এই দামী মিঠাই বোৰ তৈয়াৰ হৈ আছে কোনোবাই পৰীক্ষা কৰে নে ? নে Rebiprazol বা Pantoprazole খাবলৈ আছে বাবে চলি থাকিম এনেকৈ  

বিশুদ্ধ মিঠাতেল বা ঘীৰ কথা নকওঁ বাৰু অখাদ্যৰ টেঙ্কাৰত অহা মিঠাতেলৰ বিশুদ্ধ ৰূপত পেকেটিং হয় এই অসমত ! আমাক  যিমান পৰিমাণৰ তেলৰ চাহিদা আছে‍ , সিমান পৰিমাণৰ সৰিয়হ দেশত উৎপাদন নহয় তেনে এইবোৰ কি তেল ??? সিদিনা এজন কৃষি বিজ্ঞাণীৰ পৰা জানিলোঁ যে ভাৰতত যিমান চ্যাবনপ্ৰাস তৈয়াৰ হয় তাৰ মূল উপাদান আমলখী কিন্তু  ভাৰতত সিমান উৎপাদন নহয় দুদিন পিচত আমি বিজ্ঞাপন পাবলৈ আৰম্ভ কৰিম সেই চ্যাবনপ্ৰাসৰ ঠাণ্ডা আহি আছে    এই Food Inspector সকলৰ প্ৰকৃততে কাম কি তাক এবাৰ জনসাধাৰণে বুজাকৈ চৰকাৰে বিজ্ঞাপন দিয়ক তেওঁলোকৰ চকুত নপৰা (☺) দুই এটা case ৰাইজৰ পৰাও পাব আৰু উপার্জনো বাঢি়ব তেতিয়া !! 

দৰবৰো তেনেকৈ দুটা তিনিটা বজাৰ আছে  বুলি বহুত দিনৰ পৰা শুনিছোঁ ABC আদি grade বুলি শুনিবলৈ পাইছিলোঁ সঁচা বুলিয়েই ভাবিব লাগিব ভাৰতত থাকি !!  এনেকৈও দেশ চলে নে ? মাছ, মাংস, কণী , গাখীৰ , ঘী, পনীৰ, মিঠাই , মৌ , হালধী , মচলা , শাক-পাচলি সকলোতে কেৱল বিষাক্ত বস্তুৰ পয়োভৰ এইবোৰ বাদ দি Expiry date অতিক্ৰম কৰা খাদ্য সামগ্ৰীৰ সেই seal কিবা কেমিকেল দিমোহাৰি নতুন seal মৰাৰ ব্যৱস্থা অব্যাহত নাই বুলি মই অন্ততঃ বিশ্বাস নকৰোঁ হৈ আছে বহু ঠাইত  

তিতাবৰৰ বন্ধু এজনৰ ঘৰৰ পৰা এবাৰ কেইটামান চাউল আনিছিলোঁ সেইটো ঘৰত খোৱা খেতিৰ চাউল বোলে তাৰ সোঁৱদেই বেলেগ বিক্ৰীৰ বাবে কৰা খেতিৰ সোঁৱাদ বেলেগ কৃষি বিভাগৰ লোকে হয়তো নেজানে যে কিছুমান চৰকাৰীভাবে সম্পূৰ্ণ  নিষিদ্ধ ৰাসায়নিক দ্ৰব্য অসমৰ খেতিত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হৈ আছে যি সতেজ কৰি ৰখাত, তৎকালে শ্ৰীবৃদ্ধি হোৱাত কাম কৰে  আৰু এনেকৈ আমি আমাৰ অতিকষ্টেৰে অাৰ্জন কৰা ধনৰ সৰাধ কৰোগৈ‍ Tata memorial বা ভেলোৰ আদি ঠাইত সমাজৰ এই (বিষাক্ত জাতৰ)  মানুহবোৰৰ পৰা উদ্ধাৰ পোৱাৰ হয়তো কোনো উপায় নোলাব কাৰণ তাৰবাবে সদিচ্ছাৰ প্ৰয়োজন, যিটো মুঠেই পাবলৈনাই অসৎ প্ৰবৃত্তিৰ এই সকল লোকৰ ৰক্ষাৰ দায়িত্বত যথা সময়ত আমাৰ বহু নেতা জড়িত হৈ যায় বা তেওেঁলাকৰ কাষত থিয় দিবলৈ বাধ্য(!!) হয় ফলত সকলো কথাই ''ফুচ্-ফাচ্" হৈ যায় এতিয়া ৰাইজেনিজেই চিন্তা কৰিব লাগিব -"আমি কি খাই সুস্থ শৰীৰেৰেজীয়াই থাকিম আৰু আমাৰ অতি মৰমৰ সন্তান সকলক জীয়াই ৰাখিম ??"



Comments

  1. এতিয়াতো আমেৰিকাতো ভেজাল হয় বুলি কোৱা জন নাই

    ReplyDelete
  2. সচাকৈয়ে আমাৰ আৰু ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্যক লৈ এক গভীৰ চিন্তা হৈ পৰিছে ।

    ReplyDelete
  3. সচাকৈয়ে আমাৰ আৰু ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্যক লৈ এক গভীৰ চিন্তা হৈ পৰিছে ।

    ReplyDelete

Post a Comment

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?