চৰকাৰৰ প্ৰতিনিধি জিলাধিপতি সকলেই
জিলাধিপতি সকল একপ্ৰকাৰে চৰকাৰৰ প্ৰতিনিধি । চৰকাৰৰ সফলতা - বিফলতাৰ আধাখিনি কথা এইসকল বিষয়াৰ দূৰদৃষ্টি , তৎক্ষাণিক সু সিদ্ধান্ত গ্ৰহণ কৰাৰ সক্ষমতা , জনসাধাৰণৰ মনৰ বাৰ্তা চৰকাৰৰ সৈতে exchange কৰা , সু পৰিকল্পিত ভাবে জিলাৰ সকলো বিভাগ পৰিচালনা হোৱাটো নিশ্চিত কৰা আদিৰ ওপৰত চৰকাৰৰ সুনাম আৰু দুৰ্ণাম নিৰ্ভৰশীল । এইবোৰৰ উপৰিও সাধাৰণ মানুহৰ ব্যস্ততাপূৰ্ণ ঠাই , ব্যস্ত পথ আদিত শৃংখলা বৰ্তি আছেনে নাই , মানুহে Traffic rule ভংগ কৰি আন মানুহৰ অধিকাৰ খৰ্ব কৰিছে নেকি , শিক্ষানুষ্ঠান বোৰত কতৃপক্ষই ছাত্ৰ ছাত্ৰী সকলক শৃংখলাবদ্ধ কৰি ৰাখিবলৈ ব্যৱস্থা লৈছে নে নাই , শিক্ষানুষ্ঠানৰ সন্মুখৰ ৰাজ পথৰ যাতায়ত ব্যৱস্থা বিশৃঙ্খল হৈছে নেকি , বিভাগ বোৰত সাধাৰণ মানুহ বাৰম্বাৰ আহিব লগা হয় নেকি , বজাৰৰ ব্যক্তিগত পথত পাৰ্কিং ব্যৱস্থিত হৈ থাকে নে নাই , মাছ পাচলিৰ বজাৰ পৰিস্কাৰ আৰু সুলভ হয় নে নহয় , বেপাৰী সকলৰ বাণিজ্যিক বিকাশ জনস্বাৰ্থ- জনস্বাস্থ্যৰ বিপৰীতে গৈছে নেকি , পথ সমূহৰ বহন ক্ষমতাৰ অধিক হাৰত tempo, ৰিক্সা বা তেনে বাহনৰ অনুজ্ঞা দিয়া হৈছে নেকি এইবোৰ অনেক কথা লক্ষ্য কৰিবলগীয়া থাকে । এইবোৰ অতি দায়িত্বপূৰ্ণ ভাৱে চোৱা - কৰাৰ বাবে তেখেত সকলক চৰকাৰ আৰু চৰকাৰী দল নেতাই সুবিধাও (স্বতন্ত্ৰতা) দিব লাগিব । । কথাই কথাই ৰাজনৈতিক হস্তক্ষেপ নকৰাৰ চেষ্টাও লাগিব । এবাৰ তেওঁলোক demoralize হ'লেই শেষ ।
যোৰহাটৰ Police point ত সেউজীয়া সংকেত পোৱাৰ দহ চেকেণ্ড আগতেই দুই তিনি চকাৰ বাহন বোৰ পাৰ হয় যি এদিন ভয়াবহ দুৰ্ঘটনাৰ খবৰ দিব । এইখিনি পৰিচালনা কৰাৰ বাবে traffic police সকল সকলো সময়ত সতৰ্ক থকা টান । কাৰণ তামোল পান খোৱা , আত্মীয় স্বজনৰ লগত একাষে ৰৈ কথাহোৱা কামবোৰো তেওঁলোকৰ থাকে ।
এই সৰু সৰু কথাবোৰ জিলাৰ অধিকাৰী বিষয়া সকলে নিজেও মাজে মাজে প্ৰত্যক্ষ কৰিব পৰাহ'লে সকলো লোক সতৰ্ক হ'বলৈ বাধ্য হ'ল হেতেন । আগৰ দৰে আজিকালি বৃহৎ জিলা নাই । সেয়ে এই কথাবোৰ মনকৰিলে কৰিবৰ থল ওলাই । যোৰহাটৰ বৰ্তমান উপায়ুক্ত গৰাকী বহু আগৰ বিষয়াতকৈ সচেতন , সতৰ্ক আৰু উদ্যমী । পুলিচ প্ৰশাসনো ভাল । কেৱল traffic control কৰাৰ ব্যৱস্থাত পূৰ্বৰ পৰাই অলপমান অনিহা থকাৰ বাবে মানুহে signal ক বৰকৈ গুৰুত্ব নিদিয়ে বা পুলিচেও তেওঁলোকক ধৰি আপদ নচপায় । উচ্চ পদস্থ বিষয়া সকল সেয়ে মাজে সময়ে "সাধাৰণ নাগৰিক" হৈ কোনো জাননী নিদিয়াকৈ ফুৰিবলৈ ল'লে ভাল । ই অব্যৱস্থাক ব্যৱস্থিত কৰাত এক সাংঘাতিক পৰিবৰ্তন আনিব পাৰে । চৰকাৰে কৰা আঁচনি সঠিক ৰূপায়ণ হৈছে নে নাই , সেইবোৰ আমাৰ সচেতন নাগৰিক সকলে নজৰ ৰাখিবই আৰু বিভাগ সমূহক ব্যতিব্যস্ত কৰিবই । কিন্তু কতৃত্বশীল ব্যক্তিৰ কথাবোৰ সুকীয়া হয় । Office, meeting , file আৰু VIP আদিৰ হেঁচা তেওঁলোকৰ অতিকে বেছি । ব্যক্তিগত জীৱন বুলিবলৈ একো নাই । তথাপিও চৰকাৰে অতি সক্ৰিয় , সতৰ্ক , তৎক্ষানিক সু সিদ্ধান্ত ল'ব পৰা বিষয়া সকলৰ মাজৰ পৰা এই পদ পূৰ্ণিমা কৰিলে চৰকাৰৰ পৰিবৰ্তনৰ সদিচ্ছা সমূহ (যদি ভাবে ) পূৰণ হ'ব পাৰে ।
সক্ষম আৰু দক্ষ, এই দুটা শব্দৰ অৰ্থ যিদৰে বৃহৎ ব্যৱধান সেইদৰে আজিকালি আসনাধিষ্ঠিত বিষয়া আৰু প্ৰশাসনিক দক্ষতাৰ ব্যৱধান আছে । বিশেষকৈ আমাৰবোৰৰ ।
ReplyDelete