Modi's Cabinet reshuffle


অহা তিনি চেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ পুনঃ গঠন হ'ব । হঠাতে শুনিবলৈ পালোঁ অসমৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী শ্ৰীহিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেবিনেটত গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ কথা বিবেচনা হৈছে । যদিওবা শেষ মুহূৰ্ততহে বিষয়টোৰ সঠিক খবৰটো পোৱা সম্ভৱ হয় , তথাপি এইটো অসমৰ ৰাজনৈতিক ক্ষেত্রত আজিৰ সকলোতকৈ ডাঙৰ খবৰ বুলিয়েই মোৰ মনে ধৰে । ভাৰতৰ চৰকাৰত ইতিপূৰ্বে অসমৰ পৰা যি সকলে মন্তীত্বৰ আসন অলংকৃত কৰিছে তাৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ দপ্তৰত কাম কৰাৰ সুযোগ পোৱা এজন নেতা আছিল স্বৰ্গীয় দীনেশ গোস্বামী । তাৰ পিছত বোধকৰো শ্ৰীবীৰেন্দ্ৰ প্ৰসাদ বৈশ্য । চৰকাৰৰ সকলো দপ্তৰেই জনকল্যাণৰ স্বাৰ্থত হোৱা যদিও সৰ্বজন স্পৰ্শ কৰা বিভাগ কিছুমান সকলোৰে মনত থাকে । মোৰ মনলৈ  আন কোনো Cabinet মন্ত্ৰীৰ নাম অহা নাই । তাতে ভুল হ'বও পাৰে । আইন মন্ত্ৰীৰ পদ আৰু তীখা আৰু খনি দপ্তৰৰ গুৰুত্ব সুকীয়া ।

চৰকাৰ সমূহে মন্ত্ৰী সভা গঠন কৰোতে বহু কথাই বিবেচনা কৰে । তাৰ ভিতৰত কিছুমান দক্ষতা সম্পৰ্কীয় আৰু কিছুমান ৰাজনৈতিক বাধ্যবাধকতা । ৰাজনৈতিক বাধ্যবাধকতাত হোৱা অন্তৰ্ভুক্তি সমূহৰ সৰহভাগ ৰাজ্যিক বা উপ-মন্ত্ৰী হয় বুলি অনুমান হয় । কিন্তু প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ কেবিনেটত সাধাৰণতে অতি দক্ষতা সম্পন্ন , পাৰদৰ্শী, অতিকে ভৰষাৰ যোগ্য ব্যক্তি ৰাখে আৰু সেইসকলৰ একোজনক সাংসদ নহ'লেও মন্ত্ৰী পৰিষদত স্থান দিয়ে । এনে একোজন লোক প্ৰধানমন্ত্ৰীৰ তালিকাত উঠাৰ বাবে মানুহজন নিনিতান্তই অতি পাৰদৰ্শী আৰু যোগ্য হোৱাৰ প্ৰয়োজন । শ্ৰীহিমন্ত বিশ্ব কেন্দ্ৰীয় বা ৰাজ্যিক মন্ত্ৰী হোৱাত মোৰ কোনো ব্যক্তিগত লাভ বা লোকচাৰ কথা নাই বা তেখেতৰ গুণ গৰিমা গাই মোৰ কিবা ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হ'ব, তেনে কথাও নাই । ব্যক্তিগত ভাবে বিধায়ক পদ ত্যাগ কৰাৰ পিছত মই তেখেতক এবাৰ তেখেতৰ চৰকাৰী আৱাসত লগ পাইছিলো । তাতকৈ অধিক পৰিচয় TV ৰ পৰ্দাত  পোৱাহে ।

শ্ৰী শৰ্মাৰ যোগ্যতা সম্পৰ্কে, তেওঁৰ কৰ্মদক্ষতা সম্পৰ্কে অসমৰ ৰাইজৰ মনত এটা বিশ্বাস আছে । বিশ্বাস ৰাজনৈতিক দলবোৰৰ মাজতো আছে । সৌ সিদিনালৈকে কংগ্ৰেছ দলত থাকোতে তেওঁক লৈ গৰ্ব কৰা সকলৰ বহুতেই এতিয়া বিভিন্ন কুৎসা ৰটনা কৰে যদিও তেওঁলোকৰ মনতো তেওঁৰ দক্ষতা সম্পৰ্কে কোনো সন্দেহ নাই সেইটোত মই নিশ্চিত । স্বভাৱগত ভাবে মই নিজৰ দক্ষতা আৰু কৰ্মকুশলতা থাকক বা নেথাকক মোতকৈ মোৰ কাষৰজনৰ উত্তৰণ সহ্য কৰিব নোৱাৰো । এটা সময়ত  শ্ৰী শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈদেৱৰ চকুৰ কুটা দাঁতৰ শূল হ'লগৈ । দলৰ পৰা ওলাই ভাজপাত যোগদান কৰাৰ মুহূৰ্তত আৱেগিক হৈ তেখেতে কৈছিল He was my blue eyed boy. এইটো কথা মোৰ সদায় মনত থাকিব । কৰোবাৰ  যোগ্যতাক কোনোবাই নস্যাৎ কৰিবলৈ যত্ন কৰি লাভ নাই । এনে বহু ঘটনা আমি প্ৰত্যক্ষ কৰোঁ কিন্তু মনত নেৰাখো । বহুত IPS বিষয়া দেখোঁ । সকলো Ajit Doval নেপাওঁ । বিশেষ দক্ষতা সকলোৰে নেথাকে বাবেই নেপাওঁ ।  প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈদেৱৰ চৰকাৰৰ পৰা শ্ৰীশৰ্মাৰ প্ৰস্থানৰ পিছত গগৈদেৱে কেইবাজনো দক্ষ মন্ত্ৰী নিজৰ সোঁৱে বাঁৱে ৰাখিছিল । কিন্তু চৰকাৰ খনৰ প্ৰতিচ্ছবি ম্লান হৈ অহাতো তেখেতৰ দৃষ্টিত নপৰিলেও ৰাইজৰ দৃষ্টিত পৰিল । সেইটো কোনো ডাঙৰ কথা নহয় । কাৰোবাৰ যদি পাৰদৰ্শীতা থাকে তাক স্বীকাৰ কৰি প্ৰকাশ কৰাৰ সুযোগ দিব লাগিব । কাৰণ মই সেই সুযোগ নিদিলেও তেওঁ প্ৰকাশিত হ'বই । গতিকে সেই পাৰদৰ্শীতাক প্ৰস্ফুটিত হোৱাত সাৰ-জাবৰ দিয়াৰ কৃতিত্ব মইনো কিয় নলওঁ !! মোৰ ছোৱালী জনীক মই বৰ ডাঙৰ  ডাক্তৰ কৰিম বুলি ভাবিলোঁ । সেই আকাঙ্খ্যা তাইৰ মনত কিমান আছে তাৰ অনুমান নোলোৱাকৈ মই লাগি থাকিলোঁ । একে সময়ত মোৰ ঘৰৰ  কাষৰ এজনী ছোৱালীৰ তেনে আকাঙ্খ্যা বৰ প্ৰৱল আছিল যদিও আৰ্থিক দৈন্যতাৰ বাবে তাইক কাৰোবাৰ সহায় প্ৰয়োজন আছিল । মই সেইটো জানিও , সামৰ্থ থাকিও সহায় নকৰিলো । অতি কষ্ট স্বীকাৰ কৰি তাই শেষত বৰ নাম কৰা ডাক্তৰ হ'ল । মোৰজনী ডাক্তৰ হ'লগৈ , কিন্তু "ভাল" , "ডাঙৰ" নহ'ল আৰু কেতিয়াও নহয় বুলি জানিলোঁ । এইযে ডাঙৰ , বিখ্যাত কৰাত পৰিয়ালৰ আৰু চুবুৰীয়াৰ মাজৰ প্ৰতিযোগিতাৰ বাবে সৃষ্টি হোৱা মানসিক  সংঘাত , সি আমাৰ নিজৰ ভিতৰতে জীৱনলৈ ৰৈ গ'ল । যাৰ আকাঙ্খ্যা আৰু পাৰদৰ্শীতা দুয়োটা আছিল তেওঁ কিন্তু "ভাল", "দক্ষতাসম্পন্ন", "ডাঙৰ " আদি হৈ গৈ থাকিল ।
শুনিবলৈ পোৱা আৰু নিজৰ সামান্য  অনুভৱ মতে শ্ৰী শৰ্মা অগাধ সম্পদৰ মালিক হয় । মই শুনা মতেহে কৈছোঁ । কাৰণ তেনে দাবী কৰাৰ বাবে প্ৰয়োজনীয় কোনো প্ৰমাণিত তথ্য মোৰ হাতত নাই । কিন্তু যি সকলৰ হাতত থাকিব লাগিছিল তেওঁলোকে সেই সময়ত "দাদাৰ" সোঁৱে বাঁৱে তোষামোদ কৰি সময়ৰ অপব্যৱহাৰ কৰাতকৈ তেওঁক কিবা এটা পাকত পেলাব লাগিছিল । শ্ৰী গগৈদেৱে এদিন News Live আৰম্ভ কৰোতে তেখেতৰো কিমান কষ্ট হৈছিল কোৱা যেন মনত পৰে (যদি মোৰ স্মৃতি শক্তি ঠিকেই আছে )  । এতিয়া সেই দলৰ পৰা তেওঁ অহাৰ পিছত তাৰ নাম হ'লগৈ " ফিউজ লাইভ" ।

প্ৰতিটো বিষয়ে খৰচি মাৰি বাঘা বাঘা মানুহৰ মাজত নিজৰ তথ্যসহ যুক্তি ডাঙি ধৰাৰ ক্ষমতা কোনে কোনে আয়ত্ব কৰিছে সেয়া আমি সকলোৱে লক্ষ্য ৰখা দৰকাৰ । কাৰণ তেওঁৰ অতি ব্যস্ততাৰ মাজতো বিষয়বস্তুৰ ওপৰত অধ্যয়ন কি দৰে থাকে জনাৰ আৱশ্যক আছে । তেওঁ কেন্দ্ৰলৈ যোৱাৰ পিছত আমি বহুত কিবা অভাৱ অনুভৱ কৰিব লাগিব বুলি মই অন্ততঃ নিশ্চিত । তথাপিও তেওঁৰ এই যাত্ৰাৰ বাবে শুভকামনা জনালো আৰু গৌৰৱ অনুভৱো কৰিছোঁ । 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?