এটা অনুভৱ - পৰিবৰ্তনৰ
এজন বন্ধুৱে লেখাটো পঢ়ি মোলৈ Msg দিলে - "বৰ সুন্দৰকৈ গম্ভীৰ বিষয়ৰ চৰ্চা কৰিছে । খুব কম মানুহে এইদৰে লিখে । কাৰণ সমালোচনা কৰা মানেই বিৰোধী পক্ষৰ সমৰ্থক । কিন্তু আপোনাৰ এই লেখাত সমালোচনা ও সমৰ্থন দুইটাৰে পৰিপুষ্ট ।" আন এজনে msg দিলে -" আপুনি গেৰুৱা বাহিনীৰ অন্ধ অনুগামি নহয় বুলি জানো ৷ সেয়ে ভাল পাওঁ ৷ সুন্দৰ ৷" ভাতৃপ্ৰতিম আন এজনে লিখিলে - "সকলোৰে বোধগাম্য হোৱাকৈ সাধৰন জনতাৰ মনৰ ভাব লিখনিত প্ৰকাশ পাইছে ককাইদেও ।" ৯০ বছৰীয়া এজন পাঠকে ফোনত হিয়া উজাৰি আশীৰ্বাদ দি নিজৰ ঠিকনা জনাই তেখেতৰ এবাৰ লগপোৱাৰ হেঁপাহ প্ৰকাশ কৰিলে । বহুতেই ফোন কৰি মোৰ বক্তব্যৰ সমৰ্থন জনালে যি মোৰ বাবে ডাঙৰ কথা ।
মনৰ অনুভৱবোৰ আৰু বাস্তৱ সত্যবোৰ আঁৰ বেৰ নৰখাকৈ কৈ দিয়াটো মোৰ পুৰণি অভ্যাস । এই দেশৰ ভিতৰৰে এখন প্ৰদেশৰ নাগৰিক বুলিয়েই আমাৰ সাংবিধানিক আৰু মৌলিক অধিকাৰবোৰ আন প্ৰদেশৰ জনতাৰ সৈতে সম্পূৰ্ণ একেই । সেয়ে আমি আমাৰ সুবিধা আৰু অসুবিধাৰ কথাবোৰ পৰিস্কাৰ কৈ ব্যক্ত কৰিবলৈ দ্বিধা কৰা অনুচিৎ । দল আৰু চৰকাৰেও এই কথাবোৰ বিশ্লেষণ কৰোতে বাস্তৱৰ ছবিখন চাইহে কৰা দৰকাৰ । দীৰ্ঘ দিনৰ চিন্তাৰে কাম কৰাৰ বাবে এনেকৈ যোৱা ভাল । মই কাৰ আদৰ্শ ভাল পাওঁ সেইটো এটা সুকীয়া বিষয় । কিন্তু দেশৰ নাগৰিকৰ দৃষ্টিৰে দেশৰ চৰকাৰৰ পৰা পাবলগা মৌলিক অধিকাৰৰ বিষয়বোৰৰ ক্ষেত্ৰত মোৰ নিজা বক্তব্য থাকিব লাগিবই । এয়া কোৱাৰ অধিকাৰ । তাৰবাবে মোৰ কাৰো সৈতে আদৰ্শগত সংঘাত নাই ।
Comments
Post a Comment