Concept of New India - এটা প্ৰয়োজনীয় চিন্তা

দেশৰ চৰকাৰৰ এটা প্ৰয়োজনীয় চিন্তা বা অতি সুন্দৰ সংকল্প ' "নৱ ভাৰত নিৰ্মাণ" স্বাধীনতাৰ ৭০ বছৰৰ পিছত কেন্দ্ৰই প্ৰথমবাৰৰ বাবে এনে এক সংকল্প লৈ কাম আগবঢ়াবলৈ যত্নপৰ হৈছে যি সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য চৰকাৰ সমূহে লোৱা জনমুখী আঁচনি সমূহ ইতিপূৰ্বেও বেয়া নাছিল আৰু এতিয়াও বেয়া নহয় তাক প্ৰয়োজনীয় দক্ষতাৰে চৰকাৰৰ আৰু ৰাইজৰ সু-নিৰিক্ষণত ৰূপায়ণ হোৱাটো নিশ্চিত কৰাটোৱেই ভাৰতৰ দৰে দেশত প্ৰধান সমস্যা  বা অন্তৰায়

কেন্দ্ৰই পূর্বতে  দেশৰ দুখীয়া জনসাধাৰণৰ কৰ্মৰ গ্যাৰাণ্টি দিবলৈ কৰা আঁচনিসমূহো নিতান্তই ভাল  আঁচনি আছিল কিন্তু কাৰ্যক্ষেত্ৰত দুখীয়াৰ বাবে তৈয়াৰ হোৱা  এই তালিকাত ব্যৱসায়ী , চৰকাৰী - বেচৰকাৰী কৰ্মচাৰী ,  অধ্যাপক বা মৃত ব্যক্তিৰ নামো সোমাল এইটো আঁচনিখন বা সেইখন  তৈয়াৰ কৰা কেন্দ্ৰৰ চৰকাৰ খনৰ  দোষ নহ'বও পাৰে কিন্তু অভ্যাস বশতঃ তেওঁলোকে ৰাজ্য সমূহক ধন আবন্তন দিওঁতে ৫-১০% দিব লগাৰ পূৰ্বাপৰ ব্যৱস্থাই কাৰ্য ৰূপায়ণ কৰা সকলৰ মাজত তেনে অভ্যাস তৈয়াৰ কৰিবলৈ উৎসাহ দিয়াটো কিন্তু খাটাং

২০১২ মানত মোক এজন বন্ধুৱে দিল্লীৰ পৰা ফোন কৰি এটা ঠিকা কাম কৰাৰ কথা সুধিছিল ২০০/৩০০ কোটিৰ কথাবোৰ যদিও পঢ়ো  বা শুনি থাকোঁ , নিজে কোটিৰ মানুহ হয় নে নহয় সেইটো মই আজিও বুজা হোৱা নাই সেয়ে তেওঁক মোৰ অপাৰগতা প্ৰকাশ কৰাত আন কোনোবা আছে নেকি সুধিলে মই চিনি পোৱাৰ ভিতৰৰ যোৰহাটৰ এজন ভাল মানুহৰ নাম ( নামটো উহ্য ৰাখিলোঁ ) লো আৰু তেখেতৰ নম্বৰ দিলোঁ ব্যক্তিগত ভাবে তেখেতক মই নিজেই কথাটো কোৱাত তেখেতে সেই সময়ত বহুত ডাঙৰ কাম নকৰে বুলি জনাই বেলেগ এজন মাৰোৱাৰী ঠিকাদাৰৰ নম্বৰ দিলে মোৰ ইচ্ছা আছিল আগলৈকে  Link টো থাকি যাওঁক কথা 'ল, কামটোৰ বাবদ ১০% তাতেই (Source) লৈ তেওঁৰ নামতে কামটো তাৰ পৰা  allot কৰি পঠাব মানুহজন সেই মতেই  পিছদিনা flight দিল্লীলৈ‍ '  পিছে কি ' , বা কি  নহ' তাৰ track ৰখিবলৈ মোৰ সুবিধা নহ' বিষয়টো এইবাবেই আনিলোঁ - যে  দেশৰ মুধচতে যেতিয়া ১০% ফুটা ওলাই থাকে তলত পাওঁতে তাৰ কি ব্যৱস্থা 'ব বা কিমান কি বাকী ৰ’ব সেয়া অনুমেয় । সেই ১০% আকৌ Estimate তে 'ৰবাত ধৰি দিয়ে বোলে  ! সেইবোৰ খুল্লাম-খুল্লা বেপাৰ যদি দেশৰ মুখ্যালয়তে হয়, তলত তাৰ কি অৱস্থা ' সেয়া আৰু চিন্তা কৰি লাভ নায়  

শুনামতে ৰাজ্যৰ মন্ত্ৰী সকলৰ ভিতৰত অতি পাৰ্গত, আর্থিক ভাবে সম্বলযুক্ত সকলেও কেন্দ্ৰৰ পৰা তেনেকৈ আঁচনি আনিব পাৰিছিল একোজন কেন্দ্ৰীয় মন্ত্ৰীয়ে সঘনাই অসমক বিভিন্ন প্ৰকল্পত ধন দিওঁতে কেতিয়াবা কোৱা যেন মনত পৰে‍-  " অমুক মন্ত্ৰীজন  দেশৰ সৰ্ব শ্ৰেষ্ঠ ... মন্ত্ৰী " সমগ্ৰ দেশ, সমগ্র ব্যৱস্থা , সমগ্র বিভাগ দুৰ্নীতিৰ বোকাত এনেকৈ  লেটিখাই থকা বা বিগত ৭০ বছৰত তেনে এটা অভ্যাস গঢি় উঠাৰ পিচৰ অৱস্থাত "নতুন ভাৰত  নিৰ্মাণ " মোডী চৰকাৰৰ এটা সাংঘাতিক চিন্তা  বুলি ভাবিবলৈ বাধ্য যিখন দেশত  ৰেচনৰ দোকানৰ পৰা বফৰ্চৰ গোলালৈ , পঢ়াশালীত ১০০% ভাল ফল দেখুওৱাৰ বাবে লোৱা  নিকৃষ্ট পণ্ঠাৰ পৰা বিশাল  চৰকাৰী আবাস পৰিয়ালৰ সদস্যৰ নামে নামে allot কৰালৈকে ; আনৰ বেংক একাউণ্টৰ ধন নিজৰ নামলৈ transfer কৰাৰ পৰা অৰ্থনৈতিক  অপৰাধীক বিদেশলৈ পলুৱাই পঠোৱালৈকে , দুখীয়াৰ নামত আৱণ্টন হোৱা খাদ্যৰ ধন পঞ্চতাৰকা যুক্ত হোটেলত খাই খৰচ কৰালৈকে কেৱল দুৰ্নীতিৰ পোহাৰ , সেইখন দেশক New India কৰাটোৰ সপোন দেখা মানুহজন বা চৰকাৰ খন অলপ উচ্চাকাঙ্খ্যাৰ চৰকাৰ হ’ব পাৰে নে বাৰু  !!

"The ranges of stories like Resurgent India, Digital India, Inclusive India, Incorruptible India, Investor-friendly India, Transformational India, Clean India, Skill India, Transparent India, Transforming India, Emerging India, Caring India, and Communicating India are in the process of shaping India as a ‘New India’."

নৱ  ভাৰত নির্মাণ” এটা বিশাল বিষয় এইটো পাঁচটা বছৰত চৰকাৰে  কিমান কেনেকৈ কৰাটো  সম্ভৱ ' সেয়া আমাৰ দৰে নদায়-ভদাইৰ ফোপোলা টেকেলিত কি সোমাই সন্দেহৰ আৱর্তত  !  কিন্তু চৰকাৰৰ গতি বিধি চাই , সময় আৰু সুযোগ পালে সেয়া যে কিয়দাংশ 'লেও হৈ উঠিব সেইটো খাটাং

অসমত "New India" 'বৰ থল কিমান আছে সেইটো বুজা টান  কাৰণ আমাৰ বা আমাৰ প্ৰতিনিধি সকলৰ New India concept প্ৰতি ধাৰণা আৰু  obligation কিমান আছে সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত আমি ৰাজনৈতিক লাভৰ চিন্তাৰ মাজত যোগ্যতাৰ নিৰূপণ পদ্ধতি নিৰ্দ্দিষ্ট কৰাৰ কাম আৰম্ভ কৰিবলৈ শিকাৰ বাবে কিছু  সময় আৰু সুবিধা  লাগিব জনসেৱাৰ চিন্তা নিবৃত্তি কৰাৰ বাবে আমাৰ মাজত  প্ৰয়োজনীয় পদ বিচাৰি আৱেদন কৰাৰ ভিৰ কমিব লাগিব বিষয়ৰ গভীৰতা নজনাকৈ ৰাজহুৱা দায়িত্ব আশা কৰাৰ মনবোৰত পঘা বান্ধিব পাৰিব লাগিব ৷  কোনো কাৰণতে নীতিৰ বাহিৰত নোযোৱাৰ সিদ্ধান্ত ' পৰা মনোবল লাগিব , এইবোৰ কাম চিন্তা কৰিবলৈ  ৫৬ নহ’লেও ৩৬ ইঞ্চিৰ বুকু লাগিব , এদল উৎপাদন অভিলাষী  কৰ্মীৰ সৃষ্টি কৰাৰ পৰিবেশে ৰচনা কৰিব পাৰিব  লাগিব , চৰকাৰখনে বিনা ক্ষণ ব্যয়ে তেওঁলোকক (দেশৰ যুৱ কর্মবাহীনিক) সহায় কৰাটো নিশ্চিত ' লাগিব এতিয়ালৈকে থকাদি ( কেৱল কথাৰেই ) দেশৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ এখন 'লে নহ'  

ভাৰত চৰকাৰৰ এই সদিচ্ছা যদি সঁচাকৈয়ে আন্তৰিক হয় (নির্বাচন মুখী নহৈ‍),  তেনে আমাৰ সৰ্বতোপ্ৰকাৰ সহযোগিতা ৰাইজৰ  নিজৰ সামূহিক বা ব্যক্তিগত  স্বাৰ্থত   অতি প্ৰয়োজনীয় বুলি বিবেচিত হ’ব প্ৰত্য‍েকেই  নিজৰ উন্নতিৰ বাবে কৰা সজ চিন্তাযুক্ত কর্মই নতুন ভাৰত নির্মণৰ মূল কর্ম হ’ব ৷ 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?