পৌৰসভা বা নগৰ সমিতিৰ কৰ্ম কুশলতা আৰু ৰাইজ
অসমৰ বিভিন্ন ঠাইত যোৱা পৌৰ নিৰ্বাচনত ৰাইজে ভাজপা দলক নিৰ্বাচন কৰি সংখ্যাগৰিষ্ঠতা দিলে । কিন্তু পৰিতাপৰ বিষয় এয়ে যে প্ৰায় সৰহ সংখ্যক পৌৰ সভা বা নগৰ সমিতিৰ কৰ্ম কুশলতাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে । এটা ৰাষ্ট্ৰীয় দল যাৰ দেশত, ৰাজ্যত চৰকাৰ আছে তেনে দলৰ একোখন পৌৰসভা বা নগৰ সমিতি চলাব পৰা মানুহ নাইনে ? তেওঁলোকৰ এই সমস্যাৰ বাবে দুৰ্ভোগ হৈছে নগৰৰ ৰাইজৰ । পৌৰপতিজন নগৰৰ প্ৰথম নাগৰিক । যোৰহাট বা ডিব্ৰুগড় আদি অসমৰ প্ৰধান চহৰ য'ত শিক্ষিত , গুণী-জ্ঞানী লোকেৰে পৰিপূৰ্ণ , এনে সংস্কৃতিবান চহৰ সমূহত আজিৰ তাৰিখত উপযুক্ত লোকৰ যদি অভাৱ হয় তেনে দুটা কথা উপলব্ধি হ'ব পাৰে । প্ৰথম কথা, দলৰ সংস্পৰ্শত এই কামবোৰৰ বাবে উপযুক্ত লোক নাছিল বা দলে তেনে লোকৰ সন্ধান নকৰিলে । আমি বৰ্তমানৰ নিৰ্বাচিত সকলক উপযুক্ত বুলি গণ্য কৰিয়েই নিৰ্বাচন কৰিছিলোঁ । কাৰণ আমাৰ ভোটতে তেখেতসকলৰ নিৰ্বাচন হৈছে । কিন্তু কিয় আজিৰ তাৰিখত ই বিশেষ সমস্যাৰ কাৰক হৈ থিয় দিছে ? দলৰ ওপৰত নিৰ্বাচিত সকলৰ আস্থা নাই , নে দলৰ তেওঁলোকৰ ওপৰত কতৃত্ব নাই সেইটো আজিৰ লাখটকীয়া প্ৰশ্ন !! পৌৰ আইন মতে সংখ্যাগৰিষ্ঠ দল বুলিও কোনো কথা নাই , যি সভা গঠন কৰিব পাৰে । কিবা কাৰণে সকলো সদস্যই দল ত্যাগ কৰিলেও সভা গঠন হ'ব সদস্য সকলৰ সমৰ্থনৰ ভিত্তিত । সেয়ে দল বা চৰকাৰে বিষয়টোৰ কিবা সমাধান কৰাৰ থল নোলোৱাটোত একো আচৰিত কথা নহ'ব । সেয়ে অতি সুক্ষ্ম বিচাৰ বিবেচনাৰে দলৰ প্ৰতি নিষ্ঠাবান , ৰাইজৰ সেৱাৰ প্ৰতি দায়বদ্ধ , বিভিন্ন বিষয়ে জ্ঞানপুষ্ট ব্যক্তিক দলে প্ৰাৰ্থী ৰূপে থিয় কৰোৱা দৰকাৰ । তেনে কৰিলে সভাৰ সৌষ্ঠব বৃদ্ধি পাব আৰু ৰাইজৰো কল্যাণ হ'বৰ থল থাকিব ।
Comments
Post a Comment