Selfie এ ক'ব মই তেখেতৰ কিমান ওচৰৰ
দেৰবছৰ মানৰ আগৰ কথা । ব্যৱসায়ী এজনৰ কিবা চৰকাৰী মাটিত দখল সম্পৰ্কে অলপ ধৰা ধৰি হ'ল । মানুহজনে অশেষ যত্ন কৰি ক'ৰবাত কিবা অলপ manage কৰিলে । যাতে চৰকাৰৰ সেই নিকায়টোৱে বিষয়টোৰ ওপৰত কোনো নতুন আক্ৰমণ নকৰে তাৰ ব্যৱস্থা কৰিলে স্থানীয় ডাঙৰ মানুহৰ লগ লাগি । এই বিষয়টো চলি থাকোতে তেও মোক এদিন ক'লেহি -"বহুত বেয়া পাইছো দাদা , এওঁলোক এনেকুৱা কৰিব নলাগে । আমাৰো বহুত resource আছে দাদা । লাজ পাওঁ সেইবোৰ লগাবলৈ । এওঁলোক এক্কো বুজি নেপায় । " এইবুলি কৈ তেওঁ মোবাইল খুচৰি খুচৰি মোক ফটো এখন দেখুৱালে । তেওঁৰ দেউতাক আৰু দুজনৰ লগত স্বয়ং মোডীজী !!! সুন্দৰকৈ তোলা selfie । মই তেওঁক ক'লো - "আপুনি direct লগাই দিয়ক link ☺" কি হ'ল নেজানো , সকলো ফুটুকাৰ ফেন হ'ল আৰু স্থানীয় নিকায় শুই পৰিল বিষয়টোত । মোৰ বিশ্বাস আছিল - পৰিবৰ্তনৰ এই চৰকাৰত একোখন selfie এ তেনে একো সহায় নকৰিব আৰু প্ৰশাসনে নিকা ভাবেৰে কাম কৰি যাব । কিন্তু নহ'ল কথাটো । সমাজখন, নগৰখন , জিলাখন, ৰাজ্যখন সুন্দৰ , সুৰক্ষিত আৰু পৰিকল্পিত কৰিবৰ বাবে আমি বহু বিষয়ত compromise কৰিব নোৱৰোঁ । ৰাইজৰ মনৰ এই বাৰ্তাটো চৰকাৰ বা প্ৰশাসনৰ ওচৰ পাবৰ উপায় হ'ল জন প্ৰতিনিধি । সেয়ে তেওঁলোকৰ জনতাৰ প্ৰতি দায়িত্ববোধ বেছি হ'ব লাগিব । চৰকাৰে লোৱা আঁচনিৰ কামবোৰ সঠিক ভাবে বিভাগ বোৰে কৰিছেনে নাই সেইবোৰৰ feedback চৰকাৰে জনপ্ৰতিনিধিৰ যোগে পাব লাগিব । তাৰ সুবিধা কৰা দৰকাৰ । সকলো এক হৈ কাম কৰিলে পৰিবৰ্তন আহিবই ।
একেই এটা ঘটনা মোৰ দৃষ্টিগোচৰ হোৱাত কতৃপক্ষৰ পৰা জানিলোঁ যে বে আইনি ভাৱে কৰা এই কামটোৰ বাবে প্ৰশাসনে কঠোৰ ব্যৱস্থা লৈছে আৰু তেওঁলোকেও অদ্যপি কতৃপক্ষক দি থৈ মোকল খোৱৰ বাবে প্ৰচণ্ড চেষ্টা অব্যাহত ৰাখিছে । শেষত তেওঁলোকৰ পথ কেৱল জনপ্ৰতিনিধিয়েই হ'বগৈ চাগৈ । দেখা যাওকচোন কি হয় ☺☺ । নেতা সকলৰ সৈতে বিভিন্ন সময়ত লোৱা আমাৰ এই selfie বোৰৰ ক্ষমতা সম্পৰ্কে সাধাৰণ ৰাইজৰ বা কি ধাৰণা ??

Comments
Post a Comment