স্মৃতিৰ মৌচাকখনৰ কিছুমান সৰু সৰু ঘৰ...



            কেতিয়াবা সৰুকালৰ সৰু সৰু কথাবোৰ মনত পৰে সৰু কালৰ বহুত কথাই আমি সময়ত পাহৰি যাওঁ স্মৃতিৰ মৌচাকখনৰ কিছুমান সৰু সৰু ঘৰ চাগৈ শুকাই যায় সেয়েহে সকলো কথা মনত নৰয় যেনেকৈ আমাৰ হাতে হাতে থকা ফোনবোৰৰ  Call log- পুৰণি call বোৰ নাইকিয়া হৈ গৈ থাকে , তেনেকৈয়ে চাগৈ স্মৃতিৰ মৌচাকৰ সুন্দৰ মিঠা মৌবোৰৰ কিছুমান  কুঠৰি বোৰৰ পৰা অজানিতে  খালি হৈ নতুন স্মৃতিবোৰ সোমাই গৈ থাকে প্ৰাথমিক বিদ্যালয়ত পঢে়াতেই মাৰ লগত ফুৰিবলৈ গৈছিলোঁ চুবুৰীয়া এঘৰলৈ ৷ লগত মাজু দাদা ৷ তেওেঁলাকৰ ঘৰত কথা পাতি থাকোতে মই মাক সুধিছিলো –“ মা আমাক গাখীৰপানী দিব নে নাই ইয়াত ?” নিস্কলুষ মন তেতিয়া ৷ আমাৰ ঘৰলৈ অহা আলহিক মায়ে সকলোকে চাহ-জলপান দিয়া দেখোঁ ৷ সেয়ে সুধিদিলোঁ ৷ মায়ে হয়তো বৰ লাজ পালে ৷ পিচে মানুহঘৰে বৰ আগ্ৰহেৰে আমাক চাহ-পিঠা আদি খুৱালে ৷ আমাক চাহৰ বদলি গাখীৰ দিলে ৷ কাৰণ সৰু ল’ৰা ছোৱালীয়ে চাহ নেখাই বুলিহে জানো ৷ আহিবৰ পৰত দুইটাকে দুটা পকা অমৰা দিলে ৷ মাজুদাদাই ক’লে –“বৰমা আৰু এটা দিয়কচোন, মোৰ ল’ৰা ছোৱালী তিনিটা ৷” মা হতভম্ব হ”ল আৰু আমাক ফুৰিবলৈ নিনিও বুলি ঘৰত অহাৰ পিচত কৈছিল ৷ দাদাৰ কথাও ঠিক ৷ কাৰণ সকলো বস্তু ঘৰত তিনিওটাই ভগাই খাবলৈকে‍ শিকাইছিল যে ৷ পকা অমৰাটো কেনেকৈ ভগাব ?

           মোৰ বয়স তেতিয়া ৯ বছৰমান হ’ব ৷ তেতি‍য়া আমি শিৱসাগৰৰ ফুকন নগৰত থাকো ৷ দেউতাই আমাৰ বৰদেউতা এজনৰ পৰা চি‍ঠি পালে যে আমাৰ গৰমৰ বন্ধতে বৰদেউতা বাগানৰ গাড়ী লৈ আমাৰ ঘৰলৈ আহিব আৰু এইবাৰ গৰমৰ বন্ধ আমাৰ বৰদেউতাৰ বাগানত হ’ব ৷  আঙুলিৰ পাবত সদায় গণ্টি কৰোঁ আৰু কিমান দিন আছে ? অৱশেষত বৰদেউতা আৰু গৰমৰ বন্ধ দুইটাই আহিল ৷ তেতিয়া এই খবৰবোৰ অহাৰ যি দীর্ঘ ব্যৱস্থা আছিল সেই ব্যৱস্থাত আজি‍ জন্মহোৱা কেচুৱাই মুখলৈ চাই হািঁহব পৰা হোৱাৰ সময়েই লাগে চি‍ঠি লিখাৰ পৰা পোৱালৈকে ৷ যি হওঁক, আমি সুদুৰ বিশ্বনাথ চাৰিআলিত বৰদেউতাৰ বাগান পালোৈঁগ ৷ যাওেঁত কিমান কি কষ্ট হৈছিল সেইকথা মনত নাই ৷ কিন্তু মনত আছে ঘাটৰ পাৰত বালিৰ চাপৰিত থকা বাঁহৰ চালিৰ তলত বৰদেউতাই আমাক তিনিওকে ফেৰিত উঠাৰ আগত বয়ল ডিম দুটাকৈ খুউৱাৰ কথা ৷ প্ৰকাণ্ড বাগানত ইফালৰ পৰা সিফাললৈ খেলি‍-দৌৰি গৰমৰ বন্ধ শেষ হ’বৰ হ’ল ৷ দেউতাই নিবলৈ আহিব ৷ আমাৰ তিনিওৰে তেতিয়া চিন্তা হ’ল আমাক যাবৰ সময়ত কিবা দিবৰবাবে‍ বৰদেউতা বৰমাই দেখোন তেতিয়ালৈকে‍ বজাৰেই কৰা নাই ৷ বৰদেউতা বৰ গহীন মানুহ ৷ সকলোৱে ভয় কৰে ৷ সেয়ে শেষত মৰণত শৰণ দি কথাটো সোধাৰ মন গ’ল ৷ পিছে একেবাৰে নির্ভয়ে সুধিবৰ বাবে‍ বৰমা সকলোৰে বাবে বৰ ভাল ৷ মই বৰমাক সুধিলোঁ – “বৰমা দেউতা কেতিয়া আহিব আমাক নিবলৈ ?” বৰমাই কৈছিল- “কিয়, আমাৰ ইয়াত থাকি বেয়া পাইছ নেকি ?” “ নাই  বৰমা, বৰ ভাল লাগিছে থাকি ৷ দেউতা আহিলে আমি যাবই লাগিবযে ৷ আপোনালোকে বজাৰলৈ কেতিয়া যাবনো ?” বৰমাই অবাক হৈ সুধিলে – “কিয়, কিবা নাই নেকি তোৰ?” “নহয় , মানে আমাক যাবৰ সময়ত কিবা দিব যে আপোনালোকে !!” মোৰ এই কথা্খিনি আজিও মনত ৰৈ গ’ল ৷ যিহওঁক, বৰদেউতা আৰু বৰমা সেইদিনা আবেলি বাগানৰ জিপত বজাৰলৈ গৈছিল আমাৰ বাবে কিবা কিনিবলৈ ৷ এই বিলাক কথাই কেতিয়াও কাকো বেয়াপোৱাব নোৱাৰিছিল ৷ কাৰণ তাৰ মাজত স্নেহ, আত্মীয়তা আদি বহুত কিবা সোমাই আছিল ৷ এইবোৰ ১৯৬৬চন মানৰ আৰু তাৰ বহু আগৰ কথা ৷


           সময় যোৱাৰ লগে লগে আমি মানুহবেৰ ক্ৰমে ক্ৰমে আপোনপেটিয়া হৈ আহিব ধৰিলোঁ ৷ আমাৰ পৰিয়াল, বৰদেউতা-খুড়াৰ পৰিয়ালবোৰ প্ৰত্যেকেই একোখন সুকীয়া ঘৰ হৈ পৰিল ৷ অর্থ আর্জন অনুযায়ী নিজৰ নিজৰ পৰিয়ালৰ সোণোৱালী দিনবোৰ নিজৰ মাজতে পাৰ কৰাৰ হাবিয়াস বাঢি়ল মানুহবোৰৰ ৷ চহৰৰ মাজতে থকা হ'লেও  আমাৰ ঘৰৰ তেতিয়াৰ বিশাল বাৰিত খুড়াই ৰন্ধা ভোজৰ ভাতৰ ওচৰত ৰৈ মনে মনে ভাজি থকাৰ পৰা  গৰম দুই পিচ মাছ চুৰকৈ খাওেঁত মুখ পোৰৰ কথাও মনত আছে ৷ পিচত খুড়াই গৰম মাছ চুৰকৰি খালে কেনেকৈ খাব লাগে শিকাইছিল ৷ তেওঁ নিশিকোৱাকৈ তেওঁৰ নম্বৰ টেনৰ চিগাৰেটৰ পেকেটৰ পৰা কেনেকৈ চিগাৰেট চুৰকৰি ডাঙৰ-সৰু সকলো ভতিজাই মিলি এহোপকৈ‍ টানিব লাগে সেইটো পক্কা জানিছিলোঁ ৷  পিছে সেইবোৰ আমেজ লাহে লাহে নোহোৱা হ'ল সময়ৰ গতিত ৷ জীৱনৰ তীব্ৰ গতিয়ে আনজনক ঠেলামাৰি আগলৈ যোৱাৰ বাবে বাধ্য নকৰিলেও মানুহবোৰ  যেন তেনেদৰে যাবলৈ অভ্যাস কৰিবলৈ ধৰিলে ৷ মানুহবোৰে লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিলে যে স্বর্গ আৰু নৰক এই দুনীয়াতে আছে আৰু জীৱনকালতে দুয়োখন ঠাই গচকিব লাগে ৷ মৌচাকৰ ঘৰবোৰ প্ৰকৃতিৰ অৱধাৰিত নিয়ম ভাঙি কৃত্ৰিমভাৱে শুকুৱাই পেলোৱা হ'ল । সেই ব্যৱস্থাৰ পৰা কোনো ক’তো সাৰি যোৱাৰ উপায় নাইকিয়া হ'ল যেন লগা হ'ল ৷ দেউতাই ককাৰ অসুখ আৰম্ভ হোৱাৰ পৰাই চৰকাৰৰ ঘৰত অনেক কাকুতি কৰি যোৰহাটলৈ বদলি বিচাৰোতে দেউতাক শিৱসাগৰ আৰু পিচত যোৰহাটলৈ বদলি দিছিল ৷ ককা দেউতাৰ শুশ্ৰষাতে “স্বর্গগামী” হ’ল ৷ দেউতাৰ পিতৃ-মাতৃৰ প্ৰতি‍ সেই আদৰ দেখি এতিয়া ৯৪ বছৰ বয়সত ৰোগ শৰ্য্যাত দেউতাক আমি‍ একেই আদৰ কৰি আছোঁ ৷ এই কথাবোৰ পৰিয়ালৰ অভিভাৱকৰ পৰা সন্তানলৈ ইনহেৰিট কৰে ৷ মই যি আঁচৰণ কৰিম, মোৰ সন্তানে মোৰপ্ৰতি তেনে আঁচৰণ কৰাটো নিশ্চিত ৷ কাৰণ ব্যক্তিকেন্দ্ৰিকতাৰ জ্ঞান ঘৰৰ পৰাই আৰম্ভ হয় ৷ দেউতাই এতিয়াও লগৰ কাৰোবাৰ কথা কওেঁত “মোৰ লগৰ ল’ৰা” বুলিয়েই কয় ৷ ৯৪ বছৰ বয়সৰ ল’ৰা হাঃ হাঃ হা !! আজিৰ মোৰ বয়সত দেউতা আৰু এতিয়াৰ মইৰ মাজত পার্থক্য যে নাছিল তাকে মাজে মাজে চাওঁ এলবাম খুলি ৷ তেতিয়াহে অনুভৱবোৰ জীয়াই থাকিব ...মইও গৈ আছো জীৱনৰ ফ'ৰলেনত ঘণ্টাত ১০০-১২০ কিঃমিঃ-ৰ গতিত ৷ এয়েইযে জীৱন, সেইটো নিজে‍ বুজিব পাৰোঁ, কিন্তু কাকো বুজাব নোৱাৰোঁ ৷ বিশে‍ষকৈ‍ ডেকা বয়সক ৷ শৈশৱৰ স্মৃতিবোৰে কাকোৱেই আমনি দিব নোৱাৰা হ'ল । ভাই-ভনী-ভতিজাবোৰ দেখোন মনিবই নোৱাৰি চকুৰে !! 
             
           সৰুতে এটি ধনাঢ্য পৰিয়ালৰ সান্নিধ্য পোৱাৰ সৌভাগ্য হৈছিল ৷ ঘৰখনৰ মানুহ সকলো মিলি ১৬ জনমান হ’ব ৷ ক’তো েকো বেমেজালি নাছিল ৷ সকলোৱে বিয়াবাৰু কৰোৱাৰ পিচত মনবোৰ দুগুণ হোৱা দেখিলোঁ ৷ লাহে লাহে যেন ঘৰখনত সোমালে এক ডাৱৰে ঢকা ঘৰহে এনে লগা হ’ল ৷ আগৰ টিঙৰ ঘৰ ভাঙি আৰ.চি.চি. বনিল ৷ কিন্ত ঘৰখন যেন বিল্ডিংলৈ পৰিবর্তন হ’ল ৷ দূৰত্ব বৃদ্ধি পাব ধৰিলে ঘৰৰ মানুহবোৰৰ মাজত ৷ এটা চৰুৰ পৰিয়াল গৈ ছয়টা চৰুৰ ছটা পৰিয়াল হ’ল ৷ ধনাঢ্যৰ পৰা তে‍ওেঁলাকৰ ধন আধ্যা পৰিল ৷ চতুৰালী আৰম্ভ হ’ল সমাজত নিজক আগৰ স্থিতিত বলাই ৰখাৰ তাগিদাত ৷ স্বর্গৰ পৰা নৰকৰ পথত সান্ধ্য ভ্ৰমণ দেখিবলৈ পোৱা আৰম্ভ হ’ল ৷ হয়তো তেওেঁলাকৰ মনতো তেনে অনুভৱে টুকুৰিয়াই গ’ল ৷ কিন্তু তেতিয়া আৰু উভতি অহাৰ উপায় নাই তেওেঁলাকৰ ৷ এনে বহু মানুহ নিজৰ নিজৰ চহৰবোৰতে সকলোৱেই হয়তো দেখি আছে আৰু দেখি গৈ থাকিব ৷ গাড়ীখন কিনাৰ পিচত তাৰ গতি লোৱাৰ যি জোৰ আছিল, ১০ বছৰৰ পিচত সেই গতিৰ প্ৰকোপ কমি গ’ল ৷ মানুহৰো একেই কম্প্ৰেশ্যন চিষ্টেম ৷ শৰীৰ মানে বাহুত বল থকালৈকেহে কথাবোৰ বুজাত অসুবিধা হয় ৷ ঢেকি ঘৰটো বতাহত বাগৰি যায় বুলি পিচফালে দেউতাই তিনিঠাইত তিনিটামান ভলুকাবাঁহ কেৰেচিয়াকৈ দি কৈছিল –“ঢোকা তিনিটা দি থলোঁ ৷ পিচত খুটাবোৰ বদলি কৰি দিব লাগিব ৷ বিচনাত পৰিযোৱাৰ কেইবছৰমান আগৰেপৰাই দেউতাই লাখুটি লোৱা আৰম্ভ কৰিলে ৷ পৰি যোৱাৰ ভয় ৷ মইও ল’মগৈ এদিন ৷ কিন্তু জীয়াই থকাৰ শেষ ক্ষণলৈকে মোক দেউতা-মাৰ বার্দ্ধক্যৰ দিনবোৰৰ বাবে হয়তো ঢোকা কৰি থ’লে ৷ কেতিয়াও কোনো বিপত্তি‍-আপত্তি বা অন্যায়ৰ পথত নোযোৱা  দেউতাৰো হয়তো ক’ৰবাত কিবা ভুল ৰৈ গ’ল ৷ যাৰবাবে অলপ যন্ত্ৰণা সহিবলৈ বাধ্য ৷ ভৱিষ্যতৰ সেই দিনবোৰৰ কথা জীৱনৰ চালিখনৰ খুটাবোৰৰ গুৰীচিঙাৰ আগতেই হয়তো চুক-কোণ মাৰি  ভবা নহ'ল চাগৈ । পিচত ভাবিওতো লাভ নাই ৷ মানুহ হৈ জীয়াই থাকবৰ বাবে আইনৰ প্ৰয়োজন হ'ল । পৰিয়ালৰ মাজত স্নেহৰ বন্ধনৰ বাবেও আইন লগা হ'ল আমাক । বিশ্বাসেই য'ত দৈন্যতাৰ মাজত , চুক্তিৰ তাত কি মূল্য থাকিব ?

  

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?