চৰকাৰৰ বিৰুদ্ধে কোৱাতোৱেই সকলোতকৈ সহজ


চৰকাৰৰ বিৰুদ্ধে কোৱাতোৱেই সকলোতকৈ সহজ কাম । চৰকাৰ খনৰ সকলো কামেই বেয়া বা ভাল হৈছে বুলি প্ৰত্যয় নিয়াবলৈও সহজ । বর্তমান টি.ভি. -ত চলি থকা টক্ শ্ব বোৰৰ পৰা এটা কথা স্পষ্ট হয় যে তেওেঁলাকে নিজৰ বুদ্ধিৰে সমাজ বা দেশবাসীলৈ কি বার্তা প্ৰেৰণ কৰিব বিচাৰিছে সেইটো পূর্বে নিদ্ধাৰণ কৰি লয় আৰু এংকৰ জনে সেইমতে অনুস্থানটো লৈ যোৱাৰ প্ৰচেষ্টা চলাই ৷ ক'ৰবাত বিজুতি হোৱাযেন অনুভৱ হ'লেই বাণিজি্যক বিৰতিৰ ব্যৱস্থা থাকে ৷ এইটো চতুর্থ স্তম্ভৰ কর্তব্যত পৰে নে নপৰে নেজানো ৷ এই তর্ক সমূহ উপভোগ কৰি থাকোতে পুৰণি কথা এটা মনত পৰিল বাবে কওঁ এইখিনিতে কোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ । এজনে ৰামায়ণৰ ওপৰত research কৰি আছিল । এদিন সান্ধ্য ভ্ৰমণকৰি অতি চিৰিয়াচ হৈ খতাপাতি খোজকাঢি় আহি থাকোতে এজন তৃতীয় ব্যক্তি তেওঁলোকৰ লগত একগোট হ'ল ৷ কথা পাতি থাকোতে প্ৰসংগ ক্ৰমে ৰামায়ণৰ ৰচক বাল্মীকিৰ বিষয়ত কথা ওলাল । তৃতীয় ব্যক্তি গৰাকীয়ে মাজতে সোমাই ৰামায়ণ ব্যসদেৱেহে লিখা বুলি অকাত্য যুক্তি ডাঙি ধৰাত লাগিল আৰু কোনো কাৰণতে research scholar জনৰ কথা শুনিবলৈ নিবিচাৰিলে ৷ শেষত research scholar জনে guide জনৰ মতামত বিচাৰিব লগা হ'ল । কাৰণ তেখেত ৰামায়নী সাহিত্যতে ডক্টৰেট ৷ Guide জনে কিন্তু অতি মৃদু ভাষাৰে তৃতীয় ব্যক্তিৰ পক্ষ লৈ ক'লে '' হয় , ৰামায়ণ ব্যাসদেৱৰ ৰচনা আছিল । '' তৃতীয় ব্যক্তিয়ে তৰ্কত জিকি বিজয়ৰ হাঁহি মাৰি তেওেঁলাকৰ পৰা বিদায় লৈ গ'লগৈ । তেতিয়া research scholar জনে Guide জনক বৰ দুখেৰে মিছাকৈ কিয় ক'লে সুধিলে । তেখেতে উত্তৰত ক'লে - "তেওঁ জিকিবলৈ বৰ ইচ্ছা কৰিছে বাবে হয়তো ভুল কথাটো establish কৰিবলৈ বিচাৰিছে । তেওঁ মোৰ জ্ঞানৰ বিষয়বস্তু সম্পৰ্কে জানিও মোক সুধিছিল বাবে তেনেকৈ ক'লো । তৰ্কত জিকা হৰা নহয় বুজিছা ৷ তেওঁৰ নিজৰ ভুলটো বুজি ঘৰত গৈ নিজেই লজ্জিত হ'ব ।" ডেল কাৰ্ণেগিৰ কিতাপ এখনত বহুত বছৰৰ আগত এনে ধৰণৰ কথা এটা পঢ়া মনত পৰিল । সর্বশ্ৰী নিতুমনি শইকীয়া, জাৰীৰ হুচেইন, অর্ণৱ গোস্বামী আদি যি যেনেকৈ এংকৰিং নকৰক লাগে, বাস্তৱ পৃথিবীখনত প্ৰকৃততে কি হৈ আছে সেইটো জনতাই উপলব্ধি কৰিবই ৷ ৰাইজৰ কল্যাণত কৰা কাম হোডিং নলগালেও ৰাইজৰ কাষ পাবহি যদি চৰকাৰে তাক ঠিকমতে প্ৰয়োগ কৰাত সক্ষম হয় ৷ কিন্তু অকল বৰ বৰ হোডিঁ লগাই, কাকত সমূহত ফুল পেইজ বিজ্ঞাপন দি চৰকাৰ জনতাৰ কাষ পাব নোৱাৰে ৷ তেনে কৰা মানে ৰামায়ন ব্যাসদেৱে লিখা একেই কথা ৷
চৰকাৰ খনৰ কামৰ ওপৰত বৰ্তমান অনেক Graphics , Video , তথ্য সম্বলিত whatsapp বিভিন্ন media matter হৈ প্ৰচাৰ হোৱা এইকেইদিনত পাইছো । এই কামবোৰ কৰাৰ বাবে অতি মেধা সম্পন্ন প্ৰফেশ্যনেল ব্যক্তি আছে যি জনসাধাৰণৰ মাজত প্ৰচাৰৰ বাবে মনোগ্ৰাহী কৰি কাম কৰিব পাৰে । বিগত নির্বাচন বোৰত তেওেঁলাকৰ চমক আমি দেখা পাইছিলোঁ ৷ এইবোৰ অতি মেধা সম্পন্ন আই. আই.এম -ৰ পৰা ওলোৱা প্ৰফেশ্যনেল ৷ কিন্তু তেওঁলোকে যাৰ হৈ কাম কৰিছে বা কৰিব সেইসকলৰ ব্যক্তিত্বপূর্ণ নেতা থাকিব লাগিব যি নিজৰ দেশখন চলাই নিবপৰা জ্ঞান-বুদ্ধি বা বিভিন্ন বিষয়ত ঔকাত্ যুক্ত হ'ব । তেওঁ ৰামায়ণৰ ৰচক ব্যস বুলি জানিলে নহ'ব । তেওঁ business house ৰ আয়াত আৰু ৰাজনৈতিক দলৰ অৰ্থৰ আয়াত সম্পৰ্কেও জানিব লাগিব । নহ'লে সকলো ফুটুকাৰ ফেন । আমি ৰাইজক দেশৰ, সমাজৰ বাবে ভাল কাম কোনে কৰিব পাৰিব তাৰ alternative ও লাগিব নহয়নে !! দেশে সুৰিক্ষত অনুভৱ কৰিব পাৰিবও লাগিব তেওেঁলাকৰ হাতত ৷
HIGHLIGHTS
- When asked about criticism of 'dynastic succession, Rahul did call it a "problem"
- Yet, he added that is the way "most of the country runs"
- 'Also Mr Ambani (is a dynast), that's what happens in India,"the Congress vice president added
NEW DELHI: Congress vice president RahulGandhi spoke about a range of issues in an address in the US on Tuesday, but what he said about 'dynastic succession', by invoking actor Abhishek Bachchan and industrialist Mukesh Ambani, was particularly noteworthy and brought to mind of a recent 'nepotism' controversy in the Hindi film industry.
চৰকাৰৰ কামকাজৰ ওপৰত নিৰপেক্ষ সমালোচনা কৰাটো চৰকাৰৰ প্ৰতি সদিচ্ছাৰ ভাব থকা সকলো নাগৰিকৰ কৰ্তব্য । সেই কথাবোৰ ধৈৰ্য আৰু সহনশীল সকলো দলীয় লোক আৰু নেতাই তেওঁলোকৰ প্ৰতি থকা ৰাইজৰ আস্থা আৰু বিশ্বাস বুলি লৈ পৰ্যালোচনা কৰিব লাগিব । বদনাম আৰু সমালোচনা পৃথক কৰি চাবলৈ শিকিব লাগিব । সেইটো বুজাবলৈকে whatsapp ত পোৱা ছবিখন ওপৰত দিলোঁ ।
Comments
Post a Comment